ETV Bharat / state

জীৱকূলৰ মাজত হাহাকাৰ: গছৰ ওপৰতে আশ্ৰয় নাহৰফুটুকীৰ - Assam Flood 2024

author img

By ETV Bharat Assamese Team

Published : Jul 4, 2024, 2:17 PM IST

Leopard menace : আজিও অপৰিৱৰ্তিত খোৱাঙৰ বান পৰিস্থিতি ৷ খোৱাঙৰ মইনাগাঁৱত বিগত কেবাদিন ধৰি জলবন্দী অৰ্ধশতাধিক পৰিয়াল ৷ আশ্ৰয়হীন আৰু খাদ্য সংকটত পৰিছে বনৰীয়া জীৱ-জন্তু ৷ পানীৰ মাজত এডাল গছৰ ওপৰতে আশ্ৰয় লৈছে এটা নাহৰফুটুকীয়ে ৷

Assam Flood 2024
গছৰ ওপৰতে আশ্ৰয় নাহৰফুটুকীৰ (ETV Bharat Assam)

মৰাণ, 4 জুলাই : ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰৰ অন্তৰ্গত খোৱাঙত আজিও অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি ৷ বুঢ়ীদিহিঙৰ দুটাকৈ ৰিংবান্ধ বাঢ়নী পানীয়ে উটুৱাই নিয়াৰ ফলত ন ন অঞ্চল প্লাবিত হৈছে ৷ ইফালে খোৱাং হালধিবাৰী মইনা গাঁৱত বিগত পাঁচটা দিনে জলবন্দী হৈ আছে প্ৰায় অৰ্দ্ধ শতাধিক পৰিয়াল ৷

গাঁওখনৰ প্ৰায়বোৰ বাসগৃহ এতিয়া পানীত ডুব যোৱাত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে ৷ বানাক্ৰান্তই ওখ ঠাই অথবা মথাউৰিত পশুধনৰ সৈতে একেলগে সহাৱস্থান কৰিবলগীয়া পৰিস্থিতি আহি পৰিছে ৷ উক্ত অঞ্চলত পানী ক্ৰমাৎ বাঢ়ি থকাৰ ফলত এক অৱৰ্ণনীয় পৰিস্থিতি সৃষ্টি হৈছে ৷

বন্যাৰ্তই উল্লেখ কৰা অনুসৰি, বানাক্ৰান্তৰ দুখ-দুৰ্দশাৰ খবৰ ল'বলৈ গাঁওখনত এতিয়ালৈকে উপস্থিত হোৱা নাই কোনো জনপ্ৰতিনিধি অথবা প্ৰশাসনৰ লোক ৷ ফলত বিশুদ্ধ খোৱাপানী, খাদ্য সামগ্ৰী, পশুখাদ্যৰ বাবেও হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে বন্যাৰ্তৰ মাজত ৷

আনহাতে বুঢ়ীদিহিঙৰ বাঢ়নী পানীৰ বাবে আশ্ৰয়হীন হৈ পৰিছে বনৰীয়া জীৱ-জন্তুবোৰ ৷ খাদ্যৰ সংকটত পৰি অধিক হিংস্ৰ হৈ পৰিছে বন্য জীৱ-জন্তুবোৰ । বাঢ়নী পানী বাবেই পানীৰ মাজত এডাল গছৰ ডালৰ ওপৰত আশ্ৰয় লৈছে এটা নাহৰফুটুকীয়ে । খোৱাঙৰ হালধিবাৰী মইনা গাঁৱত দেখা গৈছে এই দৃশ্য ।

এই পৰ্যন্ত বন বিভাগে কোনো গুৰুত্ব দিয়া নাই বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । ফলত শংকিত হৈ আছে অঞ্চলটোৰ বন্যাৰ্ত ৷ অঞ্চলটোৰ ৰাইজে জানিবলৈ দিয়া অনুসৰি, কেইবা ঠাইতো আৱদ্ধ হৈ আছে বনৰীয়া জীৱ-জন্তুবোৰ । আনকি এই বানত উটি গৈছে বহু জীৱ-জন্তু ।

লগতে পঢ়ক : বানত দিক-বিদিক হেৰুৱাই জনাঞ্চলত বনৰজা : বিহালীত বাঘে টানি নিলে এজনক, নগাঁৱত 163 ধাৰা জাৰি - Assam Flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.