ETV Bharat / state

জানাজা নিদিয়ে, ৰাজহুৱা কবৰস্থানতো ঠাই নিদিয়ে; ধিং-কাণ্ডৰ অভিযুক্তৰ ওপৰত গাঁওবাসীৰ কঠোৰ সিদ্ধান্ত - Dhing rape case

author img

By ETV Bharat Assamese Team

Published : Aug 24, 2024, 12:02 PM IST

Dhing Rape Accused Dies : সমগ্ৰ ৰাজ্য তথা দেশ জোকাৰি যোৱা ধিং-কাণ্ডত ইতিমধ্যে মৃত্যু হোৱা মূল অভিযুক্ত সন্দৰ্ভত গাঁওবাসীৰ কঠোৰ সিদ্ধান্ত । সমূহীয়া জানাজা আৰু ৰাজহুৱা কবৰস্থানৰ পৰা বঞ্চিত কৰা হৈছে তফজ্জুল ইছলামক । লগতে সমাজৰ পৰা পৰিয়ালটোক এঘৰীয়া কৰাৰ সিদ্ধান্ত ৰাইজৰ ।

Dhing Rape Accused Dies
ধিং-কাণ্ডৰ অভিযুক্তৰ ওপৰত গাঁওবাসীৰ কঠোৰ সিদ্ধান্ত (ETV Bharat Assam)

ধিং, ২৪ আগষ্ট : যোৱা ২২ আগষ্টত ধিঙত সংঘটিত নাবালিকা ধৰ্ষণ-কাণ্ডক লৈ সমগ্ৰ ৰাজ্য তোলপাৰ লাগি আছে । এই অমানৱীয় কাণ্ডই ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়তো শিৰোনাম দখল কৰিছে । বিভিন্ন পৰ্যায়ত ধৰ্ষণকাৰীৰ কঠোৰ শাস্তি তথা এনেধৰণৰ নাৰকীয় কাণ্ডৰ প্ৰতিবাদ জনাই থকাৰ সময়তে শুকুৰবাৰে গ্ৰেপ্তাৰ হয় এই কাণ্ডৰ মূল অভিযুক্ত তফজ্জুল ইছলাম । কিন্তু গ্ৰেপ্তাৰৰ পিচত আৰক্ষীয়ে তদন্তৰ বাবে অভিযুক্তক ঘটনাস্থলীলৈ নিয়া অৱস্থাত পলায়নৰ বাবে পুখুৰীত জাঁপ দিয়াত সলিল সমাধি ঘটে অভিযুক্ত তফজ্জুলৰ । তফজ্জুলৰ মৃত্যুৰ পিচতে এতিয়া তেওঁৰ গাঁৱৰ ৰাইজে গ্ৰহণ কৰিছে কেইবাটাও কঠোৰ সিদ্ধান্ত ।

শনিবাৰে পুৱা প্ৰায় ৬.৩০ বজাত সলিল সমাধি ঘটা তফজ্জুলৰ মৃতদেহ উদ্ধাৰৰ পিচতে অভিযুক্তৰ জন্মগাঁও ধিঙৰ বৰভেটিৰ ৰাইজে গ্ৰহণ কৰিছে এই সিদ্ধান্ত । অভিযুক্ত তফজ্জুল সন্দৰ্ভত গাঁওবাসীয়ে গ্ৰহণ কৰিছে তিনিটা ৰাজহুৱা প্ৰস্তাৱ । গাঁওবাসীৰ এই প্ৰস্তাৱ অনুসৰি, তফজ্জুলৰ জানাজাত অংশগ্ৰহণ নকৰে গাঁৱৰ ৰাইজে । ইয়াৰ উপৰি তফজ্জুলক গাঁৱৰ ৰাজহুৱা কবৰস্থানতো কবৰস্থ কৰিবলৈ নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গাঁওখনৰ ৰাইজে । আনহাতে, তৃতীয় প্ৰস্তাৱটোত এনে এগৰাকী নিকৃষ্ট মানসিকতাৰ অপৰাধীৰ পৰিয়ালটোক সমাজৰ পৰা এঘৰীয়া কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাইজে ।

এই সন্দৰ্ভত স্থানীয় এগৰাকী ব্যক্তিয়ে কয়, "আমি এইটো জানিব বিচাৰিছোঁ যে পৰহি ধিঙত যিটো ঘটনা ঘটি গ'ল তাৰ যিজন মূল অভিযুক্ত তফজ্জুল ইছলাম সি আমাৰ বৰভেটি গাঁৱৰ । আমি বৰভেটি গাঁওবাসী হিচাপে যথেষ্ট লজ্জাবোধ কৰিছোঁ । আজি পুৱা গম পাইছোঁ যে সেই ল'ৰাটোৰ পানীত পৰি মৃত্যু হৈছে । আজি পুৱা আমি বৰভেটি গাঁওবাসীয়ে সকলোৱে বহি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু প্ৰস্তাৱ লৈছোঁ যে সেই ল'ৰাজনক আমাৰ কবৰস্থানত জাগা নিদিওঁ । তাৰ জানাজা আমি নপঢ়োঁ । আৰু সেই পৰিয়ালটোক আমি সামাজিকভাৱে এঘৰীয়া কৰিছোঁ ।"

উল্লেখ্য যে শুকুৰবাৰে নিশা তফজ্জুলক সোধা-পোছাৰ অন্তত তদন্তৰ বাবে ঘটনা সংঘটিত স্থানলৈ লৈ গৈছিল আৰক্ষীয়ে । শনিবাৰে পুৱতি নিশা ৪ মান বজাত ঘটনাস্থলীলৈ আৰক্ষীয়ে লৈ যায় তফজ্জুলক । কিন্তু সেই সময়তে তফজ্জুলে হেণ্ডকাফ পৰিহিত অৱস্থাতে ওচৰতে থকা পুখুৰীত জঁপিয়াই পলাবলৈ চেষ্টা কৰে । কিন্তু দুয়ো হাত বন্ধা থকাৰ বাবে সাঁতুৰিব নোৱাৰি পানীত ডুব যায় তফজ্জুল । ইয়াৰ পিচত আৰক্ষীয়ে অভিযুক্ত তফজ্জুলক উদ্ধাৰৰ বাবে চেষ্টা কৰে যদিও বিফল হোৱাত এছ ডি আৰ এফ বাহিনীক খবৰ দিয়ে । ঘটনাস্থলীত এছ ডি আৰ এফৰ দল উপস্থিত হৈ প্ৰায় দুঘণ্টা ধৰি চলোৱা অভিযানৰ অন্তত তফজ্জুলৰ মৃতদেহ ৬.৩০ মান বজাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক :আৰক্ষীৰ হাতৰ পৰা পলাবলৈ পুখুৰীত জাঁপ; ধিং-কাণ্ডৰ মূল অভিযুক্তৰ সলিল সমাধি - Dhing rape case
লগতে পঢ়ক :ধিংকাণ্ড : দোষীক ফাঁচিৰ দাবী আলফা স্বাধীনৰ - Dhing rape case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.