ETV Bharat / state

জোনাইৰ নৱ-নিৰ্মিত আদৰ্শ চিকিৎসালয় নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ আছুৰ - Dhemaji AASU

author img

By ETV Bharat Assamese Team

Published : Jul 5, 2024, 7:51 PM IST

Jonai Model hospital : নৱ নিৰ্মিত আদৰ্শ চিকিৎসালয়ৰ বিভিন্ন অংশত বৃহৎ বৃহৎ ফাঁট মেলাৰ গুৰুতৰ অভিযোগ ৷ তদন্তৰ দাবী ধেমাজি জিলা ছাত্ৰ সন্থাৰ ৷

MODEL HOSPITAL IN JONAI
আদৰ্শ চিকিৎসালয় নিৰ্মাণত বিসংগতিৰ অভিযোগ (ETV BHARAT ASSAM)

জোনাই, 5 জুলাই : জোনাইৰ নৱ নিৰ্মিত আদৰ্শ চিকিৎসালয় পৰিদৰ্শন আছুৰ ৷ বৃহস্পতিবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ এটা সজাঁতি দলে পৰিদৰ্শন কৰে নৱ নিৰ্মিত চিকিৎসালয়খন ৷ পৰিদৰ্শনৰ সময়ত চিকিৎসালয়খনৰ নিৰ্মাণ কাৰ্যত ব্যাপক দুৰ্নীতি, অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰে ছাত্ৰ সংগঠনটোৰ ধেমাজি জিলা সমিতিয়ে ৷

জোনাইৰ নৱ নিৰ্মিত আদৰ্শ চিকিৎসালয় পৰিদৰ্শন ধেমাজি জিলা আছুৰ (ETV BHARAT ASSAM)

আছুৰ সজাঁতি দলটোৱে কয় যে, 2018 চনতে তেতিয়াৰ স্বাস্থ্য মন্ত্ৰী তথা এতিয়াৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰা এই চিকিৎসালয়ৰ নিৰ্মাণ কাৰ্যত ঠিকাদাৰে ব্যাপক দুৰ্নীতি, অনিয়ম সংঘটিত কৰিছে ৷ প্ৰায় 22 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা আদৰ্শ চিকিৎসালয়খনৰ বিভিন্ন অংশত বৃহৎ বৃহৎ আকাৰৰ ফাঁট মেলাৰ লগতে, ফাট মেলা বহু অংশৰ পৰা পানী নিগৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৰ নেতৃত্বই ৷ চিকিৎসালয়খনৰ নিৰ্মাণ কাৰ্যৰ নিবিদা লাভ কৰা ঠিকাদাৰ তথা নিৰ্মাণ কাৰ্যৰে জড়িত বিষয়া তথা অভিযন্তাৰ গোপন বুজাবুজিৰে নীতি বৰ্হিভূতভাৱে অতি নিম্নমানৰ নিৰ্মাণ কাৰ্য কৰাৰ বাবে এইধৰণৰ বিসংগতি হোৱা বুলি অভিযোগ কৰে তেওঁলোকে ৷ লগতে নৱ নিৰ্মিত আদৰ্শ চিকিৎসালয়খন মুকলি হোৱাৰ পূৰ্বেই ভয়ংকৰ অঘটনৰ আশংকা কৰিছে ছাত্ৰ সংগঠনটোৱে ৷

ইফালে দুৰ্নীতি আৰু অনিয়ম লুকুৱাই ৰাখিবলৈ বৃহৎ আকাৰৰ ফাঁট মেলা অংশবোৰত ঠিকাদাৰজনে টিনপাট অথবা চিমেণ্টেৰে কোনোমতে ঢাকি ৰখা বুলি অভিযোগ কৰে দলটোৱে ৷ লগতে এই দুৰ্নীতি আৰু অনিয়ম সংঘটিত কৰা ঠিকাদাৰজনৰ লগতে দুৰ্নীতিত জড়িত বিষয়া তথা অভিযন্তাৰ বিৰুদ্ধে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত কৰি দোষীক উচিত শাস্তি প্ৰদানৰ দাবী কৰিছে সংগঠনটোৱে ৷

লগতে পঢ়ক : বান সাহাৰ্যৰ নামত কেন্দ্ৰৰ প্ৰতাৰণা : পাঁচ বছৰত ক্ষতিপূৰণ হিচাপে বিচৰা ১০৭৮৫ কোটি টকাৰ বিপৰীতে কিমান পালে অসমে ? - Assam flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.