ETV Bharat / state

মূলদ্বাৰ বন্ধৰ পূৰ্বে মা কামাখ্যাৰ আশীষ ল'বলৈ নীলাচলত ভক্তৰ ভিৰ - AMBUBACHI MELA 2024

author img

By ETV Bharat Assamese Team

Published : Jun 21, 2024, 2:00 PM IST

Ambubachi Mela 2024 : অম্বুবাচী মেলালৈ মাজত মাথোঁ এদিন ৷ মন্দিৰৰ মূলদ্বাৰ বন্ধৰ পূৰ্বে মাৰ শ্ৰী চৰণত আশিস ল'বলৈ মন্দিৰত ভিৰ কৰিছেহি অগণন ভক্তই ।

AMBUBACHI MELA 2024
মূলদ্বাৰ বন্ধৰ পূৰ্বে মা কামাখ্যাৰ আশীষ ল'বলৈ নীলাচলত ভক্তৰ ভিৰ (ETV BHARAT ASSAM)

গুৱাহাটী, 21 জুন : উখল-মাখল নীলাচলৰ বুকু ৷ 22 জুনৰ পৰা কামাখ্যা ধামত আৰম্ভ হৈছে মহা অম্বুবাচী মেলা ৷ অম্বুবাচী মেলা উপলক্ষে নীলাচলৰ বুকুলৈ আগমন ঘটিছে সাধু-সন্তৰো ৷ দেশৰ 51 খন দেৱীপীঠৰ অন্যতম এই কামাখ্যা মন্দিৰ ৷ মহা অম্বুবাচীৰ মহাপৰ্বৰ বাবে সাজু ভক্ত, উদ্যোক্তা, প্ৰশাসন ।

22 জুনৰ পুৱা 8 বাজি 43 মিনিট 39 ছেকেণ্ডত হ’ব ঘটিব অম্বুবাচীৰ প্ৰবৃত্তি । অম্বুবাচী প্ৰবৃত্তিৰ পাচত অৰ্থাৎ 22 জুনৰ পৰা 26 জুনলৈ তিনিদিন বন্ধ থাকিব মন্দিৰ মূল দুৱাৰ । নিবৃত্তি ঘটিব 25 জুনৰ নিশা 8.56 মিনিটত ৷ 26 জুনৰ পুৱা দেৱীৰ নিত্য পূজাৰ পাচত ভক্তগণৰ বাবে পুনৰ খুলি দিয়া হ'ব মন্দিৰৰ মূল দুৱাৰ ।

মন্দিৰৰ মূলদ্বাৰ বন্ধৰ পূৰ্বে মাৰ শ্ৰী চৰণত আশিষ ল'বলৈ শুকুৰবাৰে মন্দিৰত ভিৰ কৰিছেহি অগণন ভক্তই । ৰাজ্যৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ পৰা আহিছে ভক্তসকল । আনকি অম্বুবাচী মেলা আৰম্ভ হোৱাৰ প্ৰায় এমাহ পূৰ্বৰে পৰা নীলাচলৰ বুকুলৈ আগমন ঘটে বহু সাধু-সন্তৰ । সাধুসকলৰ বিশ্বাস অনুসৰি 12 বছৰ এটা ঠাইত বহি সাধনা, জপ-তপ কৰাৰ ফলত যি সিদ্ধি লাভ হয়, সেই ফল এই সময়ত নীলাচলৰ বুকুলৈ আহিলে কম সময়ৰ ভিতৰতে লাভ হয় ।

অম্বুবাচী মেলা উপলক্ষে কামাখ্যা ধামলৈ আগমন ঘটা সাধুসকলক পঞ্চ দশনাম জূনা আখাৰাত থকাৰ ব্যৱস্থা কৰাৰ লগতে, অভয়ানন্দ, কৌটিৰলিংগ, ভুৱেনেশ্বৰী এই চাৰিটা স্থানত থকাৰ ব্যৱস্থা কৰা হৈছে । দেৱালয় কৰ্তৃপক্ষই ইতিমধ্যে স্থানীয় ৰাইজৰ লগত লগ হৈ এখন পৰিচালনা সমিতি গঠন কৰিছে ৷ ঠায়ে ঠায়ে খোৱাপানী, চি চি কেমেৰাৰ পৰা আৰম্ভ কৰি সকলো ব্যৱস্থা কৰা হৈছে ৷

দেৱালয় কৰ্তৃপক্ষই জনোৱা অনুসৰি, বিগত 2012 চনৰ পৰা প্ৰতি বছৰে অম্বুবাচীলৈ আগমন ঘটা ভক্তৰ সংখ্যা বৃদ্ধি পাই আহিছে ৷ যোৱাটো বর্ষত অম্বুবাচী মেলা উপলক্ষে কামাখ্যা ধামলৈ আগমন ঘটিছিল প্ৰায় 25 লাখ ভক্তৰ ৷ সেয়েহে এইবৰ্ষও পূৰ্বতকৈ ভক্তৰ সংখ্যা বাঢ়িব বুলি আশা প্ৰকাশ কৰিছে মন্দিৰ কৰ্তৃপক্ষই ৷

লগতে পঢ়ক: উখল-মাখল নীলাচলৰ বুকু: অম্বুবাচীৰ বাবে আৰম্ভ হৈছে ব্যাপক প্ৰস্তুতি - Ambubachi Mela 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.