ETV Bharat / state

নতুনক দলত স্থান দিয়াৰ ক্ষেত্ৰত তৃণমূলৰ অনুমতিৰ প্ৰয়োজন : গৌৰৱ গগৈ - GAURAV GOGOI - GAURAV GOGOI

MP Gaurav Gogoi : বিৰোধী উপ-দলপতি গৌৰৱ গগৈক মহানগৰী গুৱাহাটীৰ ৰাজীৱ ভৱনত বিপুল সম্বৰ্ধনা ৷ উপ-দলপতি হিচাপে নিৰ্বাচিত হোৱাৰ পিচত নতুন দিল্লীৰ পৰা আহি মঙলবাৰে অসমত উপস্থিত হয় গৌৰৱ গগৈ ৷

GAURAV GOGOI
গৌৰৱ গগৈক ৰাজীৱ ভৱনত বিপুল সম্বৰ্ধনা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 16, 2024, 9:46 PM IST

গুৱাহাটী, 16 জুলাই: দ্বিতীয়বাৰৰ বাবে অসমৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হোৱা গৌৰৱ গগৈ এতিয়া বিৰোধীৰ উপ-দলপতি ৷ উপ-দলপতি হিচাপে নিৰ্বাচিত হোৱাৰ পিচত নতুন দিল্লীৰ পৰা আহি মঙলবাৰে অসমত উপস্থিত হয় গৌৰৱ গগৈ ৷ বৰঝাৰ বিমানবন্দৰত দলীয় নেতা-কৰ্মীয়ে আবতৰীয়া বিহুৰে উষ্ম আদৰণি জনালে সাংসদগৰাকীক ৷

কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বক ধন্যবাদ গৌৰৱৰ (ETV Bharat Assam)

বিমানবন্দৰত উপস্থিত হৈয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰ আৰু সৰ্বানন্দ সোণোৱালৰ বিফলতাক তীব্ৰ সমালোচনা কৰি নাগৰিকত্ব সংশোধনী আইন, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী, আধাৰকাৰ্ড আদিৰ সন্দৰ্ভত মন্তব্য কৰে গৌৰৱ গগৈয়ে ৷ বিমানবন্দৰৰ পৰা দলীয় নেতৃত্বই সাংসদগৰাকীক গুৱাহাটী বিশ্ববিদ্যালয়লৈ দলে-বলে আদৰি নিয়ে ৷ বিশ্ববিদ্যালয়ৰ কাৰ্যসূচীৰ অন্তত মহানগৰীৰ এ বি চিস্থিত ৰাজীৱ ভৱনত উপস্থিত হয় গৌৰৱ গগৈ ৷

লগতে পঢ়ক: লোকসভাৰ বিৰোধী উপ-দলপতিৰ দায়িত্ব সাংসদ গৌৰৱ গগৈক - MP Gaurav Gogoi

"এতিয়া কংগ্ৰেছৰ উত্থানৰ আৰম্ভণি হৈছে আৰু বিজেপিৰ পতন আৰম্ভ হৈছে ৷ এনে পৰিস্থিতিত ৰাজনীতিৰ বতৰ বিজ্ঞানীসকল ৰাজীৱ ভৱনৰ আগে-পিছে আছে"- ৰাজীৱ ভৱনত উপস্থিত হৈ দলীয় সম্বৰ্ধনা গ্ৰহণ কৰি এই মন্তব্য কৰে যোৰহাটৰ সাংসদ তথা লোকসভাৰ নৱনিযুক্ত উপ-দলপতি গৌৰৱ গগৈয়ে ৷

লোকসভাৰ উপ-দলপতি হিচাপে পুনৰবাৰ নিযুক্তি লাভ কৰাৰ পাচত মঙলবাৰে সাংসদ গৌৰৱ গগৈক গুৱাহাটীৰ ৰাজীৱ ভৱনত বিপুল সম্বৰ্ধনা জনোৱা হয় ৷ প্ৰদেশ কংগ্ৰেছৰ লগতে মহিলা কংগ্ৰেছ আৰু যুৱ কংগ্ৰেছকে ধৰি আন ভাতৃ-ভগ্নী সংগঠনসমূহে গৌৰৱ গগৈক সম্বৰ্ধনা জনায় ৷ সম্বৰ্ধনা গ্ৰহণ কৰি দিয়া ভাষণত সাংসদগৰাকীয়ে যোৰহাটবাসী ৰাইজৰ লগতে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বক ধন্যবাদ জনায় ৷

ৰাহুল গান্ধীৰ দৰে বিচক্ষণ নেতাৰ সৈতে কাম কৰাৰ বাবে গৌৰৱ অনুভৱ কৰা বুলি সদৰী কৰি সাংসদগৰাকীয়ে কয় যে, ৰাহুল গান্ধীৰ নেতৃত্বত বিজেপিৰ অন্যায়ৰ হকে সিংহৰ দৰে সদায়ে গৰজি উঠিব ৷ ৰাহুল গান্ধী আমাৰ নেতা বুলি উল্লেখ কৰি সাংসদ গৌৰৱ গগৈয়ে পিতৃৰ কথা স্মৰণ কৰি পিতৃ তৰুণ গগৈয়ে ৰাহুল গান্ধী এদিন প্ৰধানমন্ত্ৰী হ'ব বুলি কৈছিল বুলি উল্লেখ কৰে ৷ যি কথা আজি প্ৰমাণিত হোৱাৰ দিশে ৷

লগতে পঢ়ক: ছোনিয়া গান্ধীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন গৌৰৱ গগৈৰ - Gaurav Gogoi

ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছ দল নিজৰ নীতিগত আদৰ্শৰে আজিও কংগ্ৰেছ দল হৈ আছে বুলি উল্লেখ কৰি গৌৰৱ গগৈয়ে কয় যে, বিজেপিয়ে বহু চেষ্টা কৰিও ৰাহুল গান্ধীক আগুৱাই যোৱাৰ পৰা বাধা দিব নোৱাৰিলে ৷ কংগ্ৰেছৰ এই উত্থান আৰু বিজেপিৰ পতনৰ সময়ত বহু নেতাই কংগ্ৰেছলৈ অহাৰ বাবে ৰাজীৱ ভৱনৰ আশে-পাশে থকাৰ কথা উল্লেখ কৰি সাংসদগৰাকীয়ে প্ৰদেশ কংগ্ৰেছে নেতৃত্বক পূৰ্বৰ ভুলৰ পুনাৰাবৃত্তি নকৰাৰ বাবে আহ্বান জনায় ৷

সাংসদগৰাকীয়ে দলৰ তৃণমূলৰ অনুমতি সাপেক্ষেহে নতুন কাৰোবাক দলত স্থান দিয়াৰ বাবে অনুৰোধ জনায় ৷ দলৰ নিষ্ঠাবান কৰ্মীৰ ত্যাগক পাহৰিব নালাগে, যি কৰ্মীয়ে বিজেপিৰ শাসনত বহু অত্যাচাৰৰ সন্মুখীন হৈ দলটোৰ হকে ত্যাগ স্বীকাৰ কৰি আহিছে ৷ দলীয় টিকটৰ ক্ষেত্ৰত যি দৰে তৃণমূলৰ ৰায় লোৱা হৈছিল, ঠিক সেইদৰে নতুনক দলত স্থান দিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ ৰায় লোৱাটো দৰকাৰ বুলি সাংসদ গগৈয়ে উল্লেখ কৰে ৷ সাংসদগৰাকীয়ে লগতে কয় যে, মণ্ডল কংগ্ৰেছ, জিলা কংগ্ৰেছ আৰু ব্লক কংগ্ৰেছৰ ৰায় তেওঁৰ বাবে গুৰুত্বপূৰ্ণ ৷

সম্বৰ্ধনা অনুষ্ঠানত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসমৰ দায়িত্বত থকা জিতেন্দ্ৰ সিঙে গৌৰৱ গগৈক বিৰোধী উপ দলপতি হিচাপে নিযুক্তি দিয়া বাবে দলৰ শীৰ্ষ নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰে ৷ দলে অসম তথা উত্তৰ-পূৰ্বাঞ্চলক সন্মান প্ৰদান কৰিছে ৷ গৌৰৱ গগৈয়ে যুৱশক্তিৰ বলিষ্ঠ কণ্ঠ হিচাপে কাম কৰি আহিছে বুলি উল্লেখ কৰি সিঙে কয় যে, গৌৰৱ গগৈয়ে সদায়ে দেশবাসীৰ বিভিন্ন সমস্যাৰ বিষয়ে সাহসিকতাৰে মাত মাতি আহিছে ৷ বিজেপিৰ ভয়ত বহুতৰ মুখ বন্ধ হৈ যোৱাৰ বিপৰীতে গৌৰৱ গগৈয়ে সাহসিকতাৰে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰে মোকাবিলা কৰি আহিছে ৷ সেয়া কম ডাঙৰ কথা নহয় বুলি সিঙে কয় ৷

আনহাতে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই দলৰ শীৰ্ষ নেতৃত্বক ধন্যবাদ জনাই কয় যে, অসম তথা উত্তৰ-পূৰ্বাঞ্চলক গুৰুত্ব দিয়াৰ ক্ষেত্ৰত গৌৰৱ গগৈক বিৰোধী উপ দলপতি দিয়াটো এটা ডাঙৰ বাৰ্তা ৷ মঙলবাৰৰ এই অনুষ্ঠানত বিৰোধী দলপতি দেবব্ৰত শইকীয়া, সাংসদ ৰকিবুল হুছেইনকে ধৰি কেইবাগৰাকীও বিধায়ক আৰু প্ৰদেশ কংগ্ৰেছৰ কেইবাজনো নেতা উপস্থিত আছিল ৷

লগতে পঢ়ক: সংসদত প্ৰতিজন সাংসদে শালীনতা আৰু পাৰস্পৰিক সন্মান বজাই ৰখাটো প্ৰয়োজন: গৌৰৱ গগৈ - Politics of Parliament

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.