ETV Bharat / state

একেদিনাই ৮ গৰাকীকৈ লোকে প্ৰাণ হেৰুৱালে বানত, কিমানদিনলৈ চলিব এই বিভীষিকা ! - ASSAM FLOOD 2024

author img

By ETV Bharat Assamese Team

Published : Jul 4, 2024, 9:20 AM IST

Daily Flood Report Of Assam : চলিত বছৰৰ বানৰ কালৰূপ ধাৰণ ৷ ঘৰ-বাৰী, মাটি-ভেটি বলিয়া বানৰ বুকুত বিলীন হোৱাৰ উপৰিও বুধবাৰৰ দিনটোত বানতে প্ৰাণ হেৰুৱালে ৮ গৰাকীকৈ লোকে ৷ যাৰ ফলত চলিত বছৰৰ বানত মৃত্যু ‌হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে ৪৬ গৰাকীলৈ ৷ লৈ আহিছে বান পৰিস্থিতিৰ বিতং খবৰ...

ASSAM FLOOD 2024
অসমৰ বান পৰিস্থিতিৰ অৱনতি (ETV Bharat Assam)

গুৱাহাটী, 4 জুলাই: ৰাজ্যত এতিয়া চৌদিশে বানৰ কালৰূপ ৷ ঠায়ে ঠায়ে বাঢ়নী পানীয়ে সাধাৰণ লোকৰ লগতে পশুধনসমূহ উটুৱাই লৈ যোৱাৰ ফলত প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে মৃতকৰ সংখ্যা ৷

বান নহয় যেন নামি আহিছে কাল (ETV Bharat Assam)

বুধবাৰৰ দিনটোত বানত পৰি মৰিগাঁও, দৰং, গোলাঘাট, বিশ্বনাথ, তিনিচুকীয়া আৰু ডিব্ৰুগড়ত এজনকৈ আৰু শোণিতপুৰত দুজনসহ মুঠ ৮ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে ৷ যাৰ ফলত চলিত বছৰৰ বানত মৃত্যু ‌হোৱা লোকৰ সংখ্যা ৪৬ গৰাকীলৈ বৃদ্ধি পাইছে ৷ আনহাতে, শোণিতপুৰ, শিৱসাগৰ আৰু গোলাঘাটত এজনকৈ মুঠ তিনিজন লোক এতিয়াও হৈ আছে সন্ধানহীন ৷

মাজুলী আৰু কাজিৰঙাত হাহাকাৰ পৰিস্থিতি:

পূৰ্বৰ কেইবাবছৰৰো বানৰ তুলনাত এইবেলি বানে অধিক কালৰূপ ধাৰণ কৰিছে ৷ আহাৰমহীয়া বিধ্বংসী এই বানে সত্ৰনগৰী মাজুলীত সৃষ্টি কৰিছে হাহাকাৰ পৰিস্থিতি । বানৰ কবলত পৰা কাজিৰঙা আৰু পবিতৰাৰ বনাঞ্চলৰ পৰা গৈ জনাঞ্চলত বিচৰণ কৰিছে বন্য জীৱ-জন্তুৱে ।

লগতে পঢ়ক: বান সমস্যাৰ সমাধান আছেনে ? বান সমস্যাৰ মূল কাৰণসমূহ কি কি ? - Assam Flood 2024

ভৰ বাৰিষাৰ বানে উজনিৰপৰা নামনিলৈকে বিস্তীর্ণ অঞ্চল বুৰাই পেলোৱাৰ ফলত অবর্ণনীয় পৰিস্থিতিৰ মাজত দিন কটাবলগীয়া হৈছে বন্যার্তই । বানাক্ৰান্তক উদ্ধাৰৰ বাবে বিভিন্ন স্থানত এন ডি আৰ এফ আৰু এছ ডি আৰ এফে অব্যাহত ৰাখিছে অভিযান । কোনো কোনো অঞ্চলত খাদ্য, খোৱাপানী আৰু ঔষধ যোগানৰ বাবে বন্যার্তই সংশ্লিষ্ট প্ৰশাসনক কাতৰ আহ্বান জনাবলগীয়া হৈছে । মথাউৰিত আশ্ৰয় লৈ থকা বহু বানাক্ৰান্তই অনাহাৰ, অৰ্ধাহাৰ আৰু অনিদ্ৰাত সময় অতিবাহিত কৰিবলগীয়া হৈছে ।

গুৱাহাটীৰ পাৰ্শ্বৱর্তী চন্দ্ৰপুৰ, পানীখাইতী আদি অঞ্চলত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে কেইবাখনো গাঁও । ঘাইপথৰ ওপৰৰেও বহু এলেকাত বাগৰিছে পানী ৷ চন্দ্ৰপুৰ-সোণাপুৰ সংযোগী মথাউৰিলৈ চলিত বছৰৰ বানে কঢ়িয়াই আনিছে ভাবুকি । আনহাতে, ভৰলুমুখৰ শ্লুইচগেটৰ বিন্ধাৰে ব্ৰহ্মপুত্ৰৰ পানী সোমোৱাৰ ফলত ভৰলু, শান্তিপুৰ, পাণ্ডু আদি অঞ্চল জলমগ্ন হৈ পৰে ।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য:

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি, সম্প্ৰতি ২৯ খন জিলাৰ ১০৫ টা ৰাজহ চক্ৰৰ অধীনত ২,৮০০ খন গাঁও বানত বুৰ গৈ আছে । বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে ১৬ লাখ ২৫ হেজাৰ ৮৯ গৰাকী লোক । আনহাতে, ৩৯,৪৫১ হেক্টৰ কৃষিভূমি বানত ডুব গৈ আছে ৷

লগতে পঢ়ক: প্ৰলয়ৰে সহাৱস্থান ৰাজ্যৰ লাখ লাখ জনতাৰ : প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ ভিন্ন স্থানত - Assam Flood 2024

বানৰ ফলত বুধবাৰে পুনৰ ৮ গৰাকী লোকৰ মৃত্যু ঘটে । ইয়াকে লৈ চলিত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৬ গৰাকীলৈ বৃদ্ধি পায় । সম্প্ৰতি ৰাজ্যৰ ১৮১ টা আশ্ৰয় শিবিৰত ২৫,৭৪৪ গৰাকী আৰু ৩৩৪ টা সাহায্য কেন্দ্ৰত ৩,৬১,২০৬ গৰাকী বন্যার্তই আশ্ৰয় গ্ৰহণ কৰি আছে । অর্থাৎ আশ্ৰয় আৰু সাহায্য কেন্দ্ৰত মুঠ ৩.৮৭ লাখ বন্যার্তই আশ্ৰয় লৈ আছে ।

কেন্দ্ৰীয় জল আয়োগৰ তথ্য : কেন্দ্ৰীয় জল আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি, বুধবাৰৰ দিনটোত ৰাজ্যৰ কেইবাখনো নৈ-উপনৈ বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ খবৰ পোৱা গৈছে ৷

মৰিগাঁৱৰ ধৰমতুলত কপিলী নৈ ৫৬.৩২ মিটাৰ ওপৰেৰে বৈ আছে, যিটো বিপদসীমাৰ(৫৬ মিটাৰ) ০.৩২ মিটাৰ ওপৰত ৷ নগাঁৱৰ কামপুৰতো কপিলী নৈ ৬১.৯১ মিটাৰত বৈ আছে অর্থাৎ এয়া হৈছে বিপদসীমাৰ(৬০.৫ মিটাৰ) ১.৪১ মিটাৰ ওপৰত ৷ সেইদৰে শিৱসাগৰ জিলাৰ নঙলামূৰাঘাটত দিচাং নৈ বিপদসীমাৰ(৯৪.৪৬ মিটাৰ) ১.৪৯ মিটাৰ ওপৰেৰে বৈ আছে ৷ গোলাঘাটৰ নুমলীগড়ত ধনশিৰি নৈ ৭৮.৮৫ মিটাৰত বৈ আছে, যিটো বিপদসীমাতকৈ(৭৮.৪২ ) ০.৪৩ মিটাৰ ওপৰত ৷ এই আটাইকেইখন নৈৰ জলস্তৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখা গৈছে ৷

লগতে পঢ়ক: ভয়ংকৰ ভূমিস্খলন : কেমেৰাৰ সমুখতে কেইবাশ ফুট তললৈ বাগৰি পৰিল মালবাহী ট্ৰাক - Disaster In Nagaland

আনহাতে, শিৱসাগৰত দিখৌ নৈ বিপদসীমাৰ(৯২.৪ মিটাৰ) ১.৭৩ মিটাৰ ওপৰেৰে অৰ্থাৎ ৯৪.১৩ মিটাৰ ওপৰৰে বৈ আছে যদিও জলস্তৰ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে ৷ কৰিমগঞ্জত কুশিয়াৰা নৈ ১৬.১৩ মিটাৰ উচ্চতাত বৈ আছে, যিটো বিপদসীমাতকৈ(১৪.৯৪ মিটাৰ) ১.১৯ মিটাৰ ওপৰত ৷ একেদৰে তিনিচুকীয়াৰ মাৰ্ঘেৰিটাত বুঢ়ীদিহিং বিপদসীমাতকৈ(১৩৪.42 মিটাৰ) ১.১৩ মিটাৰ ওপৰেৰে বৈ আছে যদিও জলস্তৰ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে ৷

কৰিমগঞ্জৰ বৰপুৰঘাটত আৰু কাছাৰৰ অন্নপূর্ণাঘাটত বৰাক নৈ ক্ৰমে বিপদসীমাৰ ০.৮৭ মিটাৰ আৰু ০.৫৪ মিটাৰ ওপৰেৰে বৈ আছে আৰু দুয়োটা স্থানতে বৰাকৰ জলস্তৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷ হাইলাকান্দিৰ মাটিজুলিত কাটাখাল নৈ আৰু ঘৰমুৰাত ধলেশ্বৰী নৈ ক্ৰমে বিপদসীমাৰ ২.১৪ মিটাৰ আৰু ৪.৩৮ মিটাৰ ওপৰেৰে বৈ আছে ৷

আনহাতে, ব্ৰহ্মপুত্ৰ নৈ ক্ৰমে ধুবুৰীত বিপদসীমাৰ ১.০৯ মিটাৰ, গোৱালপাৰাত ০.৪৫ মিটাৰ, যোৰহাটৰ নিমাতীঘাটত ০.৩৪ মিটাৰ, গুৱাহাটীৰ ডি চি ক'ৰ্টত ১.১৩ মিটাৰ আৰু তেজপুৰত বিপদসীমাৰ ০.৮৩ মিটাৰ ওপৰেৰে বৈ আছে ৷ ধুবুৰী, গোৱালপাৰা আৰু গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ প্ৰৱণতা দেখা গৈছে যদিও তেজপুৰ আৰু যোৰহাটত জলস্তৰ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে ৷

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য:

মৌচুমী বায়ুৰ প্ৰভাৱত পৰৱৰ্তী চাৰি-পাঁচদিনলৈ ৰাজ্যৰ প্ৰায়বোৰ অঞ্চলতে মধ্যমীয়া বৰষুণ অব্যাহত থকাৰ লগতে কোনো কোনো অঞ্চলত মুষলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা থকা বুলি গুৱাহাটীৰ বৰঝাৰস্থিত কেন্দ্ৰীয় আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে ৷

বিগত ২৪ ঘণ্টাত ৰাজ্যৰ বিভিন্ন চহৰত হোৱা বৰষুণৰ পৰিমাণ আছিল এনেধৰণৰ- ধুবুৰীত ৪ মিলিমিটাৰ, দুধনৈত ৩৪.৫ মিলিমিটাৰ, গোৱালপাৰাত ৩ মিলিমিটাৰ, যোৰহাটত ৫ মিলিমিটাৰ, মঙলদৈত ৪ মিলিমিটাৰ, মাজবাটত ২ মিলিমিটাৰ, শিলচৰত ৩৩ মিলিমিটাৰ আৰু তেজপুৰত ৩ মিলিমিটাৰ ৷

লগতে পঢ়ক: বানত দিক বিদিক হেৰুৱাই জনাঞ্চলত বনৰজাস : বিহালীত বাঘে টানি নিলে এজনক, নগাঁৱত 163 ধাৰা জাৰি - Assam Flood 2024

তেজপুৰৰ কলিবাৰীত বান পৰিস্থিতি পৰিদৰ্শন ভূপেন বৰাৰ, ক্ষতিগ্ৰস্তক ৰাজসাহাৰ্য দিয়াৰ দাবী - Assam Flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.