ETV Bharat / state

নিজৰে বৌৱেকৰ সৈতে পৰকীয়া প্ৰেম: পত্নীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ - crime against daughter in law - CRIME AGAINST DAUGHTER IN LAW

Woman mysterious death in Lakhimpur : লখিমপুৰৰ নাওবৈচাত এগৰাকী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । জিলাৰ শীর্ষ আৰক্ষী বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে মৃত মহিলা গৰাকীৰ স্বামী আৰু শহুৰক আটক কৰিছে ।

crime against daughter in law
এগৰাকী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jun 15, 2024, 12:20 PM IST

লখিমপুৰ, 15 জুন : লখিমপুৰৰ নাওবৈচাত এগৰাকী বোৱাৰীৰ মৃত্যুক লৈ তীব্ৰ উত্তেজনা । স্বামী গৃহৰ চৌহদতে জ্বলিল মৃতদেহ । স্থানীয় লোকে মহিলাগৰাকীৰ স্বামী গৃহৰ চৌহদতে মৃতদেহটো সৎকাৰ কৰে । ঘটনাটোৰ সূত্ৰপাত ঘটে বৃহস্পতিবাৰৰ নিশা ।

স্থানীয় লোকৰ ভাষ্য (ETV Bharat Assam)

নাওবৈচা চিকিৎসালয়ৰ সমীপৰে পাপু হাজৰিকা নামৰ যুৱকজনৰ পত্নী গীতাশ্ৰী দত্তৰ নিশা ঘৰৰ ভিতৰতে আকস্মিক মৃত্যু হয় । তেওঁলোকে গীতাশ্ৰীক নাওবৈচা চিকিৎসালয়লৈ লৈ যায় । চিকিৎসালয় কৰ্তৃপক্ষই গীতাশ্ৰী মৃত বুলি ঘোষণা কৰে ৷ কিন্তু এই ঘটনাক গীতাশ্ৰীৰ পৰিয়ালৰ লোকে হত্যাকাণ্ড বুলি অভিহিত কৰিছে । নিজ পত্নীক হত্যা কৰি চিকিৎসালয়ত এৰি থৈ অহা বুলি পৰিয়ালৰ লোকে অভিযোগ তুলিছে ।

লগতে পঢ়ক : ৰহস্যজনক অৱস্থাত উদ্ধাৰ বোৱাৰীৰ মৃতদেহ; অভিযোগৰ আঙুলি স্বামীগৃহলৈ - woman mysterious death in Dhemaji

উল্লেখ্য যে, চাৰি বছৰৰ পূৰ্বে লখিমপুৰৰ লেছাই গাঁৱৰ গীতাশ্ৰী দত্ত নামৰ যুৱতীগৰাকীক বিয়া কৰাইছিল পাপু হাজৰিকাই । বৃহস্পতিবাৰে সন্ধিয়া ৮ মান বজাত এই অঘটনটো ঘটে । ঘটনাৰ পাচতে নিশা নাওবৈচা চিকিৎসালয়ত তীব্ৰ উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় । পৰৱৰ্তী সময়ত লখিমপুৰ আৰু নাওবৈচাৰ আৰক্ষী বাহিনী নাওবৈচা চিকিৎসালয়ত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।

জিলাৰ শীর্ষ আৰক্ষী বিষয়া, নাওবৈচা ৰাজহ চক্ৰ বিষয়া চিকিৎসালয়ত উপস্থিত হৈ মৃতদেহ পৰীক্ষা কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । পৰিয়ালৰ লোকৰ অভিযোগ দীৰ্ঘদিন ধৰি স্বামী পাপু হাজৰিকাই গীতাশ্ৰীক মানসিক আৰু শাৰিৰীকভাৱে অত্যাচাৰ চলাই আহিছিল আৰু শেষ পৰিণতি হিচাপে তাইক হত্যা কৰি চিকিৎসালয়ত এৰি থৈ আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰে ।

লগতে পঢ়ক : এইবাৰ নগাঁৱৰ অংকিতা; আৰু কিমান মহিলাই সহিব স্বামী-পৰিয়ালৰ অমানুষিক নিৰ্যাতন ? - Domestic violence in Nagaon

শুকুৰবাৰে মৰণোত্তৰ পৰীক্ষাৰ পাচত মৃতদেহ স্বামীগৃহলৈ নিয়াৰ সময়ত পুনৰ উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় । স্থানীয় লোক, পৰিয়ালৰ লোকে একগোট হৈ উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰে । জিলাৰ শীর্ষ আৰক্ষী বিষয়াসকলে অৱশেষত পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । গীতাশ্ৰীৰ মৃতদেহটো স্বামী গৃহৰ চৌহদতে সৎকাৰ কৰা হয় ।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে পাপু হাজৰিকাক নিশাই আটক কৰে । পাপু হাজৰিকাৰ লগতে তেওঁৰ পিতৃকো আটক কৰি আৰক্ষীয়ে সোধ-পোছা কৰি আছে । পৰৱৰ্তী সময়ত এই ঘটনাৰ তদন্ত আৰক্ষীয়ে কেনেদৰে আগুৱাই নিয়ে সেইয়া সকলোৱে আগ্ৰহেৰে লক্ষ্য কৰি আছে ।

লগতে পঢ়ক : বোৱাৰী হত্যাৰ অৱসান কেতিয়া ? - crime against daughter in law

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.