ETV Bharat / state

এসময়ৰ নিচাসক্ত যুৱকে নিজৰ প্ৰচেষ্টাৰে মুকলি কৰিলে নিচামুক্তি কেন্দ্ৰ - De Addiction Centre In Nalbari

Rehabilitation Centre In Nalbari: নলবাৰীত এসময়ৰ নিচাসক্ত যুৱকে নিজৰ প্ৰচেষ্টাৰে মুকলি কৰিলে নিচামুক্তি কেন্দ্ৰ । ৩০ গৰাকী নিচাসক্ত লোকক চিকিৎসা কৰাৰ প্ৰয়াসেৰে মুকলি কেন্দ্ৰটি ।

De Addiction and Rehabilitation
এসময়ৰ নিচাসক্ত যুৱকে নিজৰ প্ৰচেষ্টাৰে মুকলি কৰিলে নিচামুক্তি কেন্দ্ৰ
author img

By ETV Bharat Assamese Team

Published : Feb 29, 2024, 3:47 PM IST

নলবাৰীত মুকলি নিচামুক্তি কেন্দ্ৰ

নলবাৰী, 29 ফেব্ৰুৱাৰী : নলবাৰীত আজি নতুনকৈ মুকলি হ’ল এটা নিচামুক্তি কেন্দ্ৰ ৷ নলবাৰীৰ মিলনপুৰত নিচাসক্ত লোকক সুস্থ কৰি তোলাৰ প্ৰয়াসেৰে গঢ়ি তোলা হৈছে এই নিচামুক্তি কেন্দ্ৰটো ৷ এসময়ত নিচাজাতীয় দ্ৰব্য সেৱন কৰা যুৱকে আজি নিজেই নলবাৰীত মুকলি কৰিলে এই নিচামুক্তি কেন্দ্ৰ ৷ যুৱকজনৰ এই পদক্ষেপক এতিয়া শলাগ লৈছে সকলোৱে ৷

ত্ৰিশজন নিচাসক্ত ব্যক্তিক চিকিৎসা কৰিব পৰা ব্যৱস্থাৰে মুকলি কৰা হৈছে কেন্দ্ৰটি ৷ জয়ন্ত বৰুৱা নামৰ এজন যুৱকৰ বিশেষ উদ্যোগত নলবাৰী গণেশ মন্দিৰৰ সমীপৰ মিলনপুৰত মুকলি কৰা হৈছে এই নিচা মুক্তি কেন্দ্ৰটো ৷ উল্লেখযোগ্য যে উদ্যোক্তা জয়ন্ত বৰুৱা নামৰ যুৱকজনে জানিবলৈ দিয়ে যে, এসময়ত 6 বছৰ ধৰি নিচাযুক্ত দ্ৰব্যৰ কবলত আছিল তেওঁ ৷ কেৱল ইমানেই নহয়, নিচা জাতীয় দ্ৰব্যৰ কবলৰ পৰা মুক্তি পাবলৈ নিজেই এসময়ত নিচামুক্তি কেন্দ্ৰত থাকি আহিছিল বুলিও জানিবলৈ দিয়ে তেওঁ ৷

ইফালে বৰ্তমান সময়ত একাংশ যুৱক-যুৱতীক নিচাজাতীয় সামগ্ৰীয়ে গ্ৰাস কৰাৰ বিষয়টোক লৈ উদ্বেগ প্ৰকাশ কৰে জয়ন্ত বৰুৱাই ৷ লগতে কেন্দ্ৰটোত আগলৈ আৰু অধিক নিচাসক্ত লোকক চিকিৎসা কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও জানিবলৈ দিয়ে তেওঁ ৷ উল্লেখযোগ্য যে জয়ন্ত বৰুৱা নামৰ যুৱকজনে তেওঁৰ আন দুই বন্ধুৰে মিলি নলবাৰীত এই কেন্দ্ৰটি স্থাপন কৰিছে বুলি জানিবলৈ দিয়ে ৷ নলবাৰীৰ উপৰিও ইয়াৰ দাঁতিকাষৰীয়া হাজোৰ চেচামুখতো আছে জয়ন্ত বৰুৱাৰ আন এটা নিচামুক্তি কেন্দ্ৰ ৷ আজিৰ এই কেন্দ্ৰটি মুকলি কৰি উদ্যমী যুৱক জয়ন্ত বৰুৱাই যুৱচামক নিচাযুক্ত সামগ্ৰীৰ পৰা আতৰত থাকিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক : গৃহৰক্ষী জোৱান ৰাতুল গগৈৰ মৃত্যুক কেন্দ্ৰ কৰি দুলীয়াজান আৰক্ষী থানাৰ সন্মুখত উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.