ETV Bharat / state

জিলা আয়ুক্তৰ সন্মিলন: চৰকাৰী আঁচনিৰ সুবিধা প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰাত গুৰুত্ব মুখ্যমন্ত্রীৰ - Assam Government

author img

By ETV Bharat Assamese Team

Published : Jul 30, 2024, 10:02 PM IST

DC Conference: ৰ‍াজ্যৰ প্ৰশাসন ব্যৱস্থাৰ সংস্কাৰ সাধনৰ বাবে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই প্ৰতি ছমাহৰ অন্তৰে অন্তৰে অনুষ্ঠিত কৰি আহিছে জিলা আয়ুক্তৰ সন্মিলন । সেইদৰে আৰক্ষী প্ৰশাসনৰ বাবেও আৰক্ষী অধীক্ষকসকলৰ সন্মিলন অনুষ্ঠিত কৰি আহিছে । সোমবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে দিছপুৰত জিলা আয়ুক্তৰ সন্মিলন অনুষ্ঠিত কৰাৰ পাচত মঙলবাৰে পুনৰ পুৱাৰ আৰম্ভ হয় সন্মিলন ।

DC Conference held in Dispur with a two day programme
জিলা আয়ুক্তৰ সন্মিলন (ETV Bharat Assam)

গুৱাহাটী,৩০ জুলাই: ৰ‍াজ্যৰ প্ৰশাসন ব্যৱস্থাৰ সংস্কাৰ সাধনৰ উদ্দেশ্যৰে সোমবাৰে পুৱাৰ পৰা নিশা প্ৰায় ১২ বজালৈ ১৪ ঘণ্টাজুৰি চলা সন্মিলনৰ পাচত মঙলবাৰে পুনৰ পুৱাৰ পৰা আৰম্ভ হয় জিলা আয়ুক্তসকলৰ সন্মিলন । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা জিলা আয়ুক্তৰ সন্মিলনৰ দ্বিতীয় তথা অন্তিম দিনাও নিশা ১২-১ বজালৈ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ।

প্ৰশাসনক ৰাইজৰ কাষলৈ নিয়াৰ উদ্দেশ্য:

DC Conference held in Dispur with a two day programme
প্ৰশাসনক ৰাইজৰ কাষলৈ নিয়াৰ উদ্দেশ্য (ETV Bharat Assam)

লক্ষণীয় বিষয় যে প্ৰশাসনক ৰাইজৰ কাষলৈ নিয়াৰ লগতে চৰকাৰী আঁচনিসমূহৰ সুবিধা যাতে ৰাইজে নিয়াৰিকৈ লাভ কৰিব পাৰে তাৰ বাবে নিয়মীয়াকৈ এই সন্মিলন অনুষ্ঠিত কৰি অহা হৈছে । সোমবাৰৰ দৰে দ্বিতীয় দিনাও সন্মিলনত জিলা আয়ুক্তসকললৈ বহুকেইটা প্ৰসংগত মুখ্যমন্ত্রীয়ে কেতবোৰ নিৰ্দেশ দিয়ে । অসম চৰকাৰে এক লাখ নিযুক্তিৰ পাচত পুনৰ ৫০ হাজাৰ চাকৰিত নিযুক্তি দিয়াৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে ।

স্বচ্ছ-নিকা আৰু ত্ৰুটিবিহীনভাৱে নিযুক্তি:

স্বচ্ছ-নিকা আৰু ত্ৰুটিবিহীনভাৱে নিযুক্তি: (ETV Bharat Assam)

এই ৫০ হাজাৰ নিযুক্তি যাতে স্বচ্ছ-নিকা আৰু ত্ৰুটিবিহীনভাৱে সম্পন্ন কৰিব পাৰে তাৰ বাবে মুখ্যমন্ত্রীয়ে এই সন্মিলনত বিশদভাৱে আলোচনা কৰি জিলা আয়ুক্তসকলক কেতবোৰ নিৰ্দেশনা দিয়ে । একোটা পৰীক্ষাত ১২-১৩ লাখ প্ৰাৰ্থী অৱতীৰ্ণ হ'ব আৰু এই পৰীক্ষাসমূহ সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰিব লাগিব জিলা আয়ুক্তসকলে । আনহতে চৰকাৰী বিভিন্ন আঁচনি ৰূপায়ণৰ ক্ষেত্রতো মুখ্যমন্ত্রীয়ে জিলা আয়ুক্তসকলক নিৰ্দেশ দিয়ে ।

বসুন্ধৰা আঁচনিৰ তৃতীয় পৰ্যায়:

বসুন্ধৰা আঁচনিৰ তৃতীয় পৰ্যায়: (ETV Bharat Assam)

আনহাতে ২ অক্টোবৰৰ পৰা আৰম্ভ হ'ব বসুন্ধৰা আঁচনিৰ তৃতীয় পৰ্যায়। অৰ্থাৎ বসুন্ধৰা-৩ । এই সন্দৰ্ভত সন্মিলনত মুখ্যমন্ত্রীয়ে আয়ুক্তসকলক কেতবোৰ নীতি-নিৰ্দেশনা প্ৰদান কৰে । বসুন্ধৰা-৩ ৰ যোগেদি সামৰি ল'বলগীয়া বিষয়সমূহৰ ওপৰত সন্মিলনত আলোচনা কৰা হয় । ৰাজ্যত নৱেম্বৰ-ডিচেম্বৰত বাল্যবিবাহৰ বিৰুদ্ধে পুনৰ বিশাল অভিযান আৰম্ভ হ'ব । বাল্য বিবাহৰ বিৰুদ্ধে চলিবলগীয়া এই ডাঙৰ অভিযানৰ বাবে মুখ্যমন্ত্রীয়ে জিলা আয়ুক্তসকলক সাজু হোৱাৰ বাবে দিহা-পৰামৰ্শ দিয়ে ।

নিযুত মইনা আঁচনি ৰূপায়ণ:

নিযুত মইনা আঁচনি ৰূপায়ণ: (ETV Bharat Assam)

আনহাতে চৰকাৰে বাজেটত কৰা ঘোষণা কৰা অনুসৰি শিক্ষাৰ্থীসকলৰ বাবে নিযুত মইনা আঁচনি ৰূপায়ণৰ কাম আৰম্ভ কৰা হ'ব । সেইদৰে মুখ্যমন্ত্রীৰ মহিলা উদ্যমিতা আঁচনিও আৰম্ভ হ'ব । তদুপৰি বহু হিতাধিকাৰী সামৰি অৰুণোদয়-৩.০ আঁচনিখন সম্প্ৰসাৰণ কৰা হ'ব । এই আঁচনিসমূহৰ সফল ৰূপায়ণৰ দিশতো এই সন্মিলনত বিশদ আলোচনা কৰা হয় । যাতে প্ৰকৃত হিতাধিকাৰীয়ে আঁচনিসমূহৰ সুবিধা লাভ কৰিব পাৰে তাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে মুখ্যমন্ত্রীয়ে জিলা আয়ুক্তসকলক নিৰ্দেশ দিয়ে ।

উপ-জিলা গঠন:

অসমৰ ১২৬ টা সমষ্টি একোটাকৈ মহকুমা নাইবা উপ-জিলা গঠন কৰা হ'ব । ইয়াৰে প্ৰথম বেটচটো ২ অক্টোবৰৰ পৰা আৰম্ভ কৰা হ'ব । সেই সম্পৰ্কেও জিলা আয়ুক্তৰ সন্মিলনত আলোচনা কৰা হয় । আজিৰ সন্মিলনত বহুকেইটা দিশ সামৰি নিশাপৰ্যন্ত আলোচনা অব্যাহত আছে । সন্মিলনত জিলা আয়ুক্তসকলৰ উপৰি মন্ত্রী আৰু চৰকাৰী শীৰ্ষ বিষয়াসকল উপস্থিত আছে । উল্লেখ্য যে সোমবাৰে প্ৰায় ১৪ ঘণ্টা ধৰি চলা সন্মিলনত মুখ্যমন্ত্রীয়ে জিলা আয়ুক্তসকলক বহু কেইটা দিশত নিৰ্দেশনা প্ৰদান কৰে ।

লগতে পঢ়ক: চৰকাৰী কাৰ্যসূচীত এতিয়াৰে পৰা নচলিব আমিষ খাদ্য: মুখ্যমন্ত্ৰীৰ নিৰ্দেশ - Assam Government

শিক্ষাসেতু এপ-অলনাইন বদলি প্ৰক্ৰিয়াক প্ৰশংসা হিমাচলৰ শিক্ষামন্ত্ৰীৰ - Himanchal education department

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.