মেষ ৰাশি : আজিৰ দিনটো আপুনি সুফল হ’ব । পৰিয়ালৰ লোকৰ সৈতে আলোচনা কৰক । আজিৰ দিনটোৰ সৰহ ভাগ সময় আপুনি ঘৰসজ্জা কৰক ৷ উৰ্ধ্বতম কৰ্তৃপক্ষৰ সৈতে সকলৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত বহাৰ যোগ আছে । চৰকাৰী সুবিধা লাভ কৰিব । অফিচৰ কামত ভ্ৰমণৰ যোগ আছে ৷ কৰ্মক্ষেত্ৰত অধিক দায়িত্বভাৰ বাঢ়িব পাৰে ৷ আপোনাৰ মাতৃৰ আৰ্থিক দিশ উন্নত ৷
বৃষ ৰাশি : আজি আপুনি নতুন কাম তথা ব্যৱসায় পৰিকল্পনা হাতত ল’ব পাৰে । মন্দিৰ দৰ্শন কৰিলে মন প্ৰফুল্ল হ’ব । দীঘলীয়া ভ্ৰমণ হ’ব পাৰে । বহুদূৰত থকা কোনো বন্ধুৰ পৰা সুখবৰ হ’ব পাৰে ৷ বিদেশ ভ্ৰমণৰ সুযোগ আহিব পাৰে । স্বাস্থ্যৰ প্ৰতি যত্ন লওক ৷
মিথুন ৰাশি : আজিৰ দিনটোত যিকোনো পদক্ষেপ লোৱাৰ আগতে সতৰ্ক হওক । কোনো নতুন কাম আৰম্ভ কৰাৰ পৰা বিৰত থাকক। অলপতে আপোনাৰ খং উঠিব পাৰে । এনেকুৱা কোনো কাম নকৰিব অথবা এনে কথা নক’ব যাৰ বাবে পিচলৈ আপুনি অনুতপ্ত হ’বলগীয়া হয় । চাৰ্জাৰীৰ বাবে শুভ দিন ৷ কোনো অন্যায়-অনৈতিক কাম নকৰিব । অনাৱশ্যক ব্যয় নকৰিব ৷ আপুনি সংবেদনশীলতাৰে আৰু বিনম্ৰতাৰে কথা পাতক । সমস্যাৰ সৃষ্টি নকৰিব । সময়মতে ভোজন কৰিব । প্ৰাৰ্থনা কৰক ৷
ককৰ্ট ৰাশি : আজি দিনটো আনন্দ-স্ফুৰ্তিৰে পাৰ হ’ব । বিদেশী লোকৰ সৈতে সাক্ষাতৎ হ’ব পাৰে । মনোৰঞ্জন, নতুন কাপোৰ ক্ৰয়ৰ নামত আপুনি বহু ধন খৰছ কৰিব পাৰে । প্ৰেমৰ সম্পৰ্ক মধুৰ হ’ব । সুখাদ্য ভোজন, ভাল সংগ, লং ড্ৰাইভ ইত্যাদিৰ দৰে জাগতিক সুখ উপভোগ কৰাৰ যোগ আছে ৷ আপুনি সন্মান আৰু জনপ্ৰিয়তা লাভ কৰিব । স্বাস্থ্য কুশলে থাকিব।
সিংহ ৰাশি : আজি দিনটো আপোনাৰ মধ্যমীয়া । ঘৰত কোনো সমস্যা নাই ৷ কিন্তু কৰ্মক্ষেত্ৰত আপোনাৰ সহকৰ্মীৰ আচৰণ অলপ বেলেগ হ’ব । কোন কাম কৰাৰ ক্ষেত্ৰত আপোনাৰ সমস্যা হ’ব পাৰে । আপোনাৰ প্ৰতিযোগীয়ে সমস্যাৰ সৃষ্টি কৰিব পাৰে ৷ উৰ্ধ্বতনৰ লগত বিতৰ্ক নকৰিব ৷ ঘৰৰপৰা বেয়া খবৰ পোৱাৰ ফলত আপোনাৰ উদ্বেগ বাঢ়িব । স্বাস্থ্য কুশলে থাকিব । আপোনাৰ কামৰ প্ৰশংসা নাপাব। বিমৰ্ষ অথবা বিষণ্ণ নহ’ব । হতাশাৰ চিকাৰ নহ’ব ।
কন্যা ৰাশি : সন্তানৰ ফলত আপোনাৰ দুঃশ্চিন্তা হ’ব পাৰে ৷ খোৱা-বোৱা সাৱধানে কৰিব । পেটৰ গণ্ডগোল হোৱাৰ আশংকা আছে । দিনটোৰ পৰিকল্পনা অনুসৰি নচলিব । পূৰ্ব পৰিকল্পনাহীন ব্যয় কৰিবলগীয়া হ’ব পাৰে । বৌদ্ধিক আলোচনাৰপৰা দূৰত থাকক। বিনিয়োগৰ কাৰণে দিন অনুকূল নহয় । প্ৰিয়সকলৰ সৈতে সময় পাৰ কৰিব ৷
তুলা ৰাশি : আজি দিনটো আপুনি মানসিক চাপত থাকিব আৰু অধিক সংবেদনশীল হৈ থাকিব । নেতিবাচক চিন্তাই আপোনাক হতাশ কৰিব পাৰে । মাতৃ,পত্নী সম্বন্ধীয় কিছু কথা আপোনাৰ উদ্বেগ বঢ়াই তুলিব । যাত্ৰাৰ কাৰণে আজিৰ দিনটো অশুভ। কুৱাঁ, পুখুৰী, নদী ইত্যাদিৰপৰা দূৰত থকাৰ চেষ্টা কৰক। টোপনি ক্ষতি হ’ব, সেয়ে আপুনি এলেহুৱা অনুভৱ কৰিব পাৰে । পৰিয়াল আৰু সম্পত্তি বিবাদৰপৰা দূৰত থাকক।
বৃশ্চিক ৰাশি : আজি গোটেই দিনটো আপুনি সতেজ আৰু উদ্যমী অনুভৱ কৰিব । নতুন প্ৰকল্প অথবা নতুন কাম হাতত লওক ৷ সহকৰ্মী, সহযোগীসকলে আপোনাক সহযোগিতা কৰিব । ঘনিষ্ঠ বন্ধু বা আত্মীয়ক লগ পাব পাৰে । আজি যি কাম হাতত ল’ব সেয়া সফল হ’ব । ভাগ্য আজি আপোনাৰ ওপৰত সুপ্ৰসন্ন আৰু তাৰ ফলত আপোনাৰ আৰ্থিক লাভ হ’ব পাৰে । ভাতৃ-ভগ্নীৰ দ্বাৰা উপকৃত হ’ব পাৰে । পৰীক্ষা, প্ৰতিযোগিতাত সফলতা লাভ কৰিব । সৰুসুৰা ভ্ৰমণৰ যোগ আছে ৷
ধনু ৰাশি : আজিৰ দিনটো আন আন দিনৰ দৰেই হ’ব । অনাৱশ্যক ব্যয়ৰ সম্ভাৱনা আছে। আপোনাৰ মন বেয়া লাগি থাকিব । পৰিয়ালৰ লোকৰ সৈতে ভুল বুজাবুজিৰ কাৰণে আপোনাৰ অশান্তি হ’ব । আপুনি কৰ্মক্ষেত্ৰত আশানুৰূপ ফল নাপাব । বিভ্ৰান্তি আৰু সিদ্ধান্তহীনতাত ভুগিব । গুৰুত্বপূৰ্ণ বিষয়ৰ কাম আজি নকৰিব ৷ বৈদেশিক বাণিজ্য আৰু যোগাযোগ লাভদায়ক হ’ব ।
মকৰ ৰাশি : আজিৰ দিনটো প্ৰাৰ্থনাৰে আৰম্ভ কৰিলে আপোনাৰ দিনটো কুশলে পাৰ হ’ব ৷ আপোনাৰ ঘৰুৱা পৰিৱেশ ইতিবাচক হ’ব ৷ বন্ধু আৰু প্ৰিয়সকলৰপৰা উপহাৰ পাব পাৰে । কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰভাৱ সকলো ক্ষেত্ৰত প্ৰবলভাৱে পৰিব। আপোনাৰ কামত আপোনাৰ উৰ্ধ্বতনসকলে সন্তুষ্ট হ’ব । আপুনি নিজৰ কামবোৰ সফলভাৱে সম্পন্ন কৰিব পাৰিব। আপুনি মানসিকভাৱে আৰামত থাকিব।
কুম্ভ ৰাশি : আৰ্থিক লেনদেনৰ কামত সংযুক্ত নহ’ব অথবা ধনৰ লেনদেনত গেৰাণ্টাৰ হ’বলৈ নাযাব । আজি আপুনি খঙাল আৰু আগ্ৰাসী হৈ থাকিব পাৰে । অনাৱশ্যক ব্যয় এৰাই চলক। আপোনাৰ স্বাস্থ্যৰ সমস্যা হ’ব পাৰে। বিনিয়োগ কৰাৰ আগতে দুনাই ভাবক। আপোনাৰ পৰিকল্পনা আৰু চিন্তাধাৰা অনুসৰি পৰিয়ালৰ লোক আৰু আত্মীয়-স্বজনে আপোনাৰ মতে নচলিব । স্পষ্টকৈ সকলো কথা চিন্তা কৰক। ভুল ধাৰণা আৰু আকস্মিক আবেগক মনত স্থান নিদিব।
মীন ৰাশি : বন্ধুত্ব ৰোমাঞ্চকৰ হ’ব । সতীৰ্থ আৰু সহকৰ্মীসকলক সুখী কৰাৰ কাৰণে আপুনি ধন ব্যয় কৰিব পাৰে । সামাজিক কাৰ্যৰ প্ৰতি বিশেষ আগ্ৰহ প্ৰকাশ কৰিব । বয়োজ্যোষ্ঠ আৰু উৰ্ধ্বতনসকলৰ সৈতে সুপৰিচিত হ’ব পাৰে । আপুনি নতুন মানুহৰ সৈতে চিনাকি হ’ব পাৰে, যিয়ে আপোনাক ভৱিষ্যতত সহায় কৰিব । পৰিয়াল আৰু বন্ধুসকলৰপৰা সুসংবাদ পাব পাৰে । সন্তানে আপোনাৰ বাবে সৌভাগ্য কঢ়িয়াই আনিব । অপ্ৰত্যাশিত সম্পত্তি লাভ হোৱাৰ ইংগিত আছে । হলিডে’/ফান ৰিজৰ্টত ফুৰিবলৈ যাব পাৰে ।