ETV Bharat / state

ডিব্ৰুগড়ত গাড়ী ডিলাৰৰ প্ৰৱঞ্চনাৰ বলি গ্ৰাহক - Fraud in Dibrugarh - FRAUD IN DIBRUGARH

Fraud in Dibrugarh: ডিব্ৰুগড়ৰ এটা আগশাৰীৰ গাড়ী ডিলাৰৰ প্ৰৱঞ্চনাৰ বলি হৈছে এগৰাকী গ্ৰাহক । ডিব্ৰুগড়ৰ জে বি ডিলাৰে ৪ টা ছাৰ্ভিচিং সম্পন্ন হোৱা বাহন নতুন বুলি বিক্ৰী কৰিলে গ্ৰাহকক । মহিলা গ্ৰাহকৰ অভিযোগৰ ভিত্তিত ডিলাৰটোৰ দ্বায়িত্বত থকা এজনক আটক কৰে ডিব্ৰুগড় আৰক্ষীয়ে ।

Customer cheated by car dealer in Dibrugarh
ডিব্ৰুগড়ত গাড়ী ডিলাৰৰ প্ৰৱঞ্চনাৰ বলি গ্ৰাহক
author img

By ETV Bharat Assamese Team

Published : Mar 31, 2024, 9:55 AM IST

ডিব্ৰুগড়ত গাড়ী ডিলাৰৰ প্ৰৱঞ্চনাৰ বলি গ্ৰাহক

মৰাণ, ৩১ মাৰ্চ : প্ৰৱঞ্চকৰ বিৰোধে আৰক্ষী কঠোৰ হৈছে যদিও ন ন কৌশল প্ৰয়োগ কৰি একাংশই চলাই গৈছে ঠগ প্ৰৱঞ্চনাৰে নিজৰ ব্যৱসায় । এইবাৰ ডিব্ৰুগড়ৰ এটা আগশাৰীৰ গাড়ী ডিলাৰৰ প্ৰৱঞ্চনাৰ বলি হৈছে এগৰাকী গ্ৰাহক । ডিব্ৰুগড়ৰ জে বি ডিলাৰে ৪ টা চাৰ্ভিচিং সম্পন্ন হোৱা বাহন নতুন বুলি গ্ৰাহকক বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ।

ঘটনা অনুসৰি ধেমাজি জিলাৰ সৰুজনী বুঢ়াগোঁহাই নামৰ মহিলাগৰাকীয়ে সপোনৰ গাড়ীখন কিনিছিল ডিব্ৰুগড়ৰ জে বি ডিলাৰলৈ আহি । মহিলাগৰাকীয়ে Maruti Suzuki S-Presso নামৰ গাড়ীখন বুকিং কৰিছিল । ইয়াৰ কিছুদিন পাচতে ডিব্ৰুগড়ৰ জে বি ডিলাৰ কৰ্তৃপক্ষই বাহনখন নিবলৈ কোৱাত Maruti Suzuki S-Presso গাড়ীখন ডিলাৰৰ পৰা লৈ গৈছিল সৰুজনী বুঢ়াগোহাঁইয়ে ।

কিন্তু কেইটামান দিনৰ পাচতে নতুন গাড়ী বুলি ডিলাৰটোৰ পৰা কিনা Maruti Suzuki S-Presso লৈ গৈ যেতিয়া প্ৰথমটো চাৰ্ভিছিঙৰ বাবে দিছিল, তেতিয়াহে হতবাক হৈছিল ভুক্তভোগী মহিলাগৰাকী । কাৰণ ইতিমধ্যেই গাড়ীখনৰ ৪টা ছাৰ্ভিচিং সম্পন্ন হৈ গৈছে আৰু গাড়ীখন কোনোবা শৰ্মা উপাধিৰ লোকৰ নামতহে পঞ্জীয়ন কৰা হৈ আছে ।

মহিলাগৰাকীয়ে বাহনখনখন ক্ৰয় কৰা ডিলাৰত ছাৰ্ভিচিং নকৰি লখিমপুৰৰ এটা ডিলাৰত দিয়াত সমগ্ৰ ঘটনা পোহৰলৈ আহে । ইয়াৰ পিচতে শনিবাৰে ডিব্ৰুগড়ৰ আমোলাপট্টিস্থিত জে বি ডিলাৰত উপস্থিত হৈ বিষয়টোৰ সন্দৰ্ভত ডিলাৰ কৰ্তৃপক্ষক লিখিতভাৱে অৱগত কৰে । কিন্তু ডিলাৰ কৰ্তৃপক্ষই মহিলাগৰাকীক অভব্য আচৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে সৰুজনী বুঢ়াগোঁহাইসহ লগত অহা মহিলাসকলে ।

ডিলাৰ কৰ্তৃপক্ষই অভিযোগ আৰু বাহনখন সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত স্পষ্ট তথ্য প্ৰকাশ কৰাত ব্যৰ্থ হয় । ঘটনাক লৈ জে বি ডিলাৰত সৃষ্টি হয় এক উত্তপ্ত পৰিৱেশৰ । ঘটনাস্থলীত আমোলাপট্টি আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । অন্যহাতে ঘটনা সন্দৰ্ভত গ্ৰাহক সেৱা আদালতত অভিযোগো দাখিল কৰে ভুক্তভোগী মহিলাগৰাকীয়ে । সেইদৰে আমোলাপট্টি আৰক্ষী চকীতো এজাহাৰ দাখিল কৰে মহিলাগৰাকীয়ে ।

ডিলাৰটোৰ দ্বায়িত্বত থকা কৰ্ণভ লস্কৰ নামৰ লোকজনক আৰক্ষীয়ে আটক কৰিছে । আৰক্ষীৰ তদন্তৰ পাচতহে প্ৰকৃত ঘটনা পোহৰলৈ আহিব । ডিব্ৰুগড়ৰ আগশাৰীৰ গাড়ী ডিলাৰে গ্ৰাহকক প্ৰৱঞ্চনা কৰা বিষয়টোৱে সকলোকে আচৰিত কৰা লগতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক: নাবালিকাৰ ধৰ্ষণকাৰীক ৩০ বছৰৰ সশ্ৰম কাৰাদণ্ড - Kokrajhar Rape Case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.