ETV Bharat / state

একেলগে অনন্তধামলৈ গতি কৰিলে শিলাদিত্য-আগমণিয়ে : ৰাজ্যিক মৰ্যাদাৰে জনোৱা হ’ল বিদায় - IPS Shiladitya Chetia - IPS SHILADITYA CHETIA

Cremation of IPS Shiladitya Chetia : নৱগ্ৰহ শ্মশানত একেলগে শেষকৃত্য সম্পন্ন কৰা হ’ল শিলাদিত্য চেতিয়া আৰু পত্নী আগমণি বৰবৰুৱাৰ ৷ বশিষ্ঠপুৰ উপপথ-২ৰ বাসগৃহত শোকাকুল পৰিৱেশ ৷

Cremation of IPS Shiladitya Chetia
একেলগে অনন্তধামলৈ গতি কৰিলে শিলাদিত্য-আগমণিয়ে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jun 21, 2024, 7:47 PM IST

গুৱাহাটী, ২১ জুন : শোকাকুল পৰিৱেশৰ মাজেৰে মহানগৰীৰ নিজ বাসগৃহলৈ অনা হ’ল IPS শিলাদিত্য চেতিয়া আৰু পত্নী আগমণি বৰবৰুৱা ৷ দুয়োৰে নশ্বৰদেহ লৈ অনাৰ পিচতে বশিষ্ঠপুৰ উপপথ-২ৰ বাসগৃহত শোকাকুল পৰিৱেশে বিৰাজ কৰে । ঘটনাৰ চাৰিটা দিন পাৰ হোৱাৰ পিচতো যেন এতিয়াও সহজভাৱে মানি ল’ব পৰা নাই আত্মীয়ৰ লগতে ওচৰ-চুবুৰীয়াই । আত্মীয়, ওচৰ-চুবুৰীয়া তথা বন্ধুবৰ্গই শেষ শ্ৰদ্ধা জ্ঞাপন কৰি বিদায় দিয়ে বিষয়াগৰাকীৰ লগতে বিষয়াগৰাকীৰ পত্নীক ৷ বাসগৃহত শেষ শ্ৰদ্ধা জনোৱাৰ পিচতে নৱগ্ৰহ শ্মশানত শেষকৃত সম্পন্ন কৰাৰ বাবে লৈ যোৱা হয় দুয়োকে ৷

পত্নীসহ শিলাদিত্য চেতিয়াৰ শেষকৃত সম্পন্ন (ETV Bharat Assam)

উল্লেখ্য যে পত্নীৰ মৃত্যুবিৰহত কাতৰ হৈ শিলাদিত্য চেতিয়াই গ্ৰহণ কৰিছিল চূড়ান্ত সিদ্ধান্ত । লগে লগে এক অমৰ প্ৰেমৰ অনন্য নিদৰ্শন গঢ়ি উঠিছিল । জীৱনে-মৰণে একেলগে থকাৰ পণ লোৱা এই দুগৰাকী পতি-পত্নীৰ পুনৰ একেলগে থকাৰ আশাৰে গতি কৰে অনন্ত ধামলৈ । ভগ্নী বিদেশৰ পৰা আহি নোপোৱাৰ বাবে মঙলবাৰৰ পৰা হাস্পতালখনৰ মৰ্গত ৰখা হৈছিল পতি-পত্নীৰ নশ্বৰ দেহ ।

শুকুৰবাৰে হাস্পতালৰ মৰ্গৰ পৰা শিলাদিত্য চেতিয়াৰ নিঠৰ দেহ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ লৈ যোৱা হয় । আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙকে ধৰি আৰক্ষী শীৰ্ষ বিষয়া-কৰ্মচাৰীয়ে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । তাৰ পিচতে দম্পতীটোৰ নশ্বৰদেহ মহানগৰীৰ বশিষ্ঠপুৰ উপপথ-২ৰ বাসগৃহলৈ লৈ যোৱা হয় ।

শিলাদিত্য চেতিয়া আৰু তেওঁৰ পত্নীৰ নশ্বৰদেহ লৈ অনাৰ পিচতে বাসগৃহত উপস্থিত হয় ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ প্ৰধান সচিব বিশ্বজিৎ পেগু ৷ বাসগৃহত উপস্থিত হৈ পেগুৱে কয় যে শিলাদিত্য খুব ভাল বন্ধু আছিল তেওঁৰ ৷ শিলাদিত্য চেতিয়াৰ লগতে বহুত স্মৃতি থকা বুলিও উল্লেখ কৰে প্ৰধান সচিবগৰাকীয়ে ৷

লগতে পঢ়ক: ৰাজ্যৰ গৃহ সচিব শিলাদিত্য চেতিয়াৰ আত্মহনন : পত্নীক হেৰুৱাই মুহূৰ্ততে ল'লে চৰম সিদ্ধান্ত

আৰক্ষী বিষয়াগৰাকীৰ দৃষ্টিভংগী যথেষ্ট ইতিবাচক আছিল বুলি উল্লেখ কৰি বিশ্বজিৎ পেগুৱে কয় যে তেওঁ সদায় কৈ আহিছিল যে পত্নীৰ ভাল হ’ব ৷ পত্নীৰ প্ৰতি ভালপোৱা আছিল বাবেই এই সিদ্ধান্ত ল’লে বুলি সম্ভাৱনা ব্যক্ত কৰে বিশ্বজিৎ পেগুৱে ৷ তদুপৰি তেওঁ জানিবলৈ দিয়ে যে তিনিচুকীয়া, নলবাৰী, কোকৰাঝাৰ, বৰপেটাত আৰক্ষী অধীক্ষক হিচাপে আছিল শিলাদিত্য চেতিয়া ৷

উল্লেখ্য যে ১৮ জুনত প্ৰিয়তমা পত্নীৰ বিয়োগত ভাৰাক্ৰান্ত আই পি এছ বিষয়া শিলাদিত্য চেতিয়াই বাছি লৈছিল মৃত্যুৰ দৰে চৰম পথ ৷ গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত চিকিসাধীন পত্নীৰ মৃত্যুৰ পিচতেই আই চি ইউৰ ভিতৰত আত্মহত্যা কৰিছিল আই পি এছ বিষয়া শিলাদিত্য চেতিয়াই ।

২০০৯ বেটছৰ IPS বিষয়া শিলাদিত্য চেতিয়াই জেহাদী কাৰ্যকলাপ নিৰ্মূল কৰাত বিশেষ ভুমিকা লৈছিল । প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই গঠন কৰা টাস্ক ফ’ৰ্চৰ নেতৃত্বত আছিল শিলাদিত্য চেতিয়া ৷

শিৱসাগৰৰ হাঁহচৰা কুজিবালিত ঘৰ যদিও বিগত বহুবছৰৰ ধৰি মহানগৰীৰ বেলতলাৰ বশিষ্ঠপুৰত বাস কৰিছিল শিলাদিত্য চেতিয়াই ।

লগতে পঢ়ক: একেলগে অচিনা দেশলৈ, ভগ্নী আহি পোৱাৰ পাচতে সম্পন্ন শেষকৃত্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.