ETV Bharat / state

পানীৰ মাজতে ফটকাও ফুটিল-বেণ্ড পাৰ্টিয়েও ৰজনজনালে : কলৰ ভূৰত উঠি দৰাই নিলে কইনাক - Assam Flood 2024

author img

By ETV Bharat Assamese Team

Published : Jul 3, 2024, 8:00 PM IST

Flood in Nagaon: বিভীষিকাৰ সৃষ্টি কৰিছে বানে । ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত প্লাৱিত ঘৰ- দুৱাৰ । বানৰ মাজতেই অনুষ্ঠিত হ'ল পূৰ্বে নিৰ্ধাৰণ কৰা বিয়াখন । ব্যাহত যাতায়ত, কলৰ ভূৰত উঠিয়েই কইনা লৈ দৰাৰ ঘৰমুখী যাত্ৰা ।

FLOOD IN NAGAON
কলৰ ভূৰত উঠিয়েই কইনা লৈ দৰাৰ ঘৰমুখী যাত্ৰা (ETV BHARAT ASSAM)

নগাঁও, 3 জুলাই : নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বিভীষিকাময় পৰিৱেশৰ সৃষ্টি কৰিছে নগাঁৱৰ লাওখোৱা অঞ্চলত ৷ লাওখোৱাৰ ভূৰবন্ধা, ভগামুখ আদি অঞ্চলৰ ভৰসা একমাত্ৰ কৃষিবান্ধটো মঙলবাৰে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে উটুৱাই নিয়াত সমগ্ৰ লাওখোৱা অঞ্চল জলমগ্ন হৈ পৰে ৷ লাওখোৱা অঞ্চলৰ কেবাখনো ৰাজহ গাঁও সম্পূৰ্ণ জলমগ্ন হোৱাত একপ্ৰকাৰ দিশহাৰা হৈ পৰিছে বহু পৰিয়াল ৷ সমগ্ৰ অঞ্চলটোৰ কেউফালে পানী আৰু পানী ৷ আশ্ৰয় বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে বহু পৰিয়ালে ৷

বানৰ মাজতেই অনুষ্ঠিত হ'ল বিয়া (ETV BHARAT ASSAM)

ইয়াৰ মাজতে অঞ্চলটোত সুকলমে সম্পন্ন হ'ল এখন বিবাহ ৷ ৰূপহীহাটৰ 2 নং ভূৰবন্ধা নিবাসী ব্ৰজেন্দ্ৰ মণ্ডল আৰু জয়মতী মণ্ডলৰ কন্যা শিল্পী মণ্ডলৰ বিবাহ অনুষ্ঠিত হ'ল বানৰ মাজতেই ৷ আজিৰ পৰা পোন্ধৰ দিন পূৰ্বেই চূড়ান্ত হৈছিল বেলগুৰিৰ দৰা সুৰজিৎ মণ্ডল আৰু কইনা শিল্পী মণ্ডলৰ বিবাহৰ দিন ৷ সেই অনুসৰি বুধবাৰে শুভ বিবাহ বানৰ মাজতেই সম্পন্ন হ'ল ৷ পানীৰ মাজতে বেণ্ড পাৰ্টিয়ে বজালে বেণ্ড ৷ আনন্দত আত্মহাৰা হৈ পৰিল দৰা আৰু কইনাঘৰীয়া সকলো ৷

লগতে পঢ়ক : জাঁজীৰ বাঢ়নী পানীয়ে ভাবুকি কঢ়িয়াইছে টীয়কৰ বনাই নপমুৱাৰ ৰিং বান্ধলৈ - ASSAM FLOOD 2024

কিন্তু বিবাহ অনুষ্ঠিত হোৱাৰ পাচত কইনা লৈ দৰা ঘৰলৈ যোৱাৰ সময়তেই পৰে বিপাঙত ৷ কাৰণ মঙলবাৰে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে সমগ্ৰ গাঁও বুৰাই পেলোৱাত বিভিন্ন পথেৰে ব্যাহত হৈ পৰে যাতায়ত ৷ সম্প্ৰতি অঞ্চলটোৰ বহু গড়কাপ্তানী পথৰ লগতে পঞ্চায়তৰ পথৰ ওপৰেদি বৈছে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী ৷ যাৰ ফলত শুভ বিবাহৰ কাম সম্পূৰ্ণ হোৱাৰ পাচত কইনা লৈ ঘৰলৈ যোৱাত অসুবিধাৰ সন্মুখীন হয় দৰা ৷ উপায়ন্তৰ হৈ কলৰ ভূৰৰ ওপৰতে ভৰসা কৰিবলগীয়া হয় ৷ অৱশেষত বিয়লি কলৰ ভুৰেৰেই কইনা লৈ ঘৰ অভিমুখে ৰাওনা হয় দৰা ৷ কলৰ ভূৰেৰে কইনা লৈ দৰা ঘৰ অভিমুখে ৰাওনা হোৱাৰ পাচত বানৰ মাজতেই অনুষ্ঠিত হোৱা বিয়াখনে যথেষ্ট চর্চা লাভ কৰে সমগ্ৰ অঞ্চলত ৷

লগতে পঢ়ক : বিকশিত অসমত যাতায়তৰ বাবে নাগৰিকৰ ভৰসা কলৰ ভূঁৰ, নাও ! - Assam Flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.