ETV Bharat / state

কিয় পদত্যাগ কৰিলে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতিয়ে ? - Cotton University - COTTON UNIVERSITY

Cotton University : কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতিৰ পদত্যাগক লৈ চলিছে চৰ্চা । কি কাৰণে ৰাজনৈতিক দলত যোগদান কৰাৰ পাছতো বিশ্ববিদ্যালয় ছাত্র একতা সভাৰ সাধাৰণ সম্পাদকৰ বিৰুদ্ধে ব্য়ৱস্থা গ্ৰহণ নকৰিলে কৰ্তৃপক্ষই ? ক'লে পদত্য়াগী সভাপতিয়ে ।

Cotton University
কটন বিশ্ববিদ্যালয় (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Sep 10, 2024, 2:59 PM IST

গুৱাহাটী,১০ ছেপ্টেম্বৰ: কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাত ৰাজনৈতিক নেতাই প্ৰভাৱ বিস্তাৰ কৰিছে নেকি ? ছাত্ৰ একতা সভাক কোনো ৰাজনৈতিক দলে নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে নেকি ? বিশ্ববিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ সভাপতি হিমাংশু কুমাৰ দাসে পদত্য়াগ কৰাৰ লগে লগে এনে প্ৰশ্নই সকলোকে জুমুৰি দি ধৰিছে । মঙলবাৰে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ সভাপতি পদৰ পৰা পদত্য়াগ কৰি পঞ্জীয়কৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰিলে হিমাংশু কুমাৰ দাসে । তেওঁ এই পদত্য়াগ পত্ৰ দাখিল কৰিয়েই বিশ্ববিদ্যালয় কর্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে।

কিয় পদত্যাগ কৰিলে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতিয়ে ? (ETV Bharat Assam)
  • কিয় পদত্যাগ কৰিলে সভাপতি হিমাংশু কুমাৰ দাসে ?

কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ উজাৰি পদত্যাগ কৰে হিমাংশু কুমাৰ দাসে । 'কটন'ৰ পৰম্পৰা ভংগ কৰি ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক জাভেদ আখতাৰে কিছুদিন পূর্বে এটা ৰাজনৈতিক দলত যোগদান কৰে । ৰাজনৈতিক দলত যোগদান কৰাৰ পাছতে বিশ্ববিদ্যালয় ছাত্র একতা সভাৰ অন্যান্য বিষয়ববীয়াসকলে জাভেদৰ বিৰুদ্ধে ব্যবস্থা গ্রহণ কৰাৰ দাবী জনাইছিল । কটনৰ সংবিধান অনুসৰি কোনো ৰাজনৈতিক দলৰ সদস্য ছাত্ৰ একতা সভাৰ বিষয়ববীয়া নোৱাৰে । কোনো পদত জয়ী হোৱাৰ পাছতো ৰাজনৈতিক দলত যোগদান কৰিব নোৱাৰে । যদিহে কোনোবাই জয়ী হোৱাৰ পিছত কোনো ৰাজনৈতিক দলত যোগদান কৰে, তেন্তে তেওঁ সেই পদ হেৰুৱাব লাগিব ।

এই সন্দৰ্ভত কটন বিশ্ববিদ্যালয় কর্তৃপক্ষক স্পষ্টভাৱে সোঁৱৰাই দিয়া হৈছিল । কটন বিশ্ববিদ্যালয় কর্তৃপক্ষই জাভেদ আখতাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰাৰ আশ্বাস দিছিল । কেইবামাহ উকলি যোৱাৰ পাছতো জাভেদ আখতাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰিছে ছাত্ৰ একতা সভাৰ একাংশ বিষয়ববীয়া । ইয়াৰ পিছতেই আজি পদত্যাগ কৰে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি হিমাংশু কুমাৰ দাসে ।

  • এই পদত্যাগ কর্তব্যৰ পৰা পলায়ন নহয় :

পদত্যাগ পত্ৰ দাখিল কৰি হিমাংশু কুমাৰ দাসে সংবাদ মাধ্যমৰ আগত কয়,"প্রথমেই মই আপোনালোকৰ ওচৰত ক্ষমা প্রার্থনা কৰিছো । বিগত কটন বিশ্ববিদ্যালয় ছাত্র একতা সভাৰ সাধাৰণ নির্বাচনত আপোনালোকে আপোনালোকৰ আশা-আকাংক্ষা হিচাপে বিপুল হাৰত মোৰ পক্ষে ভোটদান কৰিছিল। কটন বিশ্ববিদ্যালয় ছাত্র একতা সভাৰ সভাপতি হিচাপে, বিবেকবান কটনিয়ানৰ প্রতিনিধি হিচাপে মোৰ দায়িত্ব আছিল এই ছাত্র একতা সভাখন সুচাৰুৰূপে পৰিচালনা কৰা । কিন্তু মোৰ কার্যকাল শেষ হোৱাৰ আগেয়েই মই সভাপতি পদৰ পৰা পদত্যাগ কবিবলৈ ওলাইছো । সেয়ে মই পোনপ্রথমেই আপোনালোকৰ ওচৰত ক্ষমা প্রার্থনা কৰিছো । কিন্তু মোৰ এই পদত্যাগ কর্তব্যৰ পৰা পলায়ন নহয়। বৰং কটনিয়ান হিচাপে, ছাত্র ৰাজনীতিৰ সৈতে জড়িত সচেতন শিক্ষার্থী হিচাপে, এই দেশৰ গণতান্ত্রিক প্রমূল্যবোৰৰ প্রতি শ্রদ্ধাশীল এগৰাকী নাগৰিক হিচাপে মোৰ এই সিদ্ধান্ত মোৰ বৃহত্তৰ কর্তব্যবোধৰ দলিল ।"

তেওঁ পুনৰ কয়,"মোৰ এই পদত্যাগ এটা স্পষ্ট বার্তা, যিসময়ত একতা সভাৰ একাংশ সদস্যই ৰাজনৈতিক দলৰ অনুগত পৰজীৱী পতংগ হিচাপে নিজৰ চৰিত্র উদঙাই দিছে, যিসময়ত কর্তৃপক্ষৰ আচৰণত প্রকাশ পাইছে নির্লজ্জ আত্মসন্মানহীনতা, সেই সময়ত মোৰ বা আপোনালোকৰ দৰে সাধাৰণ কটনিয়ানৰ মনত এতিয়াও কটনিয়ান হোৱাৰ গৌৰৱ দগমগাই আছে আৰু পৃথিবীৰ কোনো শক্তিৰ আগত এই গৌৰব অবদমিত নহয় । কটন বিশ্ববিদ্যালয় ছাত্র একতা সভাৰ কোনো সদস্য কোনো ৰাজনৈতিক দলৰ সদস্য হ'ব নোৱাৰে । কোনো নির্বাচিত সদস্যই ৰাজনৈতিক দলৰ সদস্যপদ গ্রহণ কৰিলে তেওঁৰ পদবী খাৰিজ হ'ব লাগে । এয়া লিখিত নিয়ম। এয়া কটনৰ নির্বাচনী বিধি ।"

তেওঁ ক্ষোভ উজাৰি কয়,"বর্তমান ছাত্র একতা সভাৰ সাধাৰণ সম্পাদকে গৈ এটা ৰাজনৈতিক দলৰ টুপী পিন্ধিলে । আমি তাৰ প্রতিবাদ কৰিলো । দিনৰ পাছত দিন । মাহৰ পাছত মাহ । কিন্তু নাই, কর্তৃপক্ষ নির্বিকাৰ । কেৱল নির্বিকাৰেই নহয়, বিশেষ ৰাজনৈতিক শক্তিৰ আশীৰ্বাদপুষ্ট এমুঠি কটনিয়ানৰ প্রতিও পক্ষপাতপুষ্ট । গৰিষ্ঠসংখ্যক কটনিয়ান আজি কটনৰ অনুষ্ঠানসমূহৰ পক্ষে নহয় । কটন যেন এতিয়া এমুঠি লক্ষ্যভ্রষ্ট ক্ষমতালোভী কটনিয়ান আৰু একাংশ মেৰঙদণ্ডহীন প্রভুভক্ত কর্তৃপক্ষৰ পৈত্রিক ভেটি । কটনৰ সন্মানৰ কথা চিন্তা কৰিয়েই কথাবোৰ আলোচনাৰ মাজেৰে সমাধান কৰাৰ প্ৰচেষ্টাত ব্রতী থাকিলো । ভাবো দুদিনমান ৰৈ দিওঁ, জানোচা কর্তৃপক্ষই কিবা কৰেই । "

শেহতীয়াকৈ 'নাক' অহাৰ বাবে অপেক্ষা কৰা বুলি উল্লেখ কৰি তেওঁ কয়," কিন্তু এতিয়া আৰু মোৰ সহ্য কৰিব পৰাৰ শক্তি নাই । মই কটন বিশ্ববিদ্যালয় ছাত্র একতা সভাৰ সভাপতি হৈ থকাৰ কালত নিজ চকুৰ আগত কটনৰ এই অধঃপতনে মোক মানসিকভাবে বিধ্বস্ত কবি পেলাইছে। কিন্তু মোৰ বিশ্বাস আছে আপোনালোকৰ ওপৰত । আপোনালোকে পদবীৰ পৰিৱর্তে আদর্শক, ক্ষমতাৰ পৰিৱর্তে আত্মসন্মানক, মেৰুদণ্ডহীনতাৰ বিপৰীতে প্রমূল্যবোধক প্রতিদিন প্রতিবাৰ নিৰ্বাচন কৰিব । সেয়ে মই মোৰ এই পদবী এৰি কটনক কটন কর্তৃপক্ষ আৰু ক্ষমতালোভী কটনিয়ানৰ পৰা বচোৱাৰ সংগ্রামত আপোনালোকৰ সৈতে চামিল হ'বলৈ আহিছো । এখন বিশ্ববিদ্যালয়ৰ ছাত্র একতা সভাৰ সভাপতিৰ পদত্যাগ ইতিহাসৰ বৰ সৰু কথা ।"

  • ম্যে আজ ভী ফেকে হুৱে পেইচে নহী উঠাতা

তেওঁ পুনৰ কয়," আপোনালোকে যেতিয়া আমাৰ এই সময়খিনিৰ কথা বিচাৰ কৰিব মই জানো সততা আৰু সাহসৰ এই অমূল্য উপলব্ধিয়ে আপোনালোককো গর্বিত কৰি তুলিব । ব্যক্তিগত পর্যায়ত ময়ো হয়তো শান্তিত টোপনি যাব পাৰিম, নিঃসংকোচে আইনাত নিজৰ মুখ চাই ক'ব পাৰিম যে ম্যে আজ ভী ফেকে হুৱে পেইচে নহী উঠাতা ।"

লগতে পঢ়ক:বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ সাত বছৰ পিচত কটনে লাভ কৰিলে NAAC ৰ A গ্ৰেড - Cotton University

আন্তৰ্জাতিক সংগ্ৰহালয় দিৱস উপলক্ষে কটন বিশ্ববিদ্যালয়ত প্ৰদৰ্শনী - International Museum Day

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.