ETV Bharat / state

সাধাৰণ সম্পাদকৰ বিজেপিত যোগদান, ক্ষুব্ধ কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভা

Cotton GS join BJP: যোৰহাটত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক জাভেদ আখটাৰে বিজেপিত যোগদান কৰে । ছাত্ৰ একতা সভাই এই কাৰ্যক গৰিহণা দিছে । সাধাৰণ সম্পাদকজনৰ বিৰুদ্ধে কেলেংকাৰীৰ বিভিন্ন অভিযোগ আছে । হোষ্টেলত প্ৰৱেশ নিষিদ্ধ জাভেদৰ ।

author img

By ETV Bharat Assamese Team

Published : Mar 9, 2024, 5:11 PM IST

Cotton GS join BJP
কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকৰ বিজেপিত যোগদান

গুৱাহাটী,৯ মাৰ্চ : কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক জাভেদ আখটাৰে শুকুৰবাৰে আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টী দলত যোগদান কৰে । ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদকৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্বত থকা এগৰাকী ছাত্ৰই এনেদৰে বিজেপি দলত যোগদান কৰাৰ লগে লগে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

ছাত্ৰ একতা সভাত কাৰ্যকাল থকাৰ মাজতে ৰাজনৈতিক দলৰ শৰণাপন্ন হোৱা বিষয়টোত সহজভাৱে ল'ব পৰা নাই কটনৰ ছাত্ৰ সমাজে । কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ আন বিষয়-ববীয়াসকলেও এই কাৰ্যক তীব্ৰ গৰিহণা দিছে । গেৰুৱা বসন পিন্ধা সাধাৰণ সম্পাদক জাভেদ আখটাৰক লম্পট আৰু চৰিত্ৰহীন আখ্যা দিছে ছাত্ৰ একতা সভাৰ একাংশ কৰ্মকৰ্তাই ।

ইফালে আৰ কে বি হোষ্টেলতো সাধাৰণ সম্পাদকজনক নিষিদ্ধ কৰা হৈছে । হোষ্টেলখনত যাতে জাভেদে প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে আৱাসী ছাত্ৰসকলে তেওঁক সকীয়াই দিছে । একাংশ ছাত্ৰই অভিযোগ কৰা মতে নিজৰ কলংকিত অধ্যায় নাইকীয়া কৰিবৰ বাবে কটনিয়ানৰ ৰায়দানক ভৰিৰে মোহাৰিছে । কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি হিমাংশু কুমাৰ দাসে সংবাদমাধ্যমৰ সন্মুখত কয় যে কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক জাভেদ আখটাৰে বিজেপিত যোগদান কৰাত কটন পৰিয়াল লজ্জিত হৈছে ।

জাভেদ আখটাৰে নাৰী কেলেংকাৰীৰ দৰে ঘটনাত জড়িত থকাৰো অভিযোগ কৰিছে সভাপতিগৰাকীয়ে । ইফালে নামভৰ্তিৰ নামত ধন সংগ্ৰহ কৰাৰো অভিযোগ আছে সাধাৰণ সম্পাদক জাভেদৰ বিৰুদ্ধে । এনেবোৰ অভিযোগৰ কৰা নিজকে ৰক্ষা কৰিবলৈ জাভেদে বিজেপিৰ শৰণাপন্ন হৈছে বুলি ছাত্ৰ একতা সভাৰ সভাপতিগৰাকীয়ে দাবী কৰে । উল্লেখ্য যে, কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক জাভেদ আখটাৰে আৰ.কে.বি হোষ্টেলৰ সমৰ্থনত নিৰ্বাচনত জয়লাভ কৰিছিল । জাভেদ আখটাৰে শুকুৰবাৰে ভাৰতীয় জনতা পাৰ্টীৰ যোৰহাট জিলাৰ কাৰ্যালয়ত দলটোত যোগদান কৰে ।

লগতে পঢ়ক :যোগ্য প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদানৰ আহ্বানত অসম আন্দোলনৰ সংগ্ৰামী সতীৰ্থৰ সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.