ETV Bharat / state

আয়াসতে ধন ঘটাৰ খক ! মণ্ডলৰ বিচনাৰ তলৰ পৰা উদ্ধাৰ হ’ল লাখে লাখে ধন - Caught for taking bribe

author img

By ETV Bharat Assamese Team

Published : Jul 19, 2024, 3:03 PM IST

Corrupted employee arrested in Silchar: আয়াসতে ধন ঘটাৰ খকত দুৰ্নীতি নিবাৰক শাখাৰ হাতত গ্ৰেপ্তাৰ হ’ল শিলচৰৰ বন্দৱস্তি প্ৰাধিকাৰীৰ কাৰ্যালয়ৰ মণ্ডল ৷ 5 হাজাৰ টকা উৎকোচ লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাৰ বিষয়াৰ জালত পৰে কাৰ্যালয়ৰ মণ্ডল নুৰুল হ’ক বৰভূঞা ।

Corrupted mandal of Silchar settlement office caught with taking bribe
আয়াসতে ধন ঘটাৰ খক ! উৎকোচ লৈ হাত দাঙিলে বন্দৱস্তি প্ৰাধিকাৰীৰ মণ্ডলে (ETV Bharat Assam)

শিলচৰ, 19 জুলাই: পুনৰ উৎকোচ লৈ হাত দাঙিলে চৰকাৰী বিষয়াই । শিলচৰত উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হ’ল শিলচৰৰ বন্দৱস্তি প্ৰাধিকাৰীৰ কাৰ্যালয়ৰ মণ্ডল নুৰুল হ’ক বৰভূঞা । দুৰ্নীতি নিবাৰক শাখাৰ হাতত গ্ৰেপ্তাৰ হৈছে শিলচৰৰ বন্দৱস্তি প্ৰাধিকাৰীৰ কাৰ্যালয়ৰ কৰ্মচাৰীগৰাকী ।

জানিব পৰা মতে, শুকুৰবাৰৰ পুৱা কাৰ্যালয়টোৰ ভিতৰত ভূমি সংক্ৰান্তীয় কামৰ বাবে আক্তাৰ হুছেইন নামৰ এজন ব্যক্তিৰ পৰা 5 হাজাৰ টকা উৎকোচ লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাৰ দলে হাতে-লোটে গ্ৰেপ্তাৰ কৰে মণ্ডল হ’কক । ভাৰত মালা প্ৰকল্পৰ বাবে ভূমি অধিগ্ৰহণ কৰা হৈছিল আক্তাৰ হুছেইন নামৰ লোকজনৰ । ভূমিৰ টকা লাভ কৰাৰ বিনিময়ত আক্তাৰ হুছেইনৰ পৰা মণ্ডল নুৰুল হ’কে দাবী কৰিছিল 30 হাজাৰ টকা ।

শুকুৰবাৰে আগধন হিচাপে 5 হাজাৰ টকাৰ লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে মণ্ডল নুৰুল হ’কক । ধৃত মণ্ডলক অভিযানকাৰী দলে কাৰ্যালয়ৰ ভিতৰতে জেৰা চলাইছে বুলি জানিব পৰা গৈছে । সমান্তৰালভাবে, মণ্ডল নুৰুল হ’কৰ কাছাৰৰ বাগপুৰস্থিত বাসগৃহতো অভিযান চলাইছে অভিযানকাৰী দলটোৱে ৷

বাসগৃহত অভিযান চলাই অভিযানকাৰী দলে উদ্ধাৰ কৰে এখন টকাৰ বিচনা । যিখন বিচনাৰ তলৰ পৰা 500 টকীয়া নোটৰ বাণ্ডিল লাভ কৰে দলটোৱে । লগতে শাখাই বিচনাৰ তলৰ পৰা উদ্ধাৰ কৰে নগদ 10 লাখ 90 হাজাৰ টকা ৷ অভিযানকাৰী দলে বহু আপত্তিজনক নথিপত্ৰ উদ্ধাৰ কৰে বুলিও জানিবলৈ দিয়ে ৷

জানিব পৰা মতে, ভুক্তভোগী আক্তাৰ হুছেইন নামৰ কাছাৰৰ কাশিপুৰৰ লোকজনৰ পৰা ভূমি অধিগ্ৰহণৰ ধন পোৱাৰ বাবদ নৰুল হ’কে দাবী কৰিছিল 1 লাখ 20 হাজাৰ টকা । নুৰুল হ’কৰ এই দাবী শুনি লোকজনে ঘটনা সন্দৰ্ভত অৱগত কৰে দুৰ্নীতি নিবাৰক শাখাৰ লগত । ইয়াৰ পাচতেই দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই শুকুৰবাৰৰ পুৱাই হাতে-লোটে কৰায়ত্ত কৰিবলৈ সক্ষম হয় শিলচৰৰ বন্দৱস্তি প্ৰাধিকাৰীৰ কাৰ্যালয়ৰ মণ্ডল নুৰুল হ’ক বৰভূঞাক ।

লগতে পঢ়ক: বেজৰ নাকতে খৰ... শিক্ষামন্ত্ৰীৰ গৃহ জিলাতে ঘোচ লৈ ধৰা পৰিল শিক্ষা বিভাগৰ কৰ্মচাৰী - SENIOR ASSISTANT ARRESTED

দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰী বিৰুদ্ধে অভিযান অব্যাহত থাকিব: মুখ্যমন্ত্ৰী - Ranger Iqbal Ahmed

5 হাজাৰ টকা উৎকোচ লৈ হাত দাঙিলে লাট মণ্ডলে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.