ETV Bharat / state

আৰ্তজনৰ কাষত থিয় দিবলৈ নেতা-কৰ্মীৰ প্ৰতি আহ্বান কংগ্ৰেছৰ - Assam Flood 2024

author img

By ETV Bharat Assamese Team

Published : Jul 3, 2024, 5:47 PM IST

Helping hand to flood victims: প্ৰদেশ কংগ্ৰেছৰ নেতা-কৰ্মীক উদ্দেশ্যি কংগ্ৰেছৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙৰ পত্ৰ । বানাক্ৰান্তৰ কাষত থিয় দি যথাসম্ভৱ সহায় আৰু সমৰ্থন আগবঢ়োৱাৰ আহ্বান । সমালোচনা মোদী চৰকাৰক । এন ডি এ চৰকাৰৰ কোনো কেন্দ্ৰীয় নেতা এতিয়ালৈকে অসমৰ পৰিস্থিতিৰ বুজ ল'বলৈ অহা নাই । নিৰ্বাচনৰ সময়ত ভোটৰ স্বাৰ্থত অসমলৈ বহুবাৰ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুৰ্যোগৰ এই সময়ত খবৰ লোৱাৰ বাবে নহাটো অত্যন্ত নিন্দনীয় বুলি মন্তব্য ।

Helping hand to flood victims
আৰ্তজনৰ কাষত থিয় দিবলৈ নেতা-কৰ্মীৰ প্ৰতি আহ্বান কংগ্ৰেছৰ (ETV Bharat Assam)

গুৱাহাটী, ৩ জুলাই: ভয়াৱহ বানৰ কৱলত পৰিছে ৰাজ্য । এই পৰ্যন্ত ৰাজ্যৰ ২৮ খন জিলাৰ লাখ লাখ লোক প্ৰলয়ৰ সৃষ্টি কৰা বানত ক্ষতিগ্ৰস্ত হৈছে । সৰ্বত্ৰ বানাক্ৰান্তৰ আৰ্তনাদ ।

ৰাজ্যত সৃষ্টি হোৱা এই ভয়াৱহ দুৰ্যোগৰ সময়ত আৰ্তজনৰ কাষত থিয় দি সাহায্য আগবঢ়োৱাৰ বাবে কংগ্ৰেছৰ নেতা-কৰ্মীসকলৰ প্ৰতি আহ্বান জনাইছে নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে । এই সন্দৰ্ভত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা অসমৰ দায়িত্বত থকা জীতেন্দ্ৰ সিঙে দলীয় নেতা-কৰ্মীক উদ্দেশ্যি পত্ৰ প্ৰেৰণ কৰিছে ।

কংগ্ৰেছ দলৰ অসমৰ নেতা-কৰ্মীসকলক উদ্দেশ্যি দিয়া পত্ৰখনত কোৱা হয় যে অসম ভয়াৱহ বানপানীৰ সন্মুখীন হৈছে । অসমৰ প্ৰায় সকলো জিলাকে প্ৰভাৱিত কৰি কালৰূপী বানে জনতাৰ ব্যাপক ক্ষতিসাধন কৰিছে । বানাক্ৰান্ত ৰাইজৰ দুখ-দুৰ্গতিৰ সীমা নোহোৱা হৈছে । পত্ৰখনত কোৱা হয় যে প্ৰয়োজনৰ এই সময়ত আৰ্তজনৰ কাষত থিয় দিয়াৰ লগতে যথাসম্ভৱ সহায় আৰু সমৰ্থন আগবঢ়াব লাগিব ।

লগতে পঢ়ক: নিশা ফেচবুক লাইভত মুখ্যমন্ত্রী : ব্যক্ত কৰিলে দিনটোৰ কথা আৰু মনৰ ভাৱ

পত্ৰযোগে জীতেন্দ্ৰ সিঙে অসম চৰকাৰক সমালোচনা কৰি কয় যে অসম চৰকাৰে বানাক্ৰান্ত ৰাইজক প্ৰয়োজনীয় সহায়-সহযোগিতা অগবঢ়াব পৰা নাই । বান প্ৰতিৰোধৰ বাবে চৰকাৰে অসমৰ ৰাইজক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰাত সম্পূৰ্ণ ব্যৰ্থ হৈছে । সিঙে পত্ৰখনত উল্লেখ কৰে যে কংগ্ৰেছ চৰকাৰৰ সময়ত প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙে নিজে আহি বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰিছিল আৰু কেন্দ্ৰীয় চৰকাৰৰ যাৱতীয় সকলো সম্ভৱ সহায়-সহযোগিতা আগবঢ়াইছিল ।

কিন্তু দুৰ্ভাগ্যজনক কথা যে এন ডি এ চৰকাৰৰ কোনো কেন্দ্ৰীয় নেতা এতিয়ালৈকে অসমৰ পৰিস্থিতিৰ বুজ ল'বলৈ অহা নাই । নিৰ্বাচনৰ সময়ত ভোটৰ স্বাৰ্থত অসমলৈ বহুবাৰ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুৰ্যোগৰ এই সময়ত খবৰ লোৱাৰ বাবে নহাটো অত্যন্ত নিন্দনীয় বুলি পত্ৰখনত জীতেন্দ্ৰ সিঙে উল্লেখ কৰে । পত্ৰযোগে জীতেন্দ্ৰ সিঙে প্ৰদেশ কংগ্ৰেছৰ সভাপতি, বিৰোধী দলপতি, সাংসদ, বিধায়ক, জ্যেষ্ঠ নেতাসকলক বানপীড়িত অঞ্চলত থাকি বানাক্ৰান্ত ৰাইজক প্ৰয়োজনীয় বিত্তীয় তথা সাহায্য প্ৰদান কৰাৰ বাবে আহ্বান জনায় ।

লগতে পঢ়ক: নিশা কাজিৰঙাৰ বান পৰিস্থিতি পৰ্যবেক্ষণ মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ

তদুপৰি জীতেন্দ্ৰ সিঙে কয় যে কংগ্ৰেছ দল দুৰ্যোগৰ এই সময়ত অসমৰ ৰাইজৰ সৈতে আছে আৰু সকলো ধৰণৰ সহায়-সহযোগিতা কৰাৰ বাবে প্ৰস্তুত আছে । ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াকে ধৰি প্ৰদেশ কংগ্ৰেছৰ নেতা-কৰ্মীসকল বানপীড়িত অঞ্চললৈ গৈ বানাক্ৰান্ত ৰাইজৰ পৰিস্থিতিৰ বুজ লৈছে বুলি তেওঁ উল্লেখ কৰে ।

উল্লেখ্য যে বাৰিষাৰ দ্বিতীয়টো বানে বৰ্তমান ৰাজ্যৰ ২৮ খন জিলাত ভয়াৱহ ৰূপ ধাৰণ কৰিছে । নেৰানেপেৰা বৰষুণৰ ফলত অধিক শোচনীয় হৈ পৰিছে ৰাজ্যৰ বান পৰিস্থিতি । চৰাকৰী তথ্য মতে এতিয়ালৈকে বানত ৩৮ গৰাকী লোকৰ মৃত্যু হৈছে । বৰ্তমান সময়ত ৰাজ্যৰ ১১,৩৪,৪৪৬ গৰাকী লোক বানৰ কৱলত আছে । বান পৰিস্থিতি আৰু অধিক বেয়া হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক: জনপ্ৰতিনিধিৰ জনতাবিৰোধী আচৰণ ! সাহায্য বিচৰাৰ বাবেই আঁজুৰি ফালিলে কাপোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.