ETV Bharat / state

অসমত ধৰ্মীয় মেৰুকৰণৰ বিষবাস্প নাইকীয়া হ’ব : ঈদৰ শুভেচ্ছা জনাই ক’লে বৰদলৈয়ে - Eid al Adha 2024 - EID AL ADHA 2024

Eid Namaz: নগাঁৱত ঈদৰ নামাজ আদায় ধুবুৰীৰ লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনৰ । ৰকিবুল হুছেইনৰ সৈতে কিছু সময়ৰ বাবে উপস্থিত থাকে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈও । ৰাজ্যবাসীক ঈদৰ শুভেচ্ছা জনালে দুই সাংসদে ৷

CONGRESS MP PRADYUT BORDOLOI
EID AL ADHA 2024 (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jun 17, 2024, 10:13 PM IST

নগাঁও, 17 জুন: নগাঁৱৰ অঞ্জুমান- ই টাউন ঈদগাহত সোমবাৰে অনুষ্ঠিত হোৱা পৱিত্ৰ ঈদ উল আজাহাৰ সমূহীয়া নামাজ আদায় কৰে ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনে । অঞ্জুমান- ই টাউন ঈদগাহত অনুষ্ঠিত হোৱা ঈদৰ সমূহীয়া নামাজৰ সময়ত কিছু সময়ৰ বাবে অংশগ্ৰহণ কৰে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়েও ।

নগাঁৱত ঈদৰ নামাজ আদায় ৰকিবুল-প্ৰদ্যুতৰ (ETV Bharat Assam)

ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ তথা নগাঁৱৰ চামগুৰি সমষ্টিৰ সদ্যপ্ৰাক্তন বিধায়ক ৰকিবুল হুছেইনৰ সৈতে ঈদগাহত উপস্থিত হৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে প্ৰদ্যুৎ বৰদলৈয়ে ।

লগতে পঢ়ক: প্ৰতিকূল বতৰৰ মাজতেই বিশ্ব শান্তিৰ বাবে সমূহীয়া নামাজ - Eid al Adha 2024

পৱিত্ৰ ঈদে ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰ এনাজৰী অধিক শক্তিশালী হোৱাৰ বাবে দোৱা-প্ৰাৰ্থনা কৰাৰ কথা উল্লেখ কৰে ৰকিবুল হুছেইনে । লগতে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়েও ঈদৰ নামাজৰ প্ৰাকমুহূৰ্তত উপস্থিত থাকি সংবাদ মাধ্যমৰ জৰিয়তে সকলোলৈকে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে ।

সমূহ ইছলামধৰ্মী লোকে পৱিত্ৰ ঈদৰ সময়ত সমগ্ৰ বিশ্ব শান্তিৰ কাৰণে দোৱা কৰে বুলি মন্তব্য কৰে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । ঈদৰ নামাজৰ অন্তত অনুষ্ঠিত হোৱা সমূহীয়া দোৱাত সমগ্ৰ মানৱজাতিৰ লগতে সমগ্ৰ ভাৰতবৰ্ষ তথা অসমবাসীৰ বাবে শান্তি কামনা কৰা হয় বুলিও উল্লেখ কৰে সংসদ প্ৰদ্যুৎ বৰদলৈয়ে ।

লগতে পঢ়ক: প্ৰতিকূল বতৰকো নেওচি ঈদৰ নামাজত শ শ লোকৰ অংশগ্রহণ - Eid Ul Zuha 2024

লগতে এই পৱিত্ৰ ঈদৰ জৰিয়তে অসমত ধৰ্মীয় মেৰুকৰণৰ বিষবাস্প নাইকীয়া হ’ব বুলি মন্তব্য প্ৰকাশ কৰি সমূহ অসমবাসী পৰিয়ালবৰ্গক পৱিত্ৰ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ।

ইফালে অসম-অৰুণাচল সীমান্তৰ জোনাই মহকুমাৰ ইছলামধৰ্মী ৰাইজেও ঈদ-উদ-জোহা উপলক্ষে সমূহীয়া নামাজ আদায় কৰে । জোনাই সদৰৰ জোনাই বজাৰ জামে মছজিদ আৰু কমলপুৰ জামে মছজিদত এই উপলক্ষে সহস্ৰাধিক ইছলাম ধৰ্মাৱলম্বী ৰাইজ সমবেত হয় আৰু আটকধুনীয়াকৈ সজাই তোলা ঈদগাহ ময়দানসমূহত সমূহীয়া নামাজ পাঠ কৰে ।

লগতে পঢ়ক: ঈদ উল আজহাত হিন্দু-মুছলমানে একেলগে পৰিৱেশন কৰিলে জিকিৰ - Eid al Adha 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.