ETV Bharat / state

মুখ্যমন্ত্ৰীক স্বেচ্ছামূলক অৱসৰ লোৱাৰ আহ্বান গৌৰৱ গগৈৰ - Gaurav Gogoi on Dhing case

author img

By ETV Bharat Assamese Team

Published : Aug 26, 2024, 7:34 AM IST

Gaurav Gogoi on Dhing case: ধিং কাণ্ডৰ ভুক্তভোগী কিশোৰীগৰাকীৰ স্বাস্থ্যৰ বুজ ল'লে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে । নগাঁও চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হৈ কিশোৰীগৰাকীৰ স্বাস্থ্যৰ বুজ লৈ সংবাদ মাধ্যমৰ সন্মুখত কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য । মুখ্যমন্ত্ৰীক কি কি পৰামৰ্শ দিলে সাংসদগৰাকীয়ে ?

Gaurav Gogoi on Dhing case
মুখ্যমন্ত্ৰীক স্বেচ্ছামূলক অৱসৰ লোৱাৰ আহ্বান গৌৰৱ গগৈৰ (ETV Bharat)

নগাঁও,২৬ আগষ্ট : নগাঁও জিলাৰ ধিঙৰ কিশোৰী ধৰ্ষণকাণ্ডই সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । তাৰ মাজতে দেওবাৰে নিশা ভুক্তভোগী কিশোৰীগৰাকীৰ স্বাস্থ্যৰ বুজ ল'বলৈ নগাঁও চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হয় যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ । ভুক্তভোগী কিশোৰীগৰাকীৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে পৰিয়ালৰ সদস্যসকলৰ সৈতেও বিভিন্ন বিষয়ত আলোচনা কৰে ।

ধিং কাণ্ড ভুক্তভোগী কিশোৰীৰ স্বাস্থ্যৰ বুজ ল'লে

সংবাদ মাধ্যমৰ সন্মুখত গৌৰৱ গগৈয়ে দশম শ্ৰেণীৰ ভুক্তভোগী কিশোৰীগৰাকীক এগৰাকী সাহসী যোদ্ধা বুলি অভিহিত কৰে । অনাগত দিনত কিশোৰীগৰাকীক যিমান সম্ভব সহায় সহযোগিতা আগবঢ়োৱাৰ কথাও উল্লেখ কৰে সাংসদ গৌৰৱ গগৈয়ে । কিশোৰীগৰাকীক প্ৰতিভা সম্পন্ন বুলি উল্লেখ কৰি পৰৱৰ্তী সময়তো প্ৰতিভা বিকাশৰ লক্ষ্যৰে আগবাঢ়ি যাবলৈ তেওঁ পৰামৰ্শ আগবঢ়ায় ।

মুখ্যমন্ত্ৰীক কটাক্ষ

ইফালে ধিং কাণ্ডৰ পিচতে এটা বিশেষ সম্প্ৰদায় আৰু কংগ্ৰেছক লক্ষ্য কৰি লোৱা অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে গৌৰৱ গগৈয়ে । শেহতীয়াকৈ ৰাজ্যত ধর্ষণৰ দৰে অপৰাধমূলক ঘটনা বৃদ্ধি পোৱা বুলি খোদ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে দাবী কৰা প্ৰসংগ উল্লেখ কৰি সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰীক ব্যৰ্থ আখ্যা দিয়ে সাংসদ গৌৰৱ গগৈয়ে । গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰীক ব্যৰ্থতা স্বীকাৰ কৰি স্বেচ্ছামূলক অৱসৰ লৈ নিজে বনোৱা ৰিজ'ৰ্টত গৈ শান্তিত থাকিবলৈ পৰামৰ্শ আগবঢ়ায় সাংসদ গৌৰৱ গগৈয়ে ।

লগতে যিকোনো বিষয়ক লৈ মুখ্যমন্ত্ৰীয়ে কিছুমান মন্তব্য কৰি সাম্প্ৰদায়িকতাৰ ৰং দিয়া বুলিও উল্লেখ কৰে সাংসদ গৌৰৱ গগৈয়ে । তেওঁ কয়, "বিগত লোকসভা নিৰ্বাচনৰ পাছৰ পৰাই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা যথেষ্ট চিন্তিত হৈ পৰিছে । তেওঁৰ মন ভাগি গৈছে । মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক মূল অস্ত্ৰ কংগ্ৰেছ দলে নাইকীয়া কৰি দিলে । মৌলানা আজমল ডাঙৰীয়াক... যোৱা নিৰ্বাচনত যিদৰে কংগ্ৰেছ দলে এআইইউডিএফ দলটোক দুৰ্বল কৰি দিলে । এআইইউডিএফ দলটোৱে মুখ্যমন্ত্ৰীৰ সোঁহাত-বাঁওহাত আছিল ।"

ইফালে ধর্ষণৰ দৰে অপৰাধক লৈ কোনো ধৰণৰ ৰাজনীতি নকৰিবলৈয়ো সকলো পক্ষক আহ্বান জনায় সাংসদ গৌৰৱ গগৈয়ে । লগতে ধিঙৰ কিশোৰী ধর্ষণৰ ঘটনাত জড়িত বাকী দোষীসকলক আটাইতকৈ কঠোৰ শাস্তি প্ৰদানৰো দাবী উত্থাপন কৰে সাংসদ গৌৰৱ গগৈয়ে ।

লগতে পঢ়ক :মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰাৰ আগতে নিজৰ পৰিচয় দিব লাগিব সাংবাদিকে: হিমন্ত বিশ্ব শৰ্মা - Himanta Biswa Sarma

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.