ETV Bharat / state

বিধায়ক পদ ত্যাগ কৰি মুখ্যমন্ত্ৰীক সকীয়নি ৰকিবুল হুছেইনৰ - Rakibul Hussain resigns as MLA

author img

By ETV Bharat Assamese Team

Published : Jun 11, 2024, 4:34 PM IST

Congress's Rakibul Hussain resigns as MLA: কংগ্ৰেছৰ বিধায়ক পদ ত্যাগ ৰকিবুল ‌হুছেইনৰ ৷ ধুবুৰী লোকসভা সমষ্টিৰ পৰা অভিলেখ সংখ্য়ক ভোটৰ ব্য়ৱধানত জয়ী হৈ সাংসদ হিচাপে দিল্লী যাবলৈ সাজু কংগ্ৰেছ প্ৰাৰ্থীগৰাকী ৷ অৱশ্যে সাংসদ পদৰ পৰা বিদায় লোৱাৰ সময়ত চামগুৰিবাসী ৰাইজৰ সহযোগিতাৰ কথা স্মৰণ কৰে ৰকিবুল হুছেইনে ৷

Congress's Rakibul Hussain resigns as MLA
বিধায়ক ৰকিবুল ‌হুছেইনৰ বিদায়ী সভা (ETV BHARAT ASSAM)

গুৱাহাটী, ১১ জুন: ধুবুৰী লোকসভা সমষ্টিৰ পৰা অভিলেখ সংখ্যক ভোটত বিজয়ী হোৱা চামগুৰি বিধানসভাৰ কংগ্ৰেছৰ বিধায়ক ৰকিবুল ‌হুছেইনে মঙলবাৰে বিধায়ক পদ ত্যাগ কৰি দিল্লীৰ যাত্ৰাৰ‌ বাবে সাজু হয় । বিধায়ক পদ ত্যাগ কৰিয়ে ধুবুৰীৰ নৱনিৰ্বাচিত সাংসদ ৰকিবুল‌ হুছেইনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সকীয়নি দিয়ে । তেওঁ কয়, নিৰ্বাচনৰ সময়ত আমি ৰাজনৈতিকভাৱে এজনে আনজনৰ বিৰুদ্ধে যি ক’লো সেইবোৰ এতিয়া পাহৰিব লাগে ।‌ এক ইতিবাচক মনোভাৱ লৈ সকলো শাসক‌-বিৰোধী মিলিজুলি কাম কৰিব লাগে । যদি চৰকাৰে তথা মুখ্যমন্ত্ৰীয়ে ধুবুৰী সমষ্টিৰ লোকৰ প্ৰতি আক্ৰোশমূলক প্ৰতিশোধমূলকভাবে কাম কৰে, তেনেহ’লে আমিও মনে মনে বহি নাথাকো । কিছুমান নক'বলগীয়া কথা ক'বলৈ বাধ্য হম । ছিণ্ডিকেটৰ কথা ক'বলৈ বাধ্য হম । গতিকে এনে পৰিৱেশ নাহক তাৰে কামনা কৰো ।

লগতে পঢ়ক: দেশৰ ভিতৰতেই সৰ্বাধিক ভোটৰ ব্য়ৱধানত জয়ী ৰকিবুল হুছেইন - LOK SABHA ELECTION RESULTS 2024

উল্লেখ্য যে, অসম বিধানসভাত থকা কংগ্ৰেছ বিধায়নী দলৰ সভাকক্ষত ৰকিবুল ‌হুছেইনৰ বিদায় অনুষ্ঠান অনুষ্ঠিত হয় । কংগ্ৰেছ বিধায়নী দলৰ দলপতি দেৱব্ৰত শইকীয়া, ভৰত নৰহ, ৱাজেদ আলী চৌধুৰী, নন্দিতা দাসকে ধৰি কেইবাজনো বিধায়ক এই সভাত উপস্থিত আছিল ।

লগতে পঢ়ক: মুছলমানৰ ডাঙৰ শত্ৰু হিমন্ত বিশ্ব শৰ্মা: ৰকিবুল হুছেইন - Lok Sabha Election 2024

অনুষ্ঠানত ভাষণ দি ৰকিবুল হুছেইনে প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া আৰু তৰুণ গগৈক শ্ৰদ্ধাৰে সোঁৱৰে । কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে প্ৰথমে তেওঁ ধুবুৰীৰ পৰা নিৰ্বাচন খেলাৰ অনীহা প্ৰকাশ কৰিছিল । কিন্তু ৰাহুল গান্ধীৰ অনুৰোধমৰ্মে এটা সম্প্ৰদায়িক দলক উৎখাত কৰাৰ কংগ্ৰেছৰ লক্ষ্যৰ বাবে অৱশেষত তেওঁ ধুবুৰীৰ পৰা নিৰ্বাচন খেলাৰ বাবে মান্তি হয় । তেওঁ লগতে কয়, অসমলৈ তেওঁ আকৌ উভতি আহিব । চামগুৰিৰ ৰাইজ তেওঁৰ হৃদয়ত আছে ৷ ধুবুৰীয়ে নহয়‌ অসমত গৰাখহনীয়া সমস্যা ডাঙৰ সমস্যা । এই বিষয়টো সদনত সফলভাৱে উত্থাপন কৰা‌ হ'ব, তেওঁ কয় ৷ সভাৰ শেষত তেওঁ বিধানসভাৰ অধ্যক্ষৰ কক্ষলৈ দলেবলে গৈ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক তেওঁৰ বিধায়ক পদ ত্যাগৰ পত্ৰ প্ৰদান কৰে ।

লগতে পঢ়ক: অভিলেখ সৃষ্টি কৰি গৃহসমষ্টিত উপস্থিত ৰকিবুল হুছেইন - LOK SABHA ELECTION RESULTS 2024

লগতে পঢ়ক: কি যাদুৰে আজমলৰ ফু-মন্ত্ৰ বশ কৰিলে ৰকিবুল হুছেইনে ? - Lok Sabha Election results 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.