ETV Bharat / state

ভাললৈ আহিছে দিন : 27 জুলাইত সাংসদ গৌৰৱ গগৈৰ উপস্থিতিত কংগ্ৰেছৰ বৃহৎ যোগদান সভা - CONGRESS JOINING PROGRAMME

author img

By ETV Bharat Assamese Team

Published : Jul 26, 2024, 3:12 PM IST

MP Gaurav Gogoi: তিতাবৰ পৌৰসভাৰ বিজেপি দলৰ ৱাৰ্ড কমিছনাৰ অনন্ত কছাৰীৰ পদত্যাগ ৷ সাংসদ গৌৰৱ গগৈৰ উপস্থিতিত কংগ্ৰেছত যোগদানৰ সম্ভাৱনা কছাৰীৰ ৷

CONGRESS JOINING PROGRAMME
কংগ্ৰেছৰ বৃহৎ যোগদান সভা (ETV Bharat Assam)

যোৰহাট, 26 জুলাই: বিজেপি শাসনাধিষ্ঠ তিতাবৰ পৌৰসভাত সৃষ্টি হোৱা অচলা অৱস্থাৰ বাবে যিকোনো সময়তে উক্ত পৌৰসভাখন ভংগ হ'ব পাৰে ৷ কাৰণ, তিতাবৰ পৌৰসভাৰ দুই নং ৱাৰ্ডৰ বিজেপি দলৰ ৱাৰ্ড কমিছনাৰ অনন্ত কছাৰীয়ে ইতিমধ্যে ত্যাগ কৰিছে দল ৷ দলীয় সকলো বিষয়বাবৰ লগতে প্ৰাথমিক সদস্য পদৰ পৰাও পদত্যাগ কৰে কছাৰীয়ে ৷ তিতাবৰ বিজেপিত সৃষ্টি হোৱা দলীয় কন্দল আৰু মত পাৰ্থক্যৰ বাবে দলত্যাগ কৰাৰ কথা পদত্যাগ পত্ৰত স্পষ্টভাৱে উল্লেখ কৰিছে অনন্ত কছাৰীয়ে ৷

তাৎপৰ্যপূৰ্ণ যে, তিতাবৰৰ পৌৰপতিৰ নেতৃত্বত পৌৰসভাখনত বৃহৎ দুৰ্নীতি সংঘটিত হোৱা বুলি অভিযোগ তুলি নিজ দলৰে উপ-পৌৰপতিসহ অন্য তিনি সদস্যই অনাস্থা প্ৰস্তাৱ উত্থাপন কৰি উক্ত প্ৰস্তাৱ দাখিল কৰে তিতাবৰ মহকুমাধিপতিৰ হাতত ৷

লগতে পঢ়ক: অৱশেষত বিজেপি এৰিবলৈ সাজু অশোক শৰ্মা ! ৰাজীৱ ভৱন হ’ব পাৰে নতুন ঠিকনা - ASHOK SARMA READY TO RESIGN

সেই অনাস্থা প্ৰস্তাৱ মহকুমাধিপতিৰ কাৰ্যালয়ত পৰি থকা সময়তেই পুনৰ এগৰাকী বিজেপি ৱাৰ্ড কমিছনাৰে দলত্যাগ কৰাৰ ঘটনাই সমগ্ৰ জিলা বিজেপিত সৃষ্টি কৰে আলোড়ন ৷ পদত্যাগী কছাৰীয়ে ২৭ জুলাইত সাংসদ গৌৰৱ গগৈৰ উপস্থিতিত হাতে হাত ধৰি কংগ্ৰেছত যোগদান কৰাৰ সম্ভাৱনা আছে ৷

যোৰহাট লোকসভা সমষ্টিৰ পৰা গৌৰৱ গগৈয়ে বিগত লোকসভা নিৰ্বাচনত জয় সাব্যস্ত কৰাৰ পিচত উজনিত ক্ৰমাৎ শক্তিশালী হৈ উঠিছে কংগ্ৰেছৰ সাংগঠনিক ভেটি ৷ যাৰ বাবে বিজেপি এৰি কংগ্ৰেছত যোগদান কৰিবলৈ তৎপৰ হৈ পৰিছে বহু দল-সংগঠনৰ নেতাৰ লগতে অন্যান্য ৰাজনৈতিক দলৰ কৰ্মী ৷

উল্লেখ্য যে, দীৰ্ঘদিনৰে পৰা ৰাজ্যিক বিজেপিত দেখা দিয়া আভ্যন্তৰীণ কন্দল, মনোমালিন্যৰ পৰিণতিতে বহু পুৰণি আৰু বৰ্তমানৰ এলাগী বিজেপি নেতাই দলত্যাগ কৰি আন দলত যোগ দিয়াৰ মন মেলিছে ৷ যাৰ ভিতৰত সম্প্ৰতি চৰ্চাত আছে নলবাৰী সমষ্টিৰ পূৰ্বৰ বিধায়ক অশোক শৰ্মাৰ নাম ৷

লগতে পঢ়ক: ৰাজনৈতিক দলত অহা-যোৱা চলিয়েই থাকে : মুখ্যমন্ত্ৰী - Himanta Biswa Sarma

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.