গোৱালপাৰা,২১ এপ্ৰিল : 'বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মানুহ ।' এই অভিযোগ ধুবুৰী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ । ধুবুৰী সমষ্টিত তেওঁৰ প্ৰতিদ্বন্দ্বী এআইইউডিএফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলক আক্ৰমণ কৰি কয় যে আজমল ড৹ হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰুতলিপিত চলা মানুহ । আজমলে সদায় মুছলমান লোকসকলৰ মাদ্ৰাছাক লৈ ৰাজনীতি কৰে বুলিও তেওঁ অভিযোগ কৰে ।
তেওঁ উল্লেখ কৰা মতে শেহতীয়াকৈ বঙাইগাঁও জিলাৰ বইটামাৰীত ৰাইজে দান বৰঙনিৰে স্থাপন কৰা এখন মাদ্ৰাছা ভাঙি দিয়া হৈছিল । সেই মাদ্ৰাছাখনত কেৱল ইছলামিক শিক্ষাই নহয় তাত ছাত্ৰ-ছাত্ৰীসকলক সাধাৰণ শিক্ষাও দিয়া হৈছিল বুলি তেওঁ দাবী কৰে । মুখ্যমন্ত্ৰীয়ে সেই মাদ্ৰাছা ভাঙি দিয়াৰ পিচত আজমলে মাদ্ৰাছাখনত উপস্থিত হৈ ৰাইজক সহায় কৰাৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আইনৰ দ্বাৰস্থ নহ'বলৈ আহ্বান জনাইছিল বুলি ৰকিবুল হুছেইনে অভিযোগ কৰে ।
গোৱালপাৰা জিলাৰ ডুবাপাৰাত বিধায়ক এ কে ৰচিদ আলমৰ বাসগৃহত কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে এই সংবাদমেল সম্বোধন কৰে । সংবাদমেলত তেওঁ বদৰুদ্দিন আজমলক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে যেতিয়া এন আৰ চিৰ সময়ত হাজাৰ হাজাৰ মুছলমান লোক বিপদত পৰিছিল তেতিয়া আজমল ৰাইজৰ কাষত নাছিল । তেতিয়া কংগ্ৰেছ দলহে ৰাইজৰ কাষত আছিল আৰু ৰাইজৰ সমস্যা সমাধান কৰিছিল ।
এইবাৰ লোকসভা নিৰ্বাচনত ধুবুৰীবাসীয়ে আজমলক বিদায় দি কংগ্ৰেছ দলক আঁকোৱালি লৈ কংগ্ৰেছৰ প্ৰাৰ্থীক লক্ষাধিক ভোটত জয়ী কৰাব বুলিও তেওঁ দাবী কৰে । মুখ্যমন্ত্ৰীক লক্ষ্য কৰি ৰকিবুল হুছেইনে কয় যে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পিচত গৌৰৱ গগৈ আৰু লুৰীণজ্যোতি গগৈৰ বিজয় নিশ্চিত বুলি মুখ্যমন্ত্ৰী ভয় খাইছে । মুখ্যমন্ত্ৰী হতাশ হোৱা বুলিও তেওঁ ইংগিত দিয়ে ।
উল্লেখ্য যে এই সংবাদমেলৰ সময়তে এআইইউডিএফ দলৰ গোৱালপাৰা জিলা কমিটিৰ সভাপতি ছফিয়ৰ ৰহমানে আনুষ্ঠিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে । পৰৱৰ্তী সময়ত নেতাগৰাকীৰ নেতৃত্বত সহস্ৰাধিক লোকে কংগ্ৰেছ দলত যোগদান কৰিবও জানিব পৰা গৈছে ।