ETV Bharat / state

লখিমপুৰত বাল্যবিবাহৰ পয়োভৰ: উদ্বিগ্ন সচেতন সমাজ

author img

By ETV Bharat Assamese Team

Published : Mar 8, 2024, 8:40 PM IST

Child Marriage at Lakhimpur : বাল্যবিবাহ প্ৰতিৰোধৰ বাবে আইন আছে । শক্তিশালীভাৱে আইনখন প্ৰয়োগ কৰি বাল্যবিবাহৰ দৰে অমানৱীয় ঘটনা ৰোধ কৰিবলৈ মুখ্যমন্ত্রীয়ে সততে সৰৱ হৈ আছে । দিয়া হৈছে প্ৰয়োজনীয় নীতি-নিৰ্দেশনা । তাৰ বিপৰীতে লখিমপুৰত অসাৰ এই প্ৰচেষ্টা । জিলাখনৰ ঘূণাসুঁতিত এতিয়াও চলি আছে বাল্যবিবাহৰ ঘটনা ।

লখিমপুৰত বাল্যবিবাহৰ পয়োভৰ; উদ্বিগ্ন সচেতন সমাজ

লখিমপুৰ, ৮ মাৰ্চ : ৰাজ্যত অসাৰ হৈছে বাল্যবিবাহ প্ৰতিৰোধী আইন । অথলে গৈছে মুখ্যমন্ত্রীৰ আহ্বান আৰু প্ৰচেষ্টা । তাৰ প্ৰমাণ হৈছে লখিমপুৰত এতিয়াও ব্যাপকভাৱে চলি আছে বাল্যবিবাহ ।

  • " class="align-text-top noRightClick twitterSection" data="">

ৰাজ্যখনত বাল্যবিবাহ প্ৰতিৰোধী আইন কাৰ্যত অসাৰ প্ৰতিপন্ন হৈছে । তাৰ বিপৰীতে ব্যাপকভাৱে এতিয়াও চলি আছে অমানৱীয় বাল্যবিবাহ । মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই এনে অমানৱীয় কাৰ্য ৰোধ কৰিবলৈ জনোৱা আহ্বান আৰু প্ৰচেষ্টা কাৰ্যত অসাৰ হৈ পৰিছে । মুখ্যমন্ত্রীৰ এনে সৎ প্ৰচেষ্টাত সংশ্লিষ্টসকলে কাণসাৰ নিদিয়াৰ বাবেই বাল্যবিবাহৰ ঘটনা সঘনে ঘটিব ধৰিছে । এইক্ষেত্ৰত প্ৰশাসনৰ নীৰৱ ভূমিকাই বাল্যবিবাহৰ ঘটনা বৃদ্ধিত অৰিহণা যোগাইছে ।

তাৰ প্ৰমাণ হিচাপে লখিমপুৰ জিলাৰ ঐতিহাসিক ঘূণাসুঁতিত এতিয়াও ব্যাপকভাৱে চলি আছে বাল্যবিবাহৰ ঘটনা । আনহাতে, এনে ঘটনাত উদ্বিগ্ন হৈ পৰিছে সচেতন লোকসকল । জিলা প্ৰশাসনৰ পৰা গাঁও প্ৰধান, পঞ্চায়ত প্ৰতিনিধি আদিৰ নিৰ্লিপ্ত ভূমিকাৰ বাবে ঘূণাসুঁতিত বাল্যবিবাহৰ ঘটনা নিতৌ বৃদ্ধি পাইছে বুলি ৰাইজে অভিযোগ তুলিছে ।

ঘূণাসুঁতিৰ সচেতন ব্যক্তি সৌৰভ মিলি, দুৰ্লভ মিলি আদিয়ে সংবাদ মাধ্যমৰ আগত অভিযোগ তুলি কয় যে ঘূণাসুঁতিৰ প্ৰায় প্ৰতিখন গাঁৱতে এতিয়া সঘনে ঘটিব ধৰিছে বাল্যবিবাহৰ ঘটনা । শিমলুগুৰি, ১নং নাহৰণি, ২নং নাহৰণি, কলিয়নী, পলস ধোৱা, ২নং বামুণীজান আদি বিভিন্ন গাঁৱত সঘনে বাল্যবিবাহৰ ঘটনা ঘটিব ধৰিছে । এনেদৰে বিবাহ হোৱা ছোৱালীৰ বয়স অতি বেছি পোন্ধৰ বছৰহে হ'ব বুলি তেওঁলোকে অভিযোগ তোলে । ঘূণাসুঁতিৰ বিভিন্ন গাঁৱত এতিয়া এনেদৰে নাবালিকা বিবাহপাশত আবদ্ধ হোৱা ঘটনাই ৰাইজক সচকিত কৰি তুলিছে ।

উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ অনুপম সৃষ্টি কালজয়ী উপন্যাস মিৰি জীয়ৰীৰ পটভূমি ঘূণাসুঁতিত উদ্বেগজনকভাৱে এতিয়া চলি আছে বাল্যবিবাহৰ ঘটনা । আনহাতে, সচেতন লোকে জিলা প্ৰশাসন, আৰক্ষী আৰু চৰকাৰক এই ক্ষেত্ৰত ক্ষিপ্ৰতাৰে ব্যৱস্থা লৈ ঘূণাসুঁতিৰ বাল্যবিবাহৰ ঘটনা ৰোধ কৰিবলৈ দাবী জনাইছে । উল্লেখ্য যে দেহে-মনে পূৰ্ণতা নৌপাওঁতেই বহু নাবালিকাই এনেদৰে বিবাহপাশত আবদ্ধ হ'বলগীয়া হৈছে ঘূণাসুঁতিত । এই কাৰ্য বন্ধ কৰিবলৈ ৰাইজে চৰকাৰক আহ্বান জনাইছে ।

লগতে পঢ়ক :কলিয়াবৰত বিৰোধী ঐক্যমঞ্চৰ 'কা' বিৰোধী প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.