ETV Bharat / state

এইটো পথেৰে গ’লে বোকাত পিচলি ভাগিব পাৰে হাত-ভৰি - Dilapidated roads in Rangia

author img

By ETV Bharat Assamese Team

Published : Jun 28, 2024, 10:05 PM IST

Development in BTR: উন্নয়নৰ জয়গান গাবলৈ নেতা যাব নোৱৰা এটা পথ আছে ৰঙিয়াত ৷ খোজকাঢ়ি গ’লে আঁঠুলৈকে কোঁচাই যাব লাগিব কাপোৰ, দুচকীয়া বাহন লৈ গ’লে দুৰ্ঘটনা প্ৰায় নিশ্চিত ৷ বাৰিষা ভূঁই ৰুব পৰা পথটোৰ মেৰামতিৰ বাবে নেতাক কৈ কৈ ভাগৰি পৰিছে স্থানীয় ৰাইজ ৷

Development in BTR
উন্নয়নৰ প্ৰকৃত ছবি দেখিব এই পথেৰে গ’লে (ETV Bharat Assam)

ৰঙিয়া, 29 জুন : বিটিআৰত বাৰু সঁচাকৈ উন্নয়ন হৈছে নে ? ৰঙিয়াৰ সমীপৰ খন্দিকৰত উপস্থিত হ’লে কিন্তু বেলেগ এটা দৃশ্যহে চকুত পৰে ৷ বোকা-পানী ফালি পথেৰে পাৰ হ’ব লাগে বাহন, অহা-যোৱা কৰিব লাগে শিক্ষাৰ্থীয়ে ৷ স্বাধীনতাৰ অত বছৰ পাৰ হোৱাৰ পিচতো চিৰাখুন্দিৰ পৰা খন্দিকৰলৈ যোৱা পথটোৰ প্ৰায় এক কিলোমিটাৰ অংশ আজিকোপতি সম্পূৰ্ণ পকীকৰণ নহ’ল ৷

সেয়েহে শুকুৰবাৰে স্থানীয় ৰাইজৰ সৈতে প্ৰতিবাদ কৰিবলৈ এবিএমছু ওলাই আহিল ৰাজপথলৈ ৷ তামোলপুৰ জিলা এবিএমচুৰ উদ্যোগত আৰু খন্দিকৰ এবিএমচুৰ সহযোগত অঞ্চলটোৰ শতাধিক ৰাইজে শুকুৰবাৰে বৰষুণৰ বতৰকো নেওচি প্ৰতিবাদ সাব্যস্ত কৰে ৷

লগতে পঢ়ক: জনপ্ৰতিনিধিয়ে প্ৰতিশ্ৰুতি পূৰণ নকৰাত ৰাইজ লাগিল হাতে কামে

প্ৰতিবাদী ৰাইজে অভিযোগ উত্থাপন কৰে যে আৰম্ভণিৰে পৰা কেঁচা হৈ থকা পথটো ২০২১ চনতে বগৰীবাৰী মথাউৰী ভাঙি অহা বানে খহাই পেলাইছিল ৷ এই বিষয়ে ইটিভি ভাৰতত সেই সময়ত সবিস্তাৰে বাতৰি পৰিৱেশন কৰা হৈছিল ৷ তাৰ পিচত বহুবাৰ বিভাগীয় কৰ্তৃপক্ষক লিখিত আৰু মৌখিকভাৱে আবেদ-নিবেদন কৰিও কোনো সুফল নাপালে ৰাইজে ৷

পথচোৱা জৰাজীৰ্ণ হৈ থকাৰ বাবে অঞ্চলটোৰ ৰাইজে যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভুগি আহিছে ৷ ইফালে যিকোনো জৰুৰীকালীন সেৱাৰ বাহন এই অঞ্চলটোৰ ভিতৰলৈ যাব নোৱাৰে ৷ তেনেস্থলত স্থানীয় সহস্ৰাধিক ৰাইজ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে ৷ বি টি আৰ প্ৰধান প্ৰমোদ বড়োৰ ঘৰৰ পৰা মাত্ৰ দুই কিলোমিটাৰ আঁতৰত থকা এই পথটো ভালদৰে নিৰ্মাণ কৰি ৰাইজৰ সুবিধাৰ্থে মুকলি কৰি দিবলৈ দাবী জনাইছে প্ৰতিবাদকাৰী ৰাইজে ৷ উন্নয়নৰ কথাৰে ৰাইজক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰা চৰকাৰৰ এই পথটোত চকু পৰে নে নপৰে সেয়া লক্ষ্যণীয় হ’ব ৷

লগতে পঢ়ক: নিকৰি-ধনশিৰি সংযোগী পথে জলা-কলা খুৱাইছে এটা অঞ্চলৰ ৰাইজক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.