ETV Bharat / state

ADRE ৰ পৰীক্ষাত মহিলা প্ৰাৰ্থীক তালাচী চলোৱাৰ ক্ষেত্ৰত প্ৰস্তুত হ’ব SOP; মুখ্যমন্ত্ৰীৰ ঘোষণা - ADRE 2024

author img

By ETV Bharat Assamese Team

Published : Sep 16, 2024, 2:25 PM IST

Updated : Sep 16, 2024, 6:44 PM IST

SOP OF ADRE : নলবাৰীত ADRE পৰীক্ষাৰ্থীক শাৰীৰিকভাৱে অপদস্থৰ অভিযোগৰ পিচতেই তদন্তৰ নিৰ্দেশ আৰক্ষী সঞ্চালক প্ৰধানৰ । সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়েও প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া । মহিলা পৰীক্ষাৰ্থীক সুৰক্ষাৰ নিশ্চিতি প্ৰদান মুখ্য়মন্ত্ৰীৰ ।

SOP OF ADRE
ADRE ৰ পৰীক্ষাত মহিলা প্ৰাৰ্থীক তালাচী চলোৱাৰ ক্ষেত্ৰত প্ৰস্তুত হ’ব SOP; মুখ্যমন্ত্ৰীৰ ঘোষণা (ETV Bharat)

গুৱাহাটী, ১৬ ছেপ্টেম্বৰ: ভয়াৱহ নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত অসমত দেওবাৰে অনুষ্ঠিত সৰ্ববৃহৎ নিযুক্তি পৰীক্ষাত ১০ বজাৰ লগে লগে বন্ধ কৰি দিয়া হয় ইণ্টাৰনেট সেৱা । তিনি সহস্ৰাধিক পদৰ বিপৰীতে অৱতীৰ্ণ হৈছে এঘাৰ লক্ষাধিক প্ৰাৰ্থীক নিৰ্দিষ্ট সময়ৰ পূৰ্বেই চলোৱা হয় তালাচী । এই তালাচীৰ নামতেই নলবাৰীৰ বেলশৰস্থিত শ্বহীদ স্মৃতি কলেজত এগৰাকী যুৱতীক পৰীক্ষা দিবলৈ যাওঁতে কেন্দ্ৰটোৰ বাহিৰত শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ সামাজিক মাধ্য়ম যোগে উত্থাপিত হয় । ইয়াৰ পিচতেই এই বিষয়টোক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ।

পৰীক্ষাৰ ক্ষেত্ৰত অসমত কেতিয়াও নেদেখা নিৰাপত্তা ব্যৱস্থাৰে দেওবাৰে তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা সম্পন্ন কৰি বিতৰ্কত সোমাই পৰিছে ৰাজ্য় চৰকাৰ । মহিলা পৰীক্ষাৰ্থীক পৰীক্ষা কেন্দ্ৰত প্ৰৱেশৰ সময়ত চলোৱা তালাচীত শ্লীলতা হানি আৰু অস্বাস্থ্যসন্মত তালাচীৰ অভিযোগ উত্থাপিত হোৱাৰ পিচতে মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ বাধ্য হৈছে । মুখ্যমন্ত্ৰীগৰাকীয়ে পৰৱৰ্তী সময়ত হ’বলগীয়া পৰীক্ষা কেইটাত মহিলা প্ৰাৰ্থীৰ তালাচীৰ ক্ষেত্ৰত এছ অ’ পি প্ৰস্তুত কৰা হ’ব বুলি আজি ঘোষণা কৰিছে ।

  • সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

ADRE পৰীক্ষা সন্দৰ্ভত আজি সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰি কয়, “আমাৰ মহিলা প্ৰাৰ্থীসকলৰ শ্লীলতা আৰু মৰ্যাদা সকলো সময়তে ৰক্ষা কৰাৰ বাবে আমি দায়বদ্ধ । গতিকে পৰৱৰ্তী পৰ্যায়ৰ পৰীক্ষাসমূহৰ পূৰ্বে মহিলা প্ৰাৰ্থীক তালাচী চলোৱাৰ সন্দৰ্ভত মহামান্য আদালতে আগবঢ়োৱা প্ৰাসংগিক ৰায় আৰু মহিলা আয়োগৰ পৰা অহা নিৰ্দেশনাৰ প্ৰতি লক্ষ্য ৰাখি এক সঠিক SOP প্ৰস্তুত কৰা হ'ব ৷”

দেওবাৰে অনষ্ঠিত তৃতীয় বৰ্গৰ পৰীক্ষাত নলবাৰীৰ এগৰাকী যুৱতী প্ৰাৰ্থীয়ে তালাচীৰ নামত শৰীৰৰ গোপন অংশত হাত দিয়া বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল ৷ এই যুৱতীগৰাকীৰ অভিযোগৰ পিচত সামাজিক মাধ্যমত বিভিন্নজনে চৰকাৰক তীব্ৰ সমালোচনা কৰিছে ।

  • মুখ্যমন্ত্ৰীৰ ঘোষণা

এই বিষয়টোৱে সমগ্ৰ ৰাজ্য জুৰি ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰাত আজি পুৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ADRE ৰ পৰৱৰ্তী পৰীক্ষাৰ বাবে SOP প্ৰস্তুত কৰা হ’ব বুলি ঘোষণা কৰে ৷ সামজিক মাধ্যমত মুখ্যমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে এইদৰে, “কালি যুৱক-যুৱতীসকলে খুব আশাৰে ৰৈ থকা ADRE ৰ প্ৰথমটো পৰীক্ষা সফলতাৰে অনুষ্ঠিত হয় ৷ ইয়াৰ মাজতে এটা অতি স্পৰ্শকাতৰ অভিযোগ উত্থাপন হৈছে ৷ নলবাৰীৰ এটি পৰীক্ষা কেন্দ্ৰত এগৰাকী ছাত্ৰীয়ে প্ৰৱেশ কৰাৰ পূৰ্বে এগৰাকী মহিলা কনিষ্টবলে ছাত্ৰীগৰাকীৰ ব্যক্তিগত অংশত তালাচী চলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ বিষয়টো চিন্তনীয় আৰু সেইবাবে এই ঘটনা সন্দৰ্ভত অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানৰ সৈতে কথা পাতি সমগ্ৰ ঘটনাটোৰ তদন্ত কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছো ।”

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, “মোৰ তথা এখন সমাজৰ বাবে আমাৰ মাতৃ-ভগ্নীসকলৰ মৰ্যাদা আৰু সন্মান সৰ্বোচ্চ গুৰুত্বপূৰ্ণ । উত্তৰ লখিমপুৰত সংঘটিত আন এটি ঘটনাৰ বিষয়েও মোক অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানে অৱগত কৰালে ৷ য’ত এগৰাকী ছাত্ৰীৰ কাপোৰৰ ভিতৰৰ পৰা নকল উদ্ধাৰ কৰা হয় ।”

  • SOP প্ৰস্তুত কৰা হ'ব

মুখ্যমন্ত্ৰীয়ে পুনৰ কয়, “আমি উচ্চতম পৰ্যায়ৰ নিকা আৰু স্বচ্ছতাৰে ADRE পৰীক্ষা অনুষ্ঠিত কৰিবলৈ এশ শতাংশ প্ৰয়াস কৰিছো । এই বিষয়ত আমি কোনো কাৰণতে আপোচ কৰা নাই ৷ একে সময়তে আমাৰ মহিলা প্ৰাৰ্থীসকলৰ শালীনতা আৰু মৰ্যাদা সকলো সময়তে ৰক্ষা কৰাৰ বাবে আমি দায়বদ্ধ । গতিকে পৰৱৰ্তী পৰ্যায়ৰ পৰীক্ষাসমূহৰ পূৰ্বে মহিলা প্ৰাৰ্থীক তালাচী চলোৱাৰ সন্দৰ্ভত মহামান্য আদালতে আগবঢ়োৱা প্ৰাসংগিক ৰায় আৰু মহিলা আয়োগৰ পৰা অহা নিৰ্দেশনাৰ প্ৰতি লক্ষ্য ৰাখি এক সঠিক এছ অ’ পি প্ৰস্তুত কৰা হ'ব ৷”

  • তদন্ত ঘোষণা আৰক্ষী সঞ্চালক প্ৰধানৰ

তালাচীৰ নামত চলা আপত্তিজনক ব্যৱহাৰৰ অভিযোগৰ পাছত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে এই বিষয়ত তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তদন্তৰ নিৰ্দেশ দিয়ে ৷ ডিজিপি সিঙে সামাজিক মাধ্যম X ত কয়, “নিযুক্তি পৰীক্ষাৰ সময়ত নলবাৰীত মহিলা প্ৰাৰ্থীক পৰীক্ষা কৰাৰ সময়ত মহিলা আৰক্ষী জোৱানৰ সীমা অতিক্ৰম কৰাৰ অভিযোগৰ বিষয়টো আঞ্চলিক ডি আই জিক তদন্ত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । যিহেতু ৰেঞ্জ ডি আই জি চেণ্ট্ৰেল ৱেষ্টাৰ্ণ ৰেঞ্জ আৰু নলবাৰীৰ জিলা উপায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষক আটাইকেইগৰাকীয়েই মহিলা, গতিকে অধিক ব্যৱস্থা গ্ৰহণৰ বাবে বাস্তৱিক অৱস্থা ক্ষন্তেকতে গম পোৱা যাব ।”

লগতে পঢ়ক : উপলব্ধ হ’ল ADRE SLRC 2024 চতুৰ্থ আৰু পঞ্চম কাকতৰ এডমিট কাৰ্ড, কেনেকৈ কৰিব ডাউনলোড… - ADRE SLRC 2024

লগতে পঢ়ক : বহু চৰ্চিত নিবনুৱা সমস্যাৰ মাজতে অসমত সৰ্ববৃহৎ নিযুক্তি পৰীক্ষা; এটা পদৰ বিপৰীতে অৱতীৰ্ণ গড়ে ৩৬০ গৰাকী প্ৰাৰ্থী - ADRE 2024

Last Updated : Sep 16, 2024, 6:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.