ETV Bharat / state

হিমন্ত বিশ্ব শৰ্মাৰ গুলী কেতিয়া কাৰ গাত লাগে কোনো ঠিক নাই; মীৰা বৰঠাকুৰৰ কটাক্ষ - Sonapur Eviction Incident

author img

By ETV Bharat Assamese Team

Published : Sep 15, 2024, 11:48 AM IST

Sonapur violence: ‘‘হিমন্ত বিশ্ব শৰ্মা কাৰো নহয় । হিমন্ত বিশ্ব শৰ্মাই যি কৰি আছে তেওঁৰ দাদ বিগ্ৰেডৰ কাৰণে কৰি আছে, পত্নীৰ অভিলাষ পূৰ কৰিবৰ কাৰণে কৰি আছে ৷’’ মৰিগাঁৱত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গৰ্জন মীৰা বৰঠাকুৰৰ ৷

Mira Borthakur Goswami reacts on Sonapur Eviction Incident
মৰিগাঁও জিলা কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব অৰ্পন (ETV Bharat Assam)

ধিং,১৫ ছেপ্টেম্বৰ: সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কচুতলীৰ ট্ৰাইবেল বেল্টত উচ্ছেদ চলোৱাৰ সময়ত হোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতি তথা আৰক্ষীৰ গুলীচালনা সন্দৰ্ভত চৰকাৰক তীক্ষ্ণ সমালোচনা অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ ৷ বিধিগত নিয়ম উলংঘাৰে চৰকাৰে উচ্ছেদ চলোৱাৰ অভিযোগ তুলিছে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ৷ উচ্ছেদৰ সময়ত একাংশ লোকৰ আক্ৰমণৰ বলি হৈছিল চৰকাৰী বিষয়া-কৰ্মচাৰীৰ দল ৷ 22 গৰাকী কৰ্তব্যৰত চৰকাৰী কৰ্মচাৰী আহত হোৱাত আৰক্ষীয়ে গুলীচালনা কৰিছিল উক্ত স্থানত ৷ এই ঘটনাত দুজন আক্ৰমণকাৰী নিহত হোৱাৰ লগতে আহত হৈছিল 13 গৰাকী ৷

দাদা বিগ্ৰেডৰ বাবে কাম কৰিছে মুখ্যমন্ত্ৰীয়ে:

মৰিগাঁৱত অনুষ্ঠিত কংগ্ৰেছৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভাপতি মীৰা বৰঠাকুৰ গোস্বামীয়ে কচুতলীৰ উচ্ছেদৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । তেওঁ কয়, "কচুতলীত কেৱল মুছলমানেই নাই, তাত হিন্দু বঙালী মানুহো আছে, আমাৰ জনগোষ্ঠীয় মানুহো আছে । আমি কৈছো ট্ৰাইবেল বেল্ট এণ্ড ব্লক সমগ্ৰ অসমতে যদি বেদখল হৈছে তেন্তে তাত বিধিগত নিয়ম অনুসৰি উচ্ছেদ কৰিব লাগে । উচ্ছেদ কৰিলে চুপ্ৰিম ক'ৰ্টৰ নিৰ্দেশ অনুসৰি মানুহক এমাহ আগত ন’টিচ দিব লাগে, তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে ।"

লগতে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কয়, "বিমলা প্ৰসাদ চলিহাৰ দিনত যেতিয়া পাকিস্তানৰ পৰা শৰণাৰ্থীসকল আহি ধুবুৰী সীমান্তত আছিল, যেতিয়া খাবলৈ দিয়া নাছিল, তেতিয়া ধমকি মাৰি কৈছিলে যে দোষী-নিৰ্দোষী পিচত হ'ব । কিন্তু মানৱ অধিকাৰ খৰ্ব কৰিব নোৱাৰে । তেওঁলোকক মানুহৰ ন্যাৰ্য অধিকাৰ দিব লাগিব । কিন্তু এতিয়া এজনী সৰু ছোৱালীৰ গুপ্তাংগত গুলীয়াই দিয়া হৈছে ।"

সচেতন ৰাইজক উদ্দেশ্যি অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয়, "কাকো লৈ বিপদৰ সময়ত ৰং চাব নালাগে । কাৰণ এই হিমন্ত বাহিনীৰ গুলী কালিলৈ যে আপোনাৰ গাতো নপৰিব তাৰো কোনো মানে নাই । হিমন্ত বিশ্ব শৰ্মা কাৰো নহয় । হিমন্ত বিশ্ব শৰ্মাই যি কৰি আছে তেওঁৰ দাদ বিগ্ৰেডৰ কাৰণে কৰি আছে, পত্নীৰ অভিলাষ পূৰ কৰিবৰ কাৰণে কৰি আছে আৰু ৰাইজে এতিয়া বুজি পাইছে ।"

ট্ৰেডিং কেলেংকাৰীৰে নাম সাঙোৰ খোৱা বিধায়কৰ প্ৰতিক্ৰিয়া:

ট্ৰেডিং কাণ্ডৰ সৈতে লাহৰীঘাট সমষ্টিৰ কংগ্ৰেছী বিধায়ক আছিফ মহম্মদ নাজাৰৰ নাম সাঙোৰ খাই পৰাৰ পাছত মৰিগাঁৱত আছিফ নাজাৰে প্ৰকাশ কৰে প্ৰতিক্ৰিয়া । তেওঁ কয়, "সংবাদ মাধ্যমত মোৰ ফটো লগাই বাতৰি সম্প্ৰচাৰ হৈ আছে । এইটো এটা স্পৰ্শকাতৰ বিষয় । এইবোৰ বিষয়ত ৰাজনীতিকৰণ ভাল নহয় । আৰক্ষী-প্ৰশাসনক মই এজন ৰাইজৰ প্ৰতিনিধি হিচাপে মই সদায় সহায় কৰিম ।"

২০২৬ লক্ষ্য নৱনিযুক্ত সভাপতিৰ:

দীৰ্ঘদিন ধৰি নিষ্ক্ৰিয় ভূমিকা গ্ৰহণ কৰি অহা মৰিগাঁও জিলা কংগ্ৰেছ যেন পুনৰ সক্ৰিয় হৈ উঠিল । মৰিগাঁও জিলা কংগ্ৰেছৰ সভাপতি দায়িত্ব অৰ্পন কৰা হ'ল ৰমেশ বৰদলৈক । সেই উদ্দেশ্যৰে আয়োজিত এক বিশেষ অনুষ্ঠানত উপস্থিত থাকে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ, অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভাপতি মীৰা বৰঠাকুৰ গোস্বামী, বিধায়ক আচিফ মহম্মদ নাজাৰকে আদি কৰি ভালেসংখ্যক কংগ্ৰেছ কৰ্মী ।

সভাপতিৰ দায়িত্ব গ্ৰহণ কৰি ৰমেশ বৰদলৈয়ে কয়, "পঞ্চায়ত নিৰ্বাচন আহি আছে । পঞ্চায়ত নিৰ্বাচত আমি কংগ্ৰেছে দলে এটা ভাল ফলাফল দেখুৱাব লাগিব । ২০২৬ ত আমি তিনিটা সমষ্টি জিকিব লাগিব । যিহেতু তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনো আহি আছে তাতো আমি ভাল ফলাফল দেখুৱাব পাৰিম বুলি আশাবাদী ।"

লগতে পঢ়ক: সোণাপুৰত দল-সংগঠন নহয়, কংগ্ৰেছৰ পৰা যোৱা নতুন বিজেপিয়েহে দিছিল গ’ বেক ধ্বনি : মীৰা বৰঠাকুৰ - Sonapur Eviction Incident

কচুতলীৰ উচ্ছেদস্থলীত সংঘটিত হিংসাত্মক ঘটনাৰ আঁৰত কংগ্ৰেছ: ডাঃ ৰণোজ পেগু - Ranoj Pegu on Sonapur eviction

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.