ETV Bharat / state

ধিংকাণ্ড : লোকসভা নিৰ্বাচনৰ পিছত কিছু লোকৰ মনোবল বৃদ্ধি পোৱা বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ - Himanta Biswa Sarma

author img

By ETV Bharat Assamese Team

Published : Aug 23, 2024, 9:39 PM IST

Himanta Biswa Sarma in Barak Valley : লোকসভা নিৰ্বাচনৰ পিছত কিছু লোকৰ মনোবল বৃদ্ধি পাইছে ৷ ধিঙৰ দৰে কিছু অঞ্চলত অসমীয়া, হিন্দু মানুহৰ ওপৰত অত্যাচাৰ চলোৱা হৈছে যাতে তেওঁলোকে মাটি বিক্ৰী কৰি ঘৰ এৰি গুচি আহে ৷ কৰিমগঞ্জত এই মন্তব্য মুখ্যমন্ত্ৰীৰ ৷

Himanta Biswa Sarma in Barak Valley
কৰিমগঞ্জত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

কৰিমগঞ্জ, ২৩ আগষ্ট : তিনিদিনীয়া ভ্ৰমণসূচীৰে বৰাক উপত্যকাত আছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ মুখ্যমন্ত্ৰীৰ বৰাক ভ্ৰমণৰ আজি দ্বিতীয়টো দিনৰ দ্বিতীয়টো কাৰ্যসূচী আছিল কৰিমগঞ্জত ৷ দিনৰ প্ৰায় তিনি বজাত মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হয় কৰিমগঞ্জ জিলা গ্ৰন্থাগাৰ প্ৰেক্ষাগৃহত, য’ত আছিল এখন কৰ্মী সন্মিলন ।

কৰিমগঞ্জত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে কৰিমগঞ্জ লোকসভা আসনত জয়ী হোৱাৰ বাবে সকলো স্তৰৰ দলীয় কৰ্মীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে ৷ আনকি আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰতিগৰাকী কৰ্মীক সাজু থাকিবলৈ আহ্বান জনাই পৰৱৰ্তী বিধানসভা নিৰ্বাচনত কৰিমগঞ্জ জিলাৰ চাৰিটা সমষ্টি যাতে বিজেপিৰ দখললৈ আহে, তাৰ বাবে এতিয়াৰে পৰা কাম কৰাৰ আহ্বান জনায় ।

আনহাতে কৰ্মী সন্মিলন সামৰি সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰিবলৈ গৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘ধিঙত সংঘটিত ঘটনাই প্ৰমাণ কৰে যে কিছুমান মানুহৰ মনোবল অলপ বৃদ্ধি হৈছে । এওঁলোকে পৰিকল্পিতভাৱে খিলঞ্জীয়াসকলৰ ওপৰত অত্যাচাৰ চলোৱাৰ একমাত্ৰ উদ্দেশ্য হৈছে যাতে খিলঞ্জীয়াসকলে অত্যাচাৰত অতিষ্ঠ হৈ মাটি-বাৰী বিক্ৰী কৰিবলৈ বাধ্য হয় ৷ এই ঘটনাৰ সৈতে যিসকল জড়িত আছে তেওঁলোকৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা হাতত ল’ব । ধিঙৰ দৰে ঘটনাৰ বিৰুদ্ধে অসম চৰকাৰে আইন এখন বনাই আছে ৷’’

কৰিমগঞ্জ চহৰৰ পথৰ দুৰৱস্থাৰ সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘কৰিমগঞ্জ চহৰৰ ৰাস্তাৰ বাবে আজি ২০ কোটি টকাৰ অনুমোদন দিছো ৷ পূজাৰ আগে আগে চহৰৰ ৰাস্তা-পদুলি ভাল কৰি দিম ।’’ আনহাতে স্মাৰ্ট মিটাৰ সন্দৰ্ভত প্ৰশ্ন কৰাত মুখ্যমন্ত্ৰীৰ উত্তৰ- ‘‘বহুতে আগৰ মাহৰ বিলৰ সৈতে চলিত মাহৰ বিলৰ তুলনা কৰে, সেয়া ভুল । যদি কৰ’বাত স্মাৰ্ট মিটাৰ লৈ কোনো সন্দেহ আছে তেন্তে কোনোবাই পৰীক্ষাৰ বাবে মেন্যুৱেল আৰু স্মাৰ্ট মিটাৰ একেলগে লগাই পৰীক্ষা কৰি ল'ব পাৰে ৷’’

লগতে পঢ়ক : ধিঙৰ জঘন্য কাণ্ডক লৈ সৰ্বত্ৰে ধিক্কাৰ-গৰিহণা : কংগ্ৰেছ নেতাৰ প্ৰতিক্ৰিয়া

ধিঙৰ জঘন্য ঘটনাৰ বাবে চৰকাৰে যি কৰিব লাগে কৰিব: পীযুষ হাজৰীকা

তদন্ত সঠিক দিশত আগবাঢ়িছে, অভিযুক্তৰ পৰা লাভ কৰা হৈছে তথ্য : ধিঙত জি পি সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.