ETV Bharat / state

নিয়তিৰ পৰিহাসক আমি স্বীকাৰ কৰিব লাগিব : ৰমেন বৰুৱা সন্ধানহীন প্ৰসংগত মুখ্যমন্ত্ৰী - Ramen Baruah missing - RAMEN BARUAH MISSING

Ramen Baruah missing : কোনোবা যদি নদীৰ কাষলৈ গৈ উভতি অহাৰ প্ৰমাণ নাই তেন্তে নিয়তিৰ কথা আমি মানি ল'ব লাগিব ৷ ৰমেন বৰুৱা সন্ধানহীন হোৱা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ প্ৰতিক্ৰিয়া ৷

RAMEN BARUAH MISSING
মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 26, 2024, 7:29 PM IST

গুৱাহাটী, 26 জুলাই : আজিও সন্ধান ওলোৱা নাই বিশিষ্ট শিল্পী ৰমেন বৰুৱাৰ ৷ সোমবাৰৰ পৰা নিৰুদ্দেশ হৈ থকা শিল্পীগৰাকীৰ সন্ধানত ধাৰাবাহিকভাৱে চলিছে অভিযান ৷ কিন্তু তথাপিও শিল্পীগৰাকীৰ কোনো শুংসূত্ৰ ওলোৱা নাই ৷ আজি শিল্পীগৰাকী নিৰুদ্দেশ হৈ থকা ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ দিছপুৰৰ লোকসেৱা ভৱনত আয়োজন কৰা এখন সংবাদমেলত এই সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷

ৰমেন বৰুৱা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

মুখ্যমন্ত্ৰীয়ে কয় যে কোনোবা যদি নদীৰ কাষলৈ গৈ উভতি অহাৰ প্ৰমাণ নাই তেন্তে নিয়তিৰ কথা আমি মানি ল'ব লাগিব ৷ আৰক্ষী আয়ুক্তই জনোৱা মতে ৰমেন বৰুৱা ব্ৰহ্মপুত্ৰ নদীলৈ যোৱাৰ প্ৰমাণ আছে যদিও উভতি অহাৰ প্ৰমাণ নাই ৷ কোনোবা যদি নদীলৈ যায় আৰু ঘূৰি নাহে তেন্তে ইয়াক সকলোৱে নিয়তিৰ পৰিহাস বুলি মানি লোৱা উচিত ৷ নদীত পানী ওফন্দি আছে আৰু কোনোবা যদি নদীলৈকে যায় আৰু উভতি নাহে তেন্তে ইয়াত আৰু বেছি আগবাঢ়ি যোৱাৰ প্ৰশ্ন নাথাকে ৷ নিয়তিৰ পৰিহাসক আমি স্বীকাৰ কৰিব লাগে বুলি মুখ্যমন্ত্ৰীয়ে কয় ৷

লগতে পঢ়ক : ৰমেন বৰুৱাৰ নিৰুদ্দেশৰ লগত জড়িত নাই কোনো বাহ্যিক শক্তি - Ramen Baruah missing

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ৰমেন বৰুৱা নদীৰ কাষলৈ যোৱা দেখা পোৱা বহুত মানুহ আছে আৰু ট্ৰেকাৰ ড'গেও যোৱা ঠাইখিনিলৈ গৈ ৰৈ গৈছিল ৷ নদীৰ পৰা উভতি অহাৰ প্ৰমাণ নাথাকিলে নিয়তিৰ পৰিহাসক স্বীকাৰ কৰা উচিত ৷ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে আৰক্ষীয়ে লাভ কৰা তথ্য মতে সিদিনা পুৱা ৰমেন বৰুৱাই প্ৰচণ্ড মানসিক আঘাত পাইছিল আৰু আঘাত প‍াই তেখেতে ব্ৰহ্মপুত্ৰৰ দিশে গৈছিল আৰু ঘূৰি অহাৰ কোনো প্ৰমাণ নাই ৷ উল্লেখ্য যে সোমবাৰে পুৱাৰে পৰা সন্ধানহীন হৈ আছে বিশিষ্ট শিল্পী ৰমেন বৰুৱা ৷ ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ গুৱাহাটীকে ধৰি বিভিন্ন প্ৰান্তত অভিযান চলোৱা হৈছে যদিও শিল্পীগৰাকীৰ কোনো শুংসূত্ৰ ওলোৱা নাই ৷

লগতে পঢ়ক : সংবাদ মাধ্যমক উভতি ধৰিলে ব্ৰজেন বৰুৱাৰ কন্যাই : দ্বীপেন বৰুৱাৰ মন্তব্যকো অস্বীকাৰ - RAMEN BARUAH MISSING

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.