গুৱাহাটী, ২ মাৰ্চ : চৰকাৰী কাৰ্যালয়ত কৰ্মচাৰী কিমান সময়লৈ থাকিব লাগে সেই সম্পৰ্কে ক’লে খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । শনিবাৰে গুৱাহাটীৰ গণেশগুৰিত নতুন কৰ ভৱন উদ্বোধন কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে চৰকাৰী কৰ্মচাৰী সকলক উদ্দেশ্যি নীতিপাঠ দিয়ে । মুখ্যমন্ত্ৰীয়ে কয়- ‘বাজেটৰ সময় নহ'লে সন্ধিয়া ৬ বজাৰ পিচত কাৰ্যালয়ত থকাৰ কোনো অৰ্থ নাই । ৬ বজাৰ পিচত কৰ্মচাৰীসকল কাৰ্যালয়ত থকাৰ বিপৰীতে ঘৰত গৈ পৰিয়ালটোৰ লগত থাকিলে মন আৰু স্বাস্থ্য ভালে থাকিব ।'
- " class="align-text-top noRightClick twitterSection" data="">
মুখ্যমন্ত্ৰীয়ে লগতে কয় যে তেওঁ আন মুখ্যমন্ত্ৰীৰ দৰে নিশা ৯-১০ বজালৈ কাম কৰাৰ কথা নকয় । নিশা কামটো নহয় আড্ডাহে হয় বুলি সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ইলেক্ট্ৰনিকচ ফাইল সকলোৰে আছে । গতিকে কাম থাকিলে ঘৰত গৈ কৰিব লাগে । ৰাতি বেচিকৈ থকাৰ পৰিৱৰ্তে এঘণ্টা আগতে আহক নাইবা লান্সৰ সময়তো কাম কৰক । কৰ্মচাৰীসকলক সময়ৰ ব্যৱহাৰ সম্পৰ্কত নীতিপাঠ দি মুখ্যমন্ত্ৰীয়ে লগতে কয় যে বিদ্যুৎ পৰিষদক চৰকাৰী কাৰ্যালয়সমূহৰ বিদ্যুৎ সন্ধিয়া ৭.৩০ বজাত স্বয়ংক্ৰিয়ভাৱে কৰ্তন কৰাৰ বাবে কোৱা হৈছে ।
আমি ক'লে লাইট বন্ধ নকৰিব বুলি সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে যাৰ কাম কৰাৰ ইচ্ছা আছে তেওঁলোকে ইনভাৰ্টাৰত কৰিব । এইক্ষেত্ৰত পলিচী ডিচিজন লোৱাৰ কথা সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে মেডিকেল কলেজ আৰু ক্ৰিটিকেল অফিচ কেইটাক বাদ দি প্ৰত্যেকটো কাৰ্যালয়তে কামৰ স্পীড অনুসৰি স্বয়ংক্ৰিয় বিদ্যুৎ কৰ্তন কৰাৰ বাবে সময় এটা ঠিক কৰি ল’ব লাগে । সেই সময়মতে বিদ্যুৎ পৰিষদে বিদ্যুৎ কৰ্তন কৰি দিব । আজিৰ দিনটোত অসমত ২৩২ টা চৰকাৰী কাৰ্যালয় স্বয়ংক্ৰিয়ভাৱে বিদ্যুৎ সেৱা কৰ্তন কৰাৰ পৰ্যায়লৈ অনা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জনিবলৈ দিয়ে ।
মুখ্যমন্ত্ৰীয়ে কাৰ্যালয়সমূহ সৌৰশক্তিৰ দ্বাৰা পৰিচালিত হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । লগতে মুখ্যমন্ত্ৰীয়ে বিদ্যুৎ ৰাহি কৰাৰ বাবে কাৰ্যালয়সমূহত পোহৰৰ প্ৰয়োজন অনুপাতে লাইট লগোৱাৰ বাবেও পৰামৰ্শ আগবঢ়ায় । আনহাতে মুখ্যমন্ত্ৰীয়ে কৰ্মসংস্থাপন বিচাৰি অসমৰ মানুহ বাহিৰলৈ যাব নালাগে বুলি মন্তব্য কৰি বাহিৰৰ মানুহ অসমলৈ আহিব লাগে বুলি কয় । ৰাজ্যৰ উন্নয়নৰ বাবে হৃদয়ৰ পৰা ভাল পাব লাগিব বুলি সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কেৱল মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনক সলনি কৰিব নোৱাৰে কৰ্মচাৰীসকলেও সহায়-সহযোগ কৰিব লাগিব ।
আনহাতে কৰ সংগ্ৰহৰ নামত চৰকাৰী ধন আত্মসাৎ কৰাটো বন্ধ কৰিব লাগে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে যুৱ বিষয়া-কৰ্মচাৰীসকলক ধনাত্মক কথা শিকাব লাগে বুলি কয় । উল্লেখ্য যে ১১২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা নতুন কৰ ভৱনত ৫০০ৰো অধিক বিষয়া-কৰ্মচাৰীৰ বাবে কাম কৰাৰ সুবিধা আছে । অনুষ্ঠানত বিত্তমন্ত্ৰী অজন্তা নেওগ, বিধায়ক অতুল বৰা, বিত্ত বিভাগৰ অতিৰিক্ত মুখ্য সচিব ৰবি কোটা, বিত্ত বিভাগৰ আয়ুক্ত সচিব জয়ন্ত নাৰ্লিকাৰ আৰু কৰ আয়ুক্ত পল্লৱ গোপাল ঝাৰ উপৰি কেইবাগৰাকী বিষয়া উপস্থিত আছিল । উল্লেখ্য যে বিকাশৰ যাত্ৰা হিচাপে আজি মুখ্যমন্ত্ৰীয়ে কামৰূপ মহানগৰ জিলাত ৬৪০ কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও প্ৰকল্পৰ শুভ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে ।
লগতে পঢ়ক : অসমত যকৃৎ সংৰোপনৰ ব্যৱস্থা কৰাত গুৰুত্ব আৰোপ মুখ্যমন্ত্ৰীৰ