ETV Bharat / state

উচ্ছেদ অভিযানৰ ক্ষেত্রত বিৰোধীৰ বিৰোধিতা কিয় নামানে মুখ্যমন্ত্রীয়ে ? - Tribal Belt and Block Law

author img

By ETV Bharat Assamese Team

Published : Sep 14, 2024, 6:35 PM IST

Sonapur eviction : সোণাপুৰৰ কচুতলীৰ উচ্ছেদ প্ৰসংগত পুনৰ বিৰোধীক সমালোচনা মুখ্য়মন্ত্ৰীৰ । ট্ৰাইবেল বেল্ট আৰু ব্লকৰ আইনখন কংগ্ৰেছে কিয় বিৰোধিতা কৰিছে তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে মুখ্য়মন্ত্ৰীগৰাকীয়ে ।

CM Himanta Biswa Sarma
মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

গুৱাহাটী, ১৪ ছেপ্টেম্বৰ : "মোৰ এটাই কথা যে ট্ৰাইবেল বেল্ট আৰু ব্লকত অনাকাংক্ষিত লোকৰ উপস্থিতিয়ে অসমৰ জনজাতীয় লোকসকলৰ ভৱিষ্যৎ বিপদাপন্ন কৰি তুলিব ।" এই মন্তব্য মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । সোণাপুৰৰ কচুতলীৰ উচ্ছেদস্থলীত শুকুৰবাৰে এ আই ইউ ডি এফৰ এটা প্ৰতিনিধি দল যোৱাৰ পাছত শনিবাৰে কংগ্ৰেছৰ এটা প্ৰতিনিধি দল গৈছিল যদিও আৰক্ষীয়ে প্ৰৱেশত বাধা প্ৰদান কৰে । যাক লৈ দুয়োটা বিৰোধী দলে ব্যাপক প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ লগতে এই উচ্ছেদকাৰ্যক অমানৱীয় আখ্যা দিছে ।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি আজি মুখ্যমন্ত্রীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়, "ট্ৰাইবেল বেল্ট আৰু ব্লকৰ আইনখন আমি প্ৰণয়ন কৰা নহয় । এই আইনখন কংগ্ৰেছ দলে আনিছিল । এতিয়া কংগ্ৰেছ দলে এই আইনখনৰ বিৰোধিতা কৰাটো মই নিজেও বুজিব পৰা নাই । তেওঁলোকক ট্ৰাইবেল বেল্ট আৰু ব্লক লাগে নে নাই । সদনত নিজেই আইন আনে আৰু বাহিৰত আইনখনৰ বিৰোধিতা কৰে । তেতিয়াহ'লে মই ভাবো যে আমি কেতিয়াও এটা সচেতন বিৰোধী পক্ষ নাপাও ।"

মুখ্যমন্ত্রীগৰাকীয়ে পুনৰ কয়,"তেওঁলোকে যদি কচুতলীৰ উচ্ছেদৰ বিৰোধিতা কৰিছে তেতিয়াহ'লে মই তেওঁলোকক আহ্বান জনাম যে অহা বিধানসভাত তেওঁলোকে ট্ৰাইবেল বেল্ট আৰু ব্লক উঠাই দিব লাগে বুলি আইন অনাৰ বাবে প্ৰস্তাৱ আনক । কিন্তু যেতিয়ালৈকে ট্ৰাইবেল বেল্ট আৰু ব্লক থাকিব তেতিয়ালৈকে কংগ্ৰেছ ইয়াক বিৰোধিতা কৰিব নোৱাৰে। বিৰোধিতা কৰিলেও আমি নামানো ।"

অসমে উৎপাদন কৰিব তিনি হাজাৰ মেগাৱাট সৌৰশক্তি :

ইপিনে, অসমত গ্ৰীণ এনাৰ্জিৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "অসমত তিনি হাজাৰ মেগাৱাট সৌৰ বিদ্যুৎ উৎপাদনৰ কাম আমি কৰি আছো । অহা দুই-তিনি বছৰৰ ভিতৰত অসমে তিনি হাজাৰ মেগাৱাট সৌৰশক্তি উৎপাদন কৰিব আৰু বিভিন্ন প্ৰকল্প বৰ্তমান চলি আছে । আমাৰ টাৰ্গেট হ'ল তিনি হাজাৰ মেগাৱাট ।"

লগতে পঢ়ক:সোণাপুৰত উচ্ছেদথলীলৈ যাবলৈ নিদিলে কংগ্ৰেছৰ সজাতি দলক : উভতাই পঠিয়ালে স্থানীয় দল-সংগঠনে - Sonapur Eviction Incident

সোণাপুৰৰ কচুতলীবাসীৰ বাবে এখন বিশেষ জাননী; কি আছে নিৰ্দেশনাটোত ? - Sonapur eviction incident

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.