দেৰগাঁও, ৭ আগষ্ট: দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰি বাংলাদেশত শেহতীয়াকৈ সংঘটিত হোৱা ভয়ংকৰ ঘটনা সন্দৰ্ভত মন্তব্য় আগবঢ়ায় । মুখ্যমন্ত্ৰীগৰাকীয়ে কাজিৰঙাত পঞ্চতাৰকা হোটেল নিৰ্মাণ কৰিবলৈ তাজ গ্ৰুপৰ সৈতে চুক্তি সম্পন্ন সন্দৰ্ভতো মন্তব্য় কৰে ।
বুধবাৰে দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমিত অনুষ্ঠিত হয় এক দীক্ষান্ত সমাৰোহৰ । এই সমাৰোহত অসম বন সুৰক্ষা বাহিনীৰ নৱ-নিযুক্ত ৯৪০ গৰাকী জোৱানে অংশগ্ৰহণ কৰে । কঠোৰ অনুশীলন আৰু নিয়মানুৱৰ্তিতাৰে প্ৰশিক্ষণ গ্ৰহণ কৰাৰ পাচত অনুষ্ঠিত এই দীক্ষান্ত সমাৰোহৰ অন্তত নৱ নিযুক্ত বন সুৰক্ষা বাহিনীৰ ৯৪০ গৰাকী জোৱানৰ প্ৰতিজনেই এগৰাকী পূৰ্ণ পৰ্যায়ৰ জোৱান হিচাপে স্বীকৃতি লাভ কৰে ।
এই বিশেষ দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে বাংলাদেশত শেহতীয়াকৈ সংঘটিত ভয়ংকৰ ঘটনা সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাংলাদেশৰ নতুনকৈ গঠন হোৱা চৰকাৰৰ লগত যোগাযোগ কৰি তাত যাতে উত্তৰ-পূৰ্বাঞ্চলৰ কোনো উগ্ৰপন্থী সংগঠনে বাহৰ পাতিব নোৱাৰে তাৰ প্ৰতি গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায় । তেওঁ কয়," এই ঘটনাই আমাৰ ৰাজ্য়খনক নিশ্চিতভাৱে চিন্তিত কৰিছে । "
ইপিনে, কাজিৰঙাত পঞ্চতাৰকা হোটেল নিৰ্মাণ যো-জা সন্দৰ্ভত মুখ্য়মন্ত্ৰী গৰাকীয়ে কয়," কাজিৰঙাত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ প্ৰয়োজন আছে । নহ'লে কাজিৰঙাৰ পৰ্যটন উদ্য়োগটো এটা পৰ্যায়ৰ পৰা আগবাঢ়ি নাযাব । বহুতৰে ভ্ৰান্ত ধাৰণা আছে যে আমি কাজিৰঙাৰ জৈৱ বৈচত্ৰৰ ক্ষেত্ৰত কৰিছো । আমি য'ত হোটেলৰ কাম কৰিছো সেয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্য়ানৰ পৰা এক কিলোমিটাৰ দুৰৈত । "
আনহাতে গুৱাহাটীৰ শেহতীয়া অভূতপূৰ্ব বানৰ বাবে মুখ্যমন্ত্ৰীয়ে মূলতঃ ইউ এছ টি এম বিশ্ববিদ্যালয়ক জগৰীয়া কৰি কয়- "এই বিশ্ববিদ্যালয়খন হোৱাৰ আগলৈকে মেঘালয়ৰ পৰা ইমান পানী একেলগে অসমলৈ নামি অহা নাছিল ৷ কিন্তু ইউ এচ টি এমে একেলগে চাৰি-পাঁচখন পাহাৰ কাটি পেলাইছে, যাৰ বাবে এতিয়া মেঘালয়ৰ পৰা একেলগে ইমান পানী অসমলৈ নামি আহিছে ৷"
এই অনুষ্ঠানটোৰ লগতে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ লগতে বহুকেইগৰাকী অসম চৰকাৰৰ বিষয়া । সমান্তৰালভাৱে এই দীক্ষান্ত সমাৰোহত উপস্থিত থাকি জোৱান সকলৰ সমাৰোহৰ মুহুৰ্ত প্ৰতক্ষ্য কৰে জোৱানসকল পৰিয়ালৰ লোকসকলে ।