ETV Bharat / state

45 ঘণ্টা পাৰ হ'ল, এতিয়াও সন্ধান ওলোৱা নাই অবিনাশৰ : উদ্ধাৰ অভিযানস্থলীত মুখ্যমন্ত্ৰী - Minor Boy Drowns In Drain - MINOR BOY DROWNS IN DRAIN

Minor Boy Drowns In Drain : এতিয়াও সন্ধান ওলোৱা নাই নলাৰ পানীত উটি যোৱা অবিনাশ সৰকাৰৰ ৷ ইয়াৰ মাজতে উদ্ধাৰ অভিযানস্থলীত উপস্থিত হৈ পিতৃ-মাতৃক বুজনি মুখ্যমন্ত্ৰীৰ ৷

MINOR BOY SWEPT AWAY IN DRAIN
উদ্ধাৰ অভিযানস্থলীত উপস্থিত মুখ্যমন্ত্ৰী (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : Jul 6, 2024, 8:27 PM IST

গুৱাহাটী, 6 জুলাই : মহানগৰগীত বৃহস্পতিবাৰে নিশা বৰষুণৰ মাজতে নলাৰ পানীত উটি যোৱা অবিনাশ সৰকাৰ নামৰ শিশুটিৰ এতিয়াও সন্ধান উলিয়াব পৰা নাই অভিযানকাৰী দল ৷ এতিয়াও এছ ডি আৰ এফ আৰু এন ডি আৰ এফ-এ নলাই নলাই চলাই আছে অভিযান ৷ ইয়াৰ মাজতে শনিবাৰে বিয়লি অভিযানস্থলীত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ অবিনাশৰ দু্ৰ্ভগীয়া পিতৃ-মাতৃক ঘৰলৈ প্ৰেৰণ কৰিবলৈ উদ্ধাৰ অভিযানস্থলীত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী ৷ মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে শিশুটিৰ পিতৃ-মাতৃক উদ্ধাৰ অভিযানস্থলীৰ পৰা ঘৰলৈ পঠিওৱাৰ চেষ্টা কৰে ৷

সন্ধান ওলোৱা নাই নলাৰ পানীত উটি যোৱা অবিনাশ চৰকাৰৰ (ETV BHARAT ASSAM)

উল্লেখ্য যে, প্ৰায় তিনিদিনৰ পিচতো অবিনাশ সৰকাৰৰ সন্ধান উলিওৱাত ব্যৰ্থ হৈছে প্ৰশাসন ৷ জ্যোতি নগৰৰ লগতে চানমাৰি মিলনপুৰৰ নলাই নলাই অভিযান চলাইছে এন ডি আৰ এফ আৰু এছ ডি আৰ এফ-এ ৷ বহু স্থানত উঠাই দিয়া হৈছে নলাৰ শ্লেব ৷ শনিবাৰে বিয়লি বামুনীমৈদামত উপস্থিত হৈ উদ্ধাৰ অভিযান কাৰ্যৰ বুজ লোৱাৰ লগতে পিতৃ-মাতৃক বুজনি দিয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ অবিনাশৰ পিতৃ হৰলাল সৰকাৰ আৰু মাতৃ তৃষ্ণামণি সৰকাৰক সান্ত্বনা দিয়াৰ লগতে আজি নিশা ঘৰলৈ যাবলৈ বুজনি দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ কাৰণ নলাৰ পানীত উটি যোৱা অবিনাশৰ পিতৃয়ে নিশাটো ঘটনাস্থলীতে পুত্ৰক বিচাৰি চটফটাই কটাইছে ৷ ইফালে সোমবাৰে মুখ্যমন্ত্ৰীয়ে অবিনাশৰ ঘৰলৈ যোৱাৰো আশ্বাস দিয়ে ৷

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘটনা সন্দৰ্ভত কয় যে, অবিনাশ যিটো নলাত পৰিছে সেই নলাটো দীঘলীয়া ৷ নলাটো ভৰলুলৈ সংযোগ আছে ৷ এন ডি আৰ এফ আৰু এছ ডি আৰ এফ-এ সাতবাৰকৈ নলাটোত অভিযান চলাইছে ৷ পুনৰ নলাটোৰ লগতে ভৰলুত উদ্ধাৰ অভিযান চলোৱা হ'ব ৷ প্ৰশাসনে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷ তেওঁ লগতে কয় যে, অবিনাশৰ লগত যি ঘটনা সংঘটিত হ’ল এইটো এটা দুৰ্ঘটনা ৷ বৃহস্পতিবাৰে বৰষুণৰ মাজত যি ঘটনা হ'ল তাক দুৰ্ঘটনা বুলি কোৱাৰ বাদে উপায় নাই ৷

লগতে পঢ়ক : উদ্ধাৰ হ’ল নিখোজ অবিনাশৰ ছেণ্ডেলযোৰ; নলাই নলাই সন্তানক বিচাৰি হাবাথুৰি দুৰ্ভগীয়া পিতৃৰ - Minor Boy Swept Away in Drain

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.