ETV Bharat / state

আলফা(স্বা)ৰ শক্তি নাই বুলি ক’ব নোৱাৰি, সকলো আছে তেওঁলোকৰ : মুখ্যমন্ত্ৰী ড৹ শৰ্মা - Himanta Biswa Sarma

author img

By ETV Bharat Assamese Team

Published : Aug 24, 2024, 8:18 PM IST

CM Himanta Biswa Sarma in Silchar : আলফা(স্বা)ৰ শক্তি নাই বুলি ক’ব নোৱাৰি ৷ অসমলৈ এজনো হিন্দু সোমাবলৈ চেষ্টা কৰা নাই, মুছলমানেহে চেষ্টা কৰি আছে ৷ অসমত ঘটনা হ’লে আৰক্ষীয়ে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰে ৷ শিলচৰত আৰু কি কি ক’লে মুখ্যমন্ত্ৰীয়ে ?

CM Himanta Biswa Sarma in Silchar
শিলচৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

শিলচৰ, 24 আগষ্ট : তিনিদিনীয়া ভ্ৰমণসূচীৰে বৰাকত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে অন্তিমটো দিনত এক সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷

  • বাংলাদেশৰ পৰা এজনো হিন্দুৱে অসমত সোমাবলৈ চেষ্টা কৰা নাই : মুখ্যমন্ত্ৰী

বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অসমলৈ বাংলাদেশী অনুপ্ৰৱেশৰ প্ৰসংগত গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘যোৱা দুমাহৰ পৰা মই বহু ওচৰৰ পৰা নিৰীক্ষণ কৰি আছোঁ ৷ অসমলৈ এজনো হিন্দু সোমাবলৈ চেষ্টা কৰা নাই ৷ যিসকল আহিবলৈ চেষ্টা কৰিছে তেওঁলোক মুছলমান ৷ কেৱল অসমলৈয়ে নহয়, পশ্চিমবংগ আৰু তামিলনাডুলৈ যাবলৈও চেষ্টা কৰিছে ৷ আজি পুৱাও আমি ঘূৰাই পঠাইছোঁ ৷ সকলো কৰিমগঞ্জতে ধৰি থকা হৈছে ৷’’

  • পশ্চিমবংগৰ ঘটনা আৰু অসমৰ ঘটনাৰ পাৰ্থক্য :

কলকাতাৰ চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনা আৰু ধিঙত নাৱালিকাক ধৰ্ষণৰ সন্দৰ্ভত চৰকাৰৰ নীতিৰ সন্দৰ্ভতো মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ দুয়োখন ৰাজ্যৰ প্ৰশাসনিক নীতিৰ পাৰ্থক্য বুজাই মুখ্যমন্ত্ৰীয়ে কয়, ‘‘যেতিয়া ছোৱালী বা নাৰীৰ ক্ষেত্ৰত আমি শূন্যসহনশীল নীতি অৱলম্বন কৰো ৷ অসমত কিবা এটা ঘটনা হ’লে আৰক্ষীয়ে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰে ৷ ইয়াত আমাৰ একো এৰা-ধৰা নাই ৷ এইটোৱেই পাৰ্থক্য ৷’’

  • আলফা(স্বা)ৰ শক্তি আছে, প্ৰশিক্ষণপ্ৰাপ্ত 700 সদস্যও আছে : ড৹ শৰ্মা

পৰেশ বৰুৱাৰ 700 প্ৰশিক্ষণপ্ৰাপ্ত কেডাৰ আছে ৷ শুভাকাংশীৰ যথেষ্ট ভাল নেটৱৰ্ক আছে ৷ তেওঁৰহে শুভাকাংশী, দেশৰ নহয় ৷ তেওঁৰ শক্তি আছে, তেওঁৰ শক্তিক আমি হেয় কৰিব নোৱাৰোঁ ৷ কিন্তু আৰক্ষীৰ বেছি শক্তি আছে নিয়ন্ত্ৰণ কৰিবৰ বাবে ৷ আলফা মৃত্যুমুখী সংগঠন নহয়, আলফাৰ একো নাই বুলি মই নকওঁ ৷ আলফাৰ নিশ্চয় বহুত আছে ৷ 700 সদস্য আছে, যথেষ্ট অস্ত্ৰ-শস্ত্ৰ আছে ৷ প্ৰযুক্তি আছে তেওঁলোকৰ লগত ৷ সকলো আছে তেওঁলোকৰ ৷ সেয়েহে আমি আমাৰ বিৰোধী শক্তিক তলৰ বুলি ভাবিব নালাগে ৷

শান্তি আলোচনাৰ প্ৰসংগত তেওঁ কয়, ‘‘যোৱা তিনি বছৰৰ পৰা শান্তিপূৰ্ণ পৰিস্থিতি হৈ আছে ৷ এই শান্তিপূৰ্ণ পৰিৱেশ অব্যাহত ৰাখিবলৈ আমি চেষ্টা কৰি আছোঁ ৷ কিন্তু পৰেশ বৰুৱা এনেকুৱা নহয় যে ফোনকল এটা কৰিয়েই আলোচনাৰ বাবে মাতি আনিব ৷ এইটো কঠিন কাম ৷ এদিন সফল হ’ম ৷’’

  • CAA ৰ জৰিয়তে অসমত প্ৰৱেশ কৰাৰ সন্দৰ্ভত :

নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে ভাৰতীয় নাগৰিকত্ব লৈ অসমত বাসিন্দা হোৱাৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘যদিহে প্ৰকৃত হিন্দু বাংলাদেশী হয়, মই নাভাবো যে সেই সংখ্যা বৰ বেছি নহ’ব ৷ মই আছু, লুৰীণজ্যোতি গগৈৰ সৈতে একমত নহয় ৷ তেওঁলোকে কোৱাৰ দৰে 20 লাখ, 30 লাখ হিন্দু বাংলাদেশী নাহে ৷ 100 মান হ’ব পাৰে ৷ এতিয়ালৈকে 6 গৰাকীয়ে আবেদন কৰিছে ৷ ইয়াৰ পিচত খুউব বেছি 20 হাজাৰে আবেদন কৰিব ৷ কিন্তু 20 লাখ হ’বগৈ নোৱাৰে ৷ কা আন্দোলনৰ সময়ত এটা পৰিৱেশৰ সৃষ্টি কৰা হৈছিল 20 লাখ হিন্দু বাংলাদেশী আহিব বুলি, কিন্তু তেনেকুৱাতো নাই হোৱা ৷ বাংলাদেশৰ ঘটনাটো হোৱাৰ পিচতো মুছলমান লোকহে আহিবলৈ চেষ্টা কৰিছে, হিন্দু অহা নাই ৷’’

লগতে পঢ়ক : নাৰীৰ সুৰক্ষা বাবে কি কি পদক্ষেপ লৈছে বিজেপি চৰকাৰে ? তথ্য বিচাৰিছে কংগ্ৰেছে

মুখ্যমন্ত্ৰীৰ সন্মুখতেই শিলচৰ চিকিৎসা মহাবিদ্য়ালয়ত অস্থায়ী কৰ্মীৰ প্ৰতিবাদ

অশান্ত বাংলাদেশত হিন্দুসকলক‌ সুৰক্ষিত কৰাৰ বাবে হেঁচা প্ৰয়োগৰ আহ্বান মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.