গুৱাহাটী : অসমৰ পাহাৰীয়া অঞ্চলসমূহ পৰম্পৰাগতভাৱে ইয়াৰ ৰসাল ফল আৰু শাক-পাচলিৰ বাবে বিখ্যাত । বিশেষকৈ কমলা খেতি ব্ৰহ্মপুত্ৰ উপত্যকাৰ কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাৰ লগতে কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ সীমান্তৱৰ্তী অঞ্চলসমূহত কৰা হয় ।
অৱশ্যে বিগত কিছু বছৰৰ পৰা কমলাৰ বাগিচাবোৰ কীট-পতংগ আৰু ৰোগৰ দ্বাৰা আক্ৰান্ত হৈছে । যাৰ ফলত কৃষকসকলৰ অপৰিসীম লোকচান হৈছে আৰু তেওঁলোকক বিকল্প শস্য বিচাৰিবলৈ বাধ্য কৰাইছে ।
কামৰূপ জিলাৰ ৰাণী সংৰক্ষিত বনাঞ্চলৰ মেঘালয় সীমান্তত থকা ৰাভা জনগোষ্ঠী প্ৰধান এখন গাঁও জিমিৰগাঁৱত কমলাৰ খেতি প্ৰত্যাহ্বানৰ সম্মুখীন হৈছে । কমলা খেতিক প্ৰধান জীৱিকা হিচাপে লোৱা গাঁওখনৰ খেতিয়কসকল প্ৰত্যাহ্বানৰ সম্মুখীন হৈছে । কমলা হৈছে অঞ্চলটোৰ অন্যতম মুখ্য বাণিজ্যিক শস্য । অঞ্চলটোৰ কৃষকসকলৰ বাবে উপাৰ্জনৰ এক গুৰুত্বপূৰ্ণ উৎস । কিন্তু এই উপাৰ্জনৰ উৎস এতিয়া প্ৰত্যাহ্বানৰ সম্মুখীন হৈছে ।
জিমিৰগাঁৱৰ কৃষক ভগৱান ৰাভাই কয়, "এইবছৰ গাঁৱত কমলা খেতিৰ ধৰণ সলনি হৈছে । গাঁওখনৰ মানুহে জালুক, ধানখেতি কৰে যদিও কমলা খেতি অতি লাভজনক । মোৰ গাঁৱৰ বেছিভাগ লোক, সম্ভৱতঃ ৯০ টা পৰিয়াল কমলা খেতিৰ সৈতে জড়িত । কিন্তু এতিয়া তেওঁলোকৰ কমলা খেতিৰ প্ৰতি প্ৰত্যাহ্বান আহিছে ।"
তেওঁ কয়, "আমাৰ ককা-দেউতাহঁতৰ দিনৰে পৰা কমলা খেতি কৰি আহিছোঁ । এইবাৰ প্ৰথমবাৰৰ বাবে কমলাত বেমাৰ লাগিছে । কমলাবিলাক ক'লা পৰি পিচত সৰি যায় । জানুৱাৰীলৈ গছত কমলা থাকে যদিও এইবাৰ অক্টোবৰতে কমলাবোৰ বেমাৰ লাগি গছৰ পৰা সৰি প্ৰায় শেষ হৈছে । এইবাৰ বহুত লোকচান হৈছে । আগতীয়াকৈ কম দামত কমলা বিক্ৰী কৰিবলগীয়া হৈছে । কিছুমান পৰিয়ালে কমলা বিক্ৰী কৰি ডোৰ লাখ টকা পৰ্যন্ত উপাৰ্জন কৰিছিল । কিন্তু এইবোৰ ডেৰ হাজাৰ টকাও উপাৰ্জন কৰিব পৰা নাই । এনেকৈ চলি থাকিলে জীয়াই থকাই সমস্যা হ'ব ।"
এই সন্দৰ্ভত কমলা খেতিয়ক কাঞ্চন ৰাভাই কয়, "আগতে এনেধৰণে কেতিয়াও কমলাত বেমাৰ লগা নাছিল । এইবাৰ কিয় হৈছে নাজানো । বতৰৰ কাৰণে হৈছে নেকি নাজানো ।"
অঞ্চলটোত বতৰৰ সলনি হৈছে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত কমলা খেতিয়ক শ্ৰীমন্ত ৰাভাই কয়, "বতৰ বহুত সলনি হৈছে । এইবাৰ গৰম বেছি পৰিছিল । বৰষুণ আগৰ দৰে নাই । ডিচেম্বৰত মাহত আগতে জুই ধৰিছিলোঁ । এইবাৰ ঠাণ্ডায়ে পৰা নাই । কমলা খেতি বতৰ ঠিকে থাকিলে ভাল হয় । কিন্তু বতৰৰে কোনো ঠিক নোহোৱা হৈছে ।"
জিমিৰগাঁৱৰ কমলা খেতিয়ক জয়ন্ত ৰাভাই কয়, "এয়া সঁচা কথা যে যোৱা কেইবছৰমানৰ ভিতৰত অনিয়মিত বৰষুণ আৰু উষ্ণতা বৃদ্ধিৰ দৰে বতৰৰ পৰিৱৰ্তনেও কমলা উৎপাদনত প্ৰভাৱ পেলোৱাত ভূমিকা পালন কৰিছে । কাৰণ আগতে গৰমৰ দিনত প্ৰয়োজনীয় বৰষুণ হৈছিল । এতিয়া বৰষুণবোৰ সলনি হৈছে ।"
উল্লেখ্য যে বিশেষজ্ঞসকলে কয় যে উষ্ণ তাপমাত্ৰা আৰু অনিয়মিত বৰষুণৰ সৈতে বতৰৰ আৰ্হিৰ পৰিৱৰ্তন কমলাৰ বাগিচাবোৰ সমস্যাৰ সম্মুখীন যোৱাৰ আন এটা কাৰণ ।
এই সন্দৰ্ভত গুৱাহাটীৰ কাঁহিকুছিৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ বিজ্ঞানী জয়ন্ত কুমাৰ শৰ্মাই কয়, "এই কমলা খেতিৰ সমস্যাটো অসমৰ এই অঞ্চলবোৰত শেহতীয়াকৈ দেখা পোৱা গৈছে । কমলাত বেমাৰ লগাটো একেষাৰে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ বুলি ক'ব নোৱাৰি যদিও কমলা খেতিত বতৰৰ তাৰতম্যৰ প্ৰভাৱ পৰিছে । এই কথা আমি নুই কৰিব নোৱাৰো । কিন্তু পৰস্পৰাগতভাবে কমলাৰ খেতি কৰা খেতিয়কসকলে কমলা খেতিত বিশেষ পৰিচৰ্যা নকৰাৰ ফলত এই সমস্যাই দেখা দিছে । কাৰণ কমলাৰ গছে পৰিচৰ্যাৰ অভাৱত পুষ্টিহীনতাত ভুগিছে । যাৰ বাবে বেমাৰে ধৰিছে । কমলাৰ এই বেমাৰটোক citrus greening বুলি কোৱা হয় ।"