ETV Bharat / state

পুৱাৰে পৰা চাফা হোৱা নাই ডিব্ৰুগড় চহৰ: দুই চৰকাৰী পক্ষৰ যুঁজত ৰাইজে ভুগিছে যাতনা

ডিব্ৰুগড়ৰ ফুলবাগান কাছাৰী ঘাটত ব্ৰহ্মপুত্ৰ নদীত কালী প্ৰতিমা বিসৰ্জন কাৰ্যসূচী চলি থকাৰ মাজতে অঘটন ৷ যাৰ বাবে ডিব্ৰুগড় চহৰত অচলাৱস্থা ৷

Dibrugarh Kali Idol immersion
পুৱাৰে পৰা চাফা হোৱা নাই ডিব্ৰুগড় চহৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : 22 hours ago

ডিব্ৰুগড়: কালীপূজাৰ প্ৰতিমা বিসৰ্জনৰ সময়ত লগা এখন কাজিয়াই একপ্ৰকাৰ স্তব্ধ কৰি তুলিছে ডিব্ৰুগড় চহৰ ৷ কোনো তল নপৰে ৷ এটা ফৈদে বিচাৰে আনটো ফৈদে ক্ষমা বিচাৰক, আনটো ফৈদ মান্তি নহয় ক্ষমা খুজিবলৈ ৷ দুই ম’হৰ যুঁজত এতিয়া বিৰিণাৰ মৰণৰ লেখীয়া হৈছে ডিব্ৰুগড় চহৰবাসীৰ অৱস্থা ৷

আচলতে দেওবাৰে নিশা ডিব্ৰুগড়ৰ ফুলবাগান কাছাৰী ঘাটত ব্ৰহ্মপুত্ৰ নদীত চলি আছিল কালী প্ৰতিমা বিসৰ্জন কাৰ্যসূচী ৷ প্ৰশাসনৰ তৰফৰ পৰা ডিব্ৰুগড় পৌৰ নিগম আৰু এছ ডি আৰ এফৰ কৰ্মচাৰী নিয়োজিত হৈ আছিল এই বিসৰ্জন প্ৰক্ৰিয়াত ৷ কিন্তু নিশা প্ৰায় 11 বজাত কোনো বিষয়ক লৈ পৌৰ নিগমৰ চাফাই কৰ্মী আৰু এছ ডি আৰ এফৰ কৰ্মীৰ মাজত কাজিয়াৰ সূত্ৰপাত ঘটে ৷

পুৱাৰে পৰা চাফা হোৱা নাই ডিব্ৰুগড় চহৰ (ETV Bharat)

মৌখিক কাজিয়াই পাছলৈ হতাহতিৰ ৰূপ লয় ৷ এছ ডি আৰ এফৰ কৰ্মচাৰীয়ে পৌৰ নিগমৰ কৰ্মচাৰীক প্ৰহাৰ কৰাত কেবাজনো কৰ্মচাৰী আহত হোৱা বুলি অভিযোগ তোলে পৌৰ নিগমৰ কৰ্মচাৰীসকলে ৷ নিশা ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছিল যদিও পুৱালৈ পৰিৱেশ বেলেগ হৈ পৰিল ৷

পৌৰ নিগমৰ কৰ্মীক প্ৰহাৰ কৰা কথাটো বিয়পি পৰাৰ লগে লগে কৰ্মীসকল ক্ষোভিত হৈ পৰে ৷ সোমবাৰে পুৱাই ডিব্ৰুগড় সদৰ থানা ঘেৰাও কৰিবলৈ আহে ডিব্ৰুগড়ৰ পৌৰ নিগমৰ কৰ্মচাৰীসকল ৷ ডিব্ৰুগড় সদৰ থানাৰ সন্মুখত পৌৰ নিগমৰ কৰ্মচাৰীসকলে অৱস্থান কৰি সাব্যস্ত কৰে প্ৰতিবাদ ।

ইফালে এই ঘটনাৰ পাছতে ডিব্ৰুগড় চহৰত পৌৰ নিগমৰ কৰ্মচাৰীসকলে নিজৰ দায়িত্ব পালন কৰাৰ পৰা বিৰত আছে । চাফাই কৰ্মীসকলেও ডিব্ৰুগড় চহৰ চাফা কৰা নাই । ফলত এক অৰাজক পৰিস্থিতিৰ সৃষ্টি হৈছে ডিব্ৰুগড় চহৰত ।

‘‘কালি কালীপূজাৰ বিসৰ্জন চলি আছিল ৷ নিশা 11 মান বজাত আমাৰ পৌৰ নিগমৰ কৰ্মচাৰীয়ে কাম প্ৰায় শেষ হোৱাত লাইটবোৰ খুলিবলৈ আৰম্ভ কৰে ৷ তেতিয়া এছ ডি আৰ এফৰ মানুহ কেইজনে এঘন্টা ৰ’বলৈ কয় ৷ আমাৰ মানুহে এঘন্টা ৰোৱাৰ পাছত ওপৰৰ লাইটবোৰ খোলে আৰু লগত থকা গাড়ীৰ লাইট জ্বলাই তেওঁলোকক পোহৰৰ ব্যৱস্থা কৰি দিয়ে ৷ কিন্তু তেওঁলোকৰ কেইজনমান লোকে আমাৰ মানুহৰ লগত তৰ্কা-তৰ্কি কৰে ৷ তাৰ পিছত দুজনমানে আহি মাৰপিট কৰে ৷ তেওঁলোকে আহি ক্ষমা নোখোজা পৰ্যন্ত আমি কাম বন্ধ ৰাখিছো ৷ যদি ক্ষমা নোখোজে তেন্তে প্ৰতিবাদ আৰু ডাঙৰ হ’ব ৷’’ পৌৰ নিগমৰ এজন কৰ্মচাৰীয়ে এইদৰে কয় ৷

ইতিমধ্যে ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ চৈকত পাত্ৰ প্ৰতিবাদস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ প্ৰশাসনৰ সৈতে আলোচনা কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে । পৌৰ নিগমৰ কৰ্মচাৰীক প্ৰহাৰ কৰা এছ ডি আৰ এফৰ কৰ্মচাৰীসকলে ক্ষমা নোখোজা পৰ্যন্ত এই প্ৰতিবাদ চলি থাকিব বুলি জানিবলৈ দিছে ক্ষোভিত প্ৰতিবাদকাৰীসকলে । যদি এছ ডি আৰ এফৰ কৰ্মচাৰীয়ে ক্ষমা নোখোজে তেন্তে ন্যায়ৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ হুংকাৰ দিছে পৌৰ নিগমৰ প্ৰতিবাদকাৰী কৰ্মচাৰীসকলে ।

লগতে পঢ়ক: দীপাৱলীত গুৱাহাটীতকৈও বিপজ্জকভাৱে বায়ু প্ৰদূষণ বৃদ্ধি ৰাজ্যৰ এই দুখন জিলাত

৭৭ টা বছৰে সেৱা আগবঢ়ালে অসম চিকিৎসা মহাবিদ্যালয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.