ETV Bharat / state

ভাৰত জোড়ো ন্যায় যাত্ৰাত চৰকাৰৰ কৰ্ম-কাণ্ডৰ বিৰুদ্ধে নাগৰিক সমাজৰ গৰ্জন - নাগৰিক সমাজৰ গৰ্জন

Bharat Jodo Nyay Yatra: সুস্থ সমাজ বিকাশ চক্ৰৰ উদ্যোগত বিজেপিৰ অগণতান্ত্ৰিক ৰাজনীৰ বিৰোধিতা কৰি ২৬ গৰাকী সচেতন বৌদ্ধিক কৰ্মী আৰু নাগৰিকৰ প্ৰতিবাদ । ৰাহুল গান্ধীয়ে কৰা ন্যায় যাত্ৰাত ভাৰতৰ সর্বসাধাৰণ ৰাইজৰ অকুণ্ঠ সঁহাৰি পোৱা বুলি মন্তব্য় নাগৰিক সমাজৰ ।

Protest against BJP
সচেতন বৌদ্ধিক কৰ্মী আৰু নাগৰিকৰ প্ৰতিবাদ
author img

By ETV Bharat Assamese Team

Published : Jan 21, 2024, 8:20 PM IST

গুৱাহাটী, ২১ জানুৱাৰী: ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত চৰকাৰে যি ধৰণে বাধা প্ৰদান কৰিবলৈ লৈছে তাত চৰকাৰৰ অন্যায় আৰু অগণতান্ত্ৰিক চৰিত্ৰহে প্ৰকাশ পাইছে ৷ ইয়াৰ বিপৰীতে ৰাহুল গান্ধীয়ে ভাৰত চৰকাৰৰ মিথ্যাবাদ আৰু লোকতন্ত্ৰ ধংসযজ্ঞৰ বিৰোধিতা কৰি যি ন্যায় যাত্ৰা আৰম্ভ কৰিছে তাত ভাৰতৰ সর্বসাধাৰণ ৰাইজৰ অকুণ্ঠ সঁহাৰি পাইছে ৷ এই কথা অসমৰ পৰা লোৱা এই প্ৰাৰম্ভিক খোজটোতেই তাৰ প্ৰমাণ পোৱা গৈছে ৷ আজি সুস্থ সমাজ বিকাশ চক্ৰৰ উদ্যোগত ২৬ গৰাকী সচেতন বৌদ্ধিক কৰ্মী আৰু নাগৰিকে এক বিবৃতিত এই বিষয়ে উল্লেখ কৰে ।

বিবৃতিটোত তেওঁলোকে কয় যে ভীতিগ্ৰস্ত অসম চৰকাৰে হিতাহিত জ্ঞান হেৰুৱাই পেলাইছে আৰু এই ন্যায় যাত্ৰাত যিমান পাৰে বাধা দিবলৈ উঠি-পৰি লাগিছে ৷ মৰিয়নী, যোৰহাটৰ ঘটনাই ইয়াৰ জ্বলন্ত প্ৰমাণ বুলি তেওঁলোকে কয় ৷ মৰিয়নীত সোমাওঁতেই কংগ্ৰেছৰ এখন পতাকাৰ সৈতে কোনো দুষ্কৃতিকাৰীয়ে তিনিখন বিজেপিৰ গেৰুৱা পতাকা সংযোগ কৰি এক প্ৰকাৰ অপ্ৰীতিকৰ পৰিবেশৰ সৃষ্টি কৰিছিল ৷ লগতে এই যাত্ৰাত ভাগ ল'বলৈ অহা মহিলাক ২০০০, ৩০০০ টকাৰ প্ৰলোভন দি তাৰ পৰা আঁতৰি যাবলৈ পৰামর্শ দিয়ে ৷ পিছে মহিলা সকলেও এই প্ৰলোভনত ভোল নগ'ল বুলিও বিবৃতিটোত উল্লেখ কৰা হৈছে ।

বিবৃতিটোত পুনৰ উল্লেখ কৰা হৈছে যে এই যাত্ৰাৰ সৈতে ভ্ৰমণ কৰা কংগ্ৰেছৰ সদস্যসকলে উল্লেখ কৰা মতে, তেওঁলোকে ইয়াৰ আগৰ ভাৰত জোড়ো যাত্ৰাত ভাৰতীয় জনতা পার্টি শাসিত ৰাজ্যসমূহৰ মাজেৰে ভ্ৰমন কৰিছে যদিও ক'তো এনেধৰণৰ নিম্নমানৰ বাধাৰ সন্মুখীন হ'বলগীয়া হোৱা নাছিল ৷ এইবোৰ কথাই চৰকাৰৰ ৰাজনৈতিক নিৰাপত্তাহীনতাৰ কথাকেই সূচাইছে ৷

তেওঁলোকে ক্ষোভেৰে কয় যে মিথ্যাচাৰত অভ্যষ্ট অসম চৰকাৰে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাই জনতাক অসুবিধাত পেলোৱা বুলি সমালোচনা কৰি মানুহক এই যাত্ৰাৰ মূল উদ্দেশ্যৰ পৰা আঁতৰাই ৰাখিব বিচৰাৰ এক বিফল প্ৰচেষ্টা মাত্ৰ ৷ ৰাইজে জানে যে বিজেপিৰ সভাপতি জে পি নাড্ডাৰ সদ্যসমাপ্ত ভ্ৰমণ কালত গুৱাহাটীৰ ব্যস্ত পথত এম্বুলেঞ্চ, শিশুৰ স্কুলীয়া বাছ আদি ঘণ্টাৰ পিছত ঘণ্টা ৰখাই থৈ ৰাইজক হাৰাশাস্তি কৰিছিল ৷ এই কথাই চৰকাৰৰ পক্ষপাত দুষ্ট আৰু অগণতান্ত্ৰিক আচৰণ উদঙাই দিছে ।

সচেতন অসমবাসী হিচাপে তেওঁলোকে চৰকাৰৰ এই আচৰণক গৰিহনা দিয়ে । এই বিবৃতিটোত স্বাক্ষৰকাৰীসকলে কয় যে সকলো ৰাজনৈতিক দলৰে জনমত গঠন কৰাৰ সমান অধিকাৰ আছে । এনে অধিকাৰ হৰণ কৰিব খুজিলে ৰাইজে তেওঁক ক্ষমা নকৰিব । চৰকাৰৰ এনে অন্যায় কামৰ বিৰোধিতা কৰি তাক বিফল কৰিবলৈ তেওঁলোকে ৰাইজক অহ্বান জনায় ।

এই বিবৃতিটোত ড৹ অপূৰ্ব কুমাৰ বৰুৱা, লোকনাথ গোস্বামী, লক্ষী তামুলী, ইচফাকুৰ ৰহমান, বৈকুণ্ঠ গোস্বামী, ইন্দ্ৰানী দত্ত, শান্তনু বৰঠাকুৰ, ৰবিন দত্ত, সবিতা লহকৰ, অজিত কুমাৰ ভূঞা, বন্দিতা মিৰ্ণা, শৈলেন বৰকটকী, নিৰংকুশ নাথ, পৰমানন্দ মজুমদাৰ, সুপৰ্ণা লাহিড়ী, নিখিলেশ্বৰ বৰুৱা, সোনেশ্বৰ নৰহ, আব্দুল মান্নান, মৃনাল বৰা, মাইনী মহন্ত, আহচান হজৰিকা, ৰশ্মি গোস্বামী, মনোৰমা শৰ্মা, প্ৰভাত বৰা, হুমায়ুন চৌধুৰী, প্ৰদীপ চৰকাৰে স্বাক্ষৰ কৰে ।

লগতে পঢ়ক:কংগ্ৰেছৰ ন্যায় যাত্ৰাক লৈ এটা নিৰ্দিষ্ট সম্প্ৰদায়ক আক্ৰমণ অসমৰ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.