ETV Bharat / state

লাভলীনাৰ স্বৰ্ণ জয়ৰ কামনাৰে দেওপানী দুৰ্গা মন্দিৰত উপস্থিত চুতীয়া যুৱ সন্মিলন - Paris Olympics 2024

author img

By ETV Bharat Assamese Team

Published : Aug 4, 2024, 10:48 AM IST

Lovelina Borgohain in Paris Olympics : আজি পেৰিছ অলিম্পিকত চীনৰ লি কিয়ানৰ বিৰুদ্ধে ৰিঙত নামিব লাভলীনা বৰগোঁহাই । লাভলীনাই সফলতা লাভ কৰাৰ কামনাৰে চুতীয়া যুৱ সন্মিলনৰ বিষয়ববীয়া উপস্থিত দেওপানীস্থিত দুৰ্গা মন্দিৰত ।

Chutia Yuv Sanmilan seek blessings at Deopani Durga Temple for gold medal winning of lovlina borgohain in paris olympics 2024
লাভলীনাৰ স্বৰ্ণ জয়ৰ কামনাৰে দেওপানী দূৰ্গা মন্দিৰত উপস্থিত চুতীয়া যুৱ সন্মিলন (ETV Bharat Assam)

সৰুপথাৰ, 4 আগষ্ট : আজি কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ'ব লাভলীনা বৰগোঁহাই । মহিলাৰ 75 কেজি শাখাৰ কোৱাৰ্টাৰ ফাইনেলৰ খেলখনত বিয়লি 3.02 বজাত অৱতীৰ্ণ হ’ব অসম কন্যাগৰাকী ৷ ইয়াকে লৈ অসমবাসীৰ মনত উছাহ-উৎকণ্ঠাৰ সীমা নাই ৷ যিয়ে যেনেকৈ পাৰে শুভেচ্ছাবাণী প্ৰেৰণ কৰাৰ লগতে নেদেখাজনৰ আগত লাভলীনাৰ বিজয় কামনা কৰা পৰিলক্ষিত হৈছে ৷

কাৰ্বি আংলং জিলাৰ দেওপানীত অৱস্থিত ঐতিহ্যমণ্ডিত দেওপানী দুৰ্গা মন্দিৰত চুতীয়া যুৱ সন্মিলনে লাভলীনা বৰগোঁহাইৰ সাফল্য কামনা কৰি এখনি শৰাই আগবঢ়ায় । সন্মিলনৰ বিষয়ববীয়াই কয়, "এয়া আমাৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ কথা যে আমাৰ ছোৱালীয়ে আজি অলিম্পিকত খেলি আছে ৷ আজিৰ খেলখন যথেষ্ট গুৰুত্বপূৰ্ণ খেল ৷ এই গুৰুত্বপূৰ্ণ খেলখনৰ বিষয়ে সৰ্বত্ৰে চৰ্চা চলিছে ৷ দুৰ্গা মাই লাভলীনাক খেলখনত জিকিবৰ বাবে শক্তি প্ৰদান কৰক ৷ সেই আশাৰেই আমি পুৱাই এই স্থানলৈ আহিছো ৷"

উল্লেখ্য যে, কাৰ্বি আংলং জিলাৰ দেওপানীস্থিত এই দুৰ্গা মন্দিৰটোৰ আছে বহু ঐতিহ্য । ৰঙা ফিটা বান্ধিলেই মনোকামনা পূৰণ হয় বুলি ৰাইজৰ মাজত জনশ্ৰুতি প্ৰচলিত ৷

উল্লেখ কৰা প্ৰয়োজন যে, আজি চীনৰ লি কিয়ানৰ সৈতে কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ'ব লাভলীনা । মহিলাৰ 75 কেজি শাখাৰ 16 ৰাউণ্ডৰ মেচত নৰৱেৰ চুনিভা হফষ্টেডক পৰাস্ত কৰি লাভলীনাই কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল ৷ পদক জয়ৰ বাবে দুয়োজনে তীব্ৰ প্ৰতিদ্বন্দ্বিতা চলাব বুলি আশা কৰা হৈছে ৷

ইয়াৰ পূৰ্বে টকিঅ’ অলিম্পিকত 69 কেজি শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিছিল লাভলীনা বৰগোঁহায়ে ৷ লাভলীনাই নিজৰ নতুন ওজন শ্ৰেণীত নিজৰ বহুমুখিতা আৰু দক্ষতা প্ৰদৰ্শন কৰিছে । যি দক্ষতা শেহতীয়া মেচখনত দেখিবলৈ পোৱা গৈছিল ৷

লগতে পঢ়ক: লাভলীনাৰ এখনো খেল চাই পোৱা নাই পিতৃ-মাতৃয়ে ! নাচায় অলিম্পিকৰো খেল - Lovlina Borgohain

অলিম্পিকৰ নৱমটো দিনৰ ভাৰতৰ সূচী জানি লওক : দৃষ্টি নিবদ্ধ থাকিব লাভলীনা আৰু লক্ষ্য সেনৰ ওপৰত - Paris Olympics 2024

কোৱাৰ্টাৰ ফাইনেলত লাভলীনাৰ বিজয় কামনাৰে নামঘৰত স্থানীয় লোকৰ প্ৰাৰ্থনা - Lovelina Borgohain in Olympics

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.