ETV Bharat / state

চন্দন-শোভনজ্যোতিক জিম্মাত ল'লে ডিব্ৰুগড় আৰক্ষীয়ে - Online Trading Scam

author img

By ETV Bharat Assamese Team

Published : Sep 10, 2024, 10:14 PM IST

Online trading scam: চুমী বৰা আৰু তাৰ্কিক বৰাৰে সম্পৰ্ক ৰক্ষা কৰি বোকাখাতত আটক হোৱা দুই যুৱকক জিম্মাত ল'লে ডিব্ৰুগড় আৰক্ষীয়ে ৷ বোকাখাতৰ মিলনপুৰৰ চন্দন নাথ আৰু লতাবাৰীৰ শোভনজ্যোতি কুৰ্মীক সোমবাৰে নিশা আটক কৰে বোকাখাত আৰক্ষীয়ে । ইয়াৰ পাচত মঙলবাৰে দিনৰ ভাগত দুয়োকে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয় ৷

ONLINE TRADING SCAM
চন্দন-শোভনজ্যোতিক জিম্মা ল'লে ডিব্ৰুগড় আৰক্ষীয়ে (ETV Bharat Assam)

ডিব্ৰুগড়, ১০ ছেপ্টেম্বৰ: কোটি কোটি টকা অনলাইন ট্ৰেডিঙৰ নামত প্ৰৱঞ্চনা কৰা অভিযোগত ২২ বছৰীয়া বিশাল ফুকনক ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰি ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰৰ আলহী কৰিলে । কিন্তু বিশাল ফুকনৰ অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ মূল সহযোগী হিচাপে বিবেচিত হোৱা অভিনেত্ৰী-কৰিঅ’গ্ৰাফাৰ চুমী বৰা আৰু ফটোগ্ৰাফাৰ স্বামী তাৰ্কিক বৰাক বিচাৰি হাবাথুৰি খাইছে ডিব্ৰুগড় আৰক্ষীয়ে । চুমী আৰু তাৰ্কিকক বিচাৰি ডিব্ৰুগড় আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বহুকেইখন বহিঃৰাজ্যতো অভিযান চলাইছে ।

লগতে পঢ়ক: তাৰ্কিক-চুমীৰ চুনামিয়ে বোকাখাতকো চুই গ'ল : যোৱা সপ্তাহত দুয়ো আশ্ৰয় লৈছিল কাৰ ঘৰত ? - INVESTMENT SCAM IN ASSAM

বিশাল ফুকনৰ সহযোগী চুমী-তাৰ্কিকৰ কোনো সন্ধান লাভ নকৰি আৰক্ষীয়ে এইবাৰ চুমী-তাৰ্কিকক সহযোগিতা কৰাসকলৰ তালিকা প্ৰস্তুত কৰিছে । আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখি ট্ৰেডিং গোচৰত অভিযুক্ত চুমী বৰা আৰু তাৰ্কিক বৰাক আশ্ৰয় দিয়াৰ অভিযোগত সোমবাৰৰ নিশা বোকাখাতৰ পৰা দুই যুৱকক আটক কৰে । বোকাখাতৰ মিলনপুৰৰ চন্দন নাথ আৰু লতাবাৰীৰ শোভনজ্যোতি কুৰ্মীক নিশা আটক কৰে বোকাখাত আৰক্ষীয়ে । ইয়াৰ পাছত মঙলবাৰে দিনৰ ভাগত দুয়োকে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয় ৷

চুমী-তাৰ্কিকক সহযোগ কৰাৰ অভিযোগত বোকাখাতৰ যুৱক শোভনজ্যোতি কুৰ্মী আৰু বোকাখাতৰ চন্দন নাথক মঙলবাৰে বিয়লি গোলাঘাট আৰক্ষীৰ পৰা ডিব্ৰুগড় আৰক্ষীয়ে জিম্মাত লয় । জানিব পৰা মতে ২০১৬ চনৰ পৰা অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনাৰ অভিযোগত অভিযুক্ত বিশাল ফুকনৰ মূল সহযোগী চুমী বৰাৰ স্বামী তাৰ্কিকৰ সৈতে সহযোগী হিচাপে কাম কৰি আহিছে শোভনজ্যোতি কুৰ্মীয়ে । চুমী-তাৰ্কিকৰ বহু কথা এই দুই যুৱকৰ পৰা আৰক্ষীয়ে লাভ কৰা বুলি অনুমান কৰা হৈছে যদিও আৰক্ষীয়ে এই পৰ্যন্ত দুই যুৱকৰ সম্পৰ্কত আনুষ্ঠানিকভাৱে কোনো তথ্য ৰাজহুৱা কৰা নাই ।

লগতে পঢ়ক: অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাত অভিযুক্তৰ হ'ব পাৰে যাৱজ্জীৱন কাৰাদণ্ড - Online Trading Scam

লগতে পঢ়ক: চুমী বৰা-বিশাল ফুকনৰ অনলাইন ট্ৰেডিং গোচৰত ৬‌ জনৰ বিৰুদ্ধে আৰক্ষীৰ লুক-আউট ন'টিছ - Online Trading Scam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.