ETV Bharat / state

পৌৰসভাই কৰিছে কি: পৰ্যবেক্ষণৰে সকলো বুজ ল’লে সপ্তদশ বিত্ত আয়োগৰ অধ‍্যক্ষই - RANGIA MUNICIPALITY BOARD - RANGIA MUNICIPALITY BOARD

Chairman of 17th Finance Commission: সপ্তদশ বিত্ত আয়োগৰ অধ‍্যক্ষ ৰাণা প্ৰতাপ কলিতাক ৰঙিয়া পৌৰসভাৰ সম্বৰ্ধনা । পৌৰসভা চৌহদত অস্থায়ীভাৱে স্থাপন কৰা মহিলা আত্মসহায়ক গোটৰ বিপণীৰ পৰা জাতীয় পতাকা ক্ৰয় কৰিলে সপ্তদশ বিত্ত আয়োগৰ অধ‍্যক্ষৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতিয়ে ।

Chairman of 17th Finance Commission
সপ্তদশ বিত্ত আয়োগৰ অধ‍্যক্ষ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 14, 2024, 10:19 AM IST

ৰঙিয়া, ১৪ আগষ্ট: সপ্তদশ বিত্ত আয়োগৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰা অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই মঙলবাৰে সন্ধিয়া ৰঙিয়া পৌৰসভাৰ বিভিন্ন কাম-কাজৰ বুজ লয় । সপ্তদশ বিত্ত আয়োগৰ নৱনিযুক্ত অধ্যক্ষগৰাকীয়ে ৰঙিয়া পৌৰসভাৰ অধীনত নিৰ্মাণ হৈ থকা ক্লক টাৱাৰ, পদুম পুখুৰী উদ্যানকে ধৰি বিভিন্ন এলেকা পৰিদৰ্শন কৰে ।

সপ্তদশ বিত্ত আয়োগৰ অধ‍্যক্ষ (ETV Bharat Assam)

বিত্ত আয়োগৰ নৱ নিযুক্ত অধ্যক্ষক সম্বৰ্ধনা:

এই পৰিদৰ্শনৰ সময়চোৱাত বিত্ত আয়োগৰ নৱনিযুক্ত অধ্যক্ষগৰাকীক সংগ দিয়ে ৰঙিয়া সমষ্টিৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই । ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰস্তুতি চলি থকাৰ মাজতেই ৰঙিয়া পৌৰসভাই নতুনকৈ দায়িত্ব গ্রহণ কৰা সপ্তদশ বিত্ত আয়োগৰ অধ‍্যক্ষগৰাকীক পৌৰসভাৰ সভাকক্ষত আয়োজন কৰা এক অনুষ্ঠানত সম্বৰ্ধনা জ্ঞাপন কৰে ।

এই সম্বৰ্ধনা কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি তথা স্থানীয় বিধায়ক ভৱেশ কলিতাৰ উপৰিও মহকুমাধিপতি দেৱাশীষ গোস্বামী, পৌৰপতি অমৰেন্দ্ৰ লহকৰ, উপ-পৌৰপতি বিদ্যুৎ ডেকা, আন আন ৱাৰ্ডসমূহৰ পাৰিষদৰ লগতে বহুকেইগৰাকী চৰকাৰী বিষয়া আৰু কৰ্মচাৰীয়ে ।

জাতীয় পতাকা ক্ৰয়:

ইফালে, এই অনুষ্ঠানৰ অন্তত ৰাণা প্ৰতাপ কলিতা আৰু ৰঙিয়া সমষ্টিৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই পৌৰসভাৰ কাৰ্যালয়ৰ চৌহদত অস্থায়ীভাৱে স্থাপন কৰা মহিলা আত্মসহায়ক গোটৰ বিপণীৰ পৰা ক্ৰয় কৰে ৫ খনকৈ জাতীয় পতাকা । উল্লেখ্য় যে, ৰাজ্য়ৰ আন ঠাইৰ লগতে ৰঙিয়াতো মহিলা আত্মসহায়ক গোটসমূহে জাতীয় পতাকা প্ৰস্তুত কৰি কম মূল্য়তেই বিক্ৰী কৰি আছে । বৃহস্পতিবাৰে দেশে পালন কৰিব ৭৮ সংখ্যক স্বাধীনতা দিৱস ৷ যাৰ বাবে ব্যাপত প্ৰস্তুতি চলা দেখিবলৈ পোৱা গৈছে সৰ্বত্ৰে ৷

লগতে পঢ়ক: টীয়কত জাতীয় পতাকা প্ৰস্তুত কৰাত ব্যস্ত শিল্পী - Independence Day Preparation

সংঘ আছে বাবেহে দল আছে : বাজপেয়ী ভৱনত ক'লে নৱনিযুক্ত ৰাজ্যপাল ৰমেন ডেকাই - EX MP Ramen Deka in BJP office

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.