ETV Bharat / state

অসমৰ চাহ শিল্পক লৈ গৌৰৱান্বিত কেন্দ্ৰীয় মন্ত্ৰী মূৰলীধৰ মোহল - Murlidhar Mohol Assam Visit - MURLIDHAR MOHOL ASSAM VISIT

Central Minister Murlidhar Mohol Assam Visit : অসমৰ চাহক লৈ কিয় গৌৰৱান্বিত মোদী মন্ত্ৰীসভাৰ ৰাজ্যিক মন্ত্ৰী মূৰলীধৰ । কঁঠালগুৰি চাহ বাগিচা পৰিদৰ্শন কৰি অভিভূত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকী ।

Central Minister Murlidhar Mohol Assam Visit
অসমত কেন্দ্ৰীয় মন্ত্ৰী মূৰলীধৰ মোহল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jun 19, 2024, 8:39 PM IST

যোৰহাট, ১৯ জুন : দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী মূৰলীধৰ মোহল । তেওঁ মঙলবাৰে যোৰহাটৰ টীয়কত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি (পি এম কিষাণ) আঁচনিৰ কিস্তিৰ ধন প্ৰদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।

কঁঠালগুৰি চাহ বাগিচা পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী মূৰলীধৰৰ (ETV Bharat Assam)

ইয়াৰ পিচত তেওঁ বুধবাৰে যোৰহাটৰ মৰিয়নীলৈ ৰাওনা হয় । মৰিয়নীত উপস্থিত হৈ প্ৰধানমন্ত্ৰী মোদী মন্ত্ৰীসভাৰ নগৰ উন্নয়ন আৰু অসামৰিক বিমান পৰিবহণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী মূৰলীধৰ মোহলে কঁঠালগুৰি চাহ বাগিচা পৰিদৰ্শন কৰে ।

প্ৰথমতে মন্ত্ৰীগৰাকীয়ে কঁঠালগুৰি চাহ বাগিচাত প্ৰৱেশ কৰি এটি কলি দুটি পাত সম্পৰ্কে বাগিচাখনৰ কৰ্তৃপক্ষৰ পৰা জানিবলৈ বিচাৰে । কোনবিধ পাত কেতিয়া ছিঙা হয়, কেনেদৰে ইয়াৰ যত্ন লোৱা হয় আদি বিষয়ে তেওঁ বিতংভাৱে তথ্য আহৰণ কৰে । তাৰ পিচত চাহ প্ৰস্তুত কৰা কাৰাখানাত প্ৰৱেশ কৰি তাত কেনেদৰে চাহপাত তৈয়াৰ হয় আৰু উৎপাদিত চাহ পেকেজিং কৰা হয় সেয়া পৰিদৰ্শন কৰে ।

প্ৰথমবাৰ বাবে চাহ প্ৰস্তুতৰ সমগ্ৰ প্ৰক্ৰিয়া পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকী অভিভূত হৈ পৰাৰ লগতে তেওঁ অসমৰ চাহক লৈ গৌৰৱান্বিত বোধ কৰাৰ লগতে একপ্ৰকাৰ মোহাচ্ছন্ন হৈ পৰে । ইয়াৰ পিচত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে চাহ বাগিচাৰ শ্ৰমিকসকলৰ সৈতে মত বিনিময় কৰে ।

আনহাতে, সংবাদ মাধ্যমৰ আগত নিজৰ মন্তব্য প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে অসমক বিশ্ব চাহৰ ৰাজধানী বুলি মত প্ৰকাশ কৰে । লগতে তেওঁ অসমৰ চাহৰ ভূয়সী প্ৰশংসা কৰে । মা কামাখ্যাৰ পৱিত্ৰ ভূমি অসমত প্ৰৱেশ কৰি নিজে ধন্য হোৱা বুলি উল্লেখ কৰাৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম বিকাশৰ গতিত আগবাঢ়িছে বুলিও তেওঁ মন্তব্য কৰে । ইয়াৰ উপৰি সকলো জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিক লগত লৈ সকলোৱে একেলগে আগবাঢ়ি যাব লাগিব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

উল্লেখ্য, কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এই কাৰ্যসূচীত সংগ প্ৰদান কৰে মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ।

লগতে পঢ়ক :মুখ্যমন্ত্ৰীয়ে শুভেচ্ছা জনোৱা চৰ্চিত জ্যোতি-বিষ্ণুৰ ছবিখনৰ আঁৰত কোন ? - Jyoti Brishnu painting

লগতে পঢ়ক :ফেনে-ফোটোকাৰে আহিছে বান, ৰাজ্যত দ্বিতীয়টো বানত প্লাৱিত 15 খন জিলাৰ 1.61 লাখ লোক - Assam Flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.