ETV Bharat / state

মৰিগাঁৱত বৰ্ণাঢ্য কাৰ্যসূচীৰে স্বাধীনতা দিৱসৰ কাৰ্যসূচী আৰম্ভ - Har Ghar Tiranga

author img

By ETV Bharat Assamese Team

Published : Aug 13, 2024, 7:46 PM IST

Har Ghar Tiranga in Marigaon : মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে 78 সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ত্ৰিৰংগ পতাকা যাত্ৰা । বীৰ শ্বহীদ হেমৰাম পাটৰ, গুণাভিৰাম বৰদলৈ আৰু তিলক ডেকাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জিলা প্ৰশাসনৰ । ত্ৰিৰংগ পতাকাৰে সজাই-পৰাই তোলা হৈছে জিলাখনৰ বিভিন্ন অঞ্চল । ছাত্ৰ-ছাত্ৰী মাজত জাতীয়তাবোধৰ ভাব জগাই তোলাৰ লক্ষ্যৰে দেশপ্ৰেমমূলক গীত-নৃত্যৰ আয়োজন ।

Har Ghar Tiranga in Marigaon
মৰিগাঁৱত বৰ্ণাঢ্য কাৰ্যসূচীৰে স্বাধীনতা দিৱসৰ কাৰ্যসূচী আৰম্ভ (ETV Bharat Assam)

মৰিগাঁও, ১৩ আগষ্ট : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত মঙলবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচী । এই অভিযানৰ অংশ হিচাপে মৰিগাঁও জিলাৰ বিদ্যালয়সমূহত ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে । প্ৰথমদিনাৰ কাৰ্যসূচীত জিলাখনৰ তিনিগৰাকী শ্বহীদক শ্ৰদ্ধাঞ্জলি জনাই এক বিশেষ পুৱাৰ কাৰ্যসূচীৰ আয়োজন কৰা হয় । এই উপলক্ষে ১৯৪২ৰ শ্বহীদ ক্ৰমে হেমৰাম পাটৰ, গুণাভিৰাম বৰদলৈ আৰু তিলক ডেকাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনোৱা হয় ।

মৰিগাঁৱত হৰ ঘৰ ত্ৰিৰংগা যাত্ৰা (ETV Bharat Assam)

আনহাতে, ভাৰতৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে মৰিগাঁও জিলাই দেশপ্ৰেম আৰু শিল্পৰ ভাৰ্চুৱেল উদযাপন 'ৰং-বিৰং কাৰ্যসূচী' আগবঢ়াই গৌৰৱ অনুভৱ কৰে । এই কাৰ্যসূচীৰ লক্ষ্য হৈছে জাতীয় গৌৰৱ প্ৰসাৰিত কৰা । জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা নিৰ্বাচিত ৩০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ইয়াত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰে।

ভাৰ্চুৱেল কাৰ্যসূচীত দেশপ্ৰেমমূলক গীত পৰিবেশন, দেশপ্ৰেমমূলক বিষয়বস্তুৰ ওপৰত নৃত্য পৰিবেশন আৰু দেশপ্ৰেমমূলক বিষয়বস্তুৰ ওপৰত একক অভিনয় প্ৰদৰ্শন কৰা হয় । এই অনুষ্ঠানটো ফেচবুক লাইভত প্ৰচাৰ কৰে । যাৰ ফলত বহুসংখ্যক দৰ্শকে এই উদযাপনত যোগদান কৰা বুলি জিলা প্ৰশাসনে মন্তব্য কৰে ।

অনুষ্ঠান সন্দৰ্ভত জিলা প্ৰশাসনে সদৰী কৰা মতে, ভাৰতে ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি চলোৱাৰ সময়তে মৰিগাঁও জিলাই দেশপ্ৰেমমূলক যাত্ৰাত নামিছে । ইয়াৰ বাবে জাগীৰোড উৰণ সেতুক ত্ৰিৰংগ পতাকাৰে সুশোভিত কৰা হৈছে । লোক নিৰ্মাণ (পথ) আৰু মৰিগাঁও জিলা প্ৰশাসনৰ সহযোগিতাত এই পদক্ষেপৰ লক্ষ্য হৈছে জাতীয় গৌৰৱ আৰু ঐক্যক প্ৰসাৰিত কৰা ।

উল্লেখ্য যে দেশপ্ৰেম আৰু ঐক্যৰ মনোভাবেৰে সোমবাৰৰ পৰা মৰিগাঁও জিলা প্ৰশাসনৰ অধীনৰ বিভিন্ন বিভাগে এক অনন্য পদক্ষেপত অংশগ্ৰহণ কৰিবলৈ একত্ৰিত হয় । আগন্তুক ৭৮ সংখ্যক স্বাধীনতা দিৱসটোক সাৰ্বজনীন ৰূপ দিয়াৰ উদ্দেশ্যৰে জিলাখনৰ জনসমাগমপূৰ্ণ অঞ্চলবোৰ আটকধুনীয়া ছেলফি পইণ্টেৰে সজাই তোলা হৈছে ।

আনহাতে, 'হৰ ঘৰ ত্ৰিৰংগা' অভিযানৰ সৈতে জড়িত এই প্ৰচেষ্টাৰ লক্ষ্য হৈছে জাতীয় গৌৰৱ বৃদ্ধি কৰা আৰু নাগৰিকসকলক নিজৰ ঘৰ, কাৰ্যালয় আৰু ৰাজহুৱা স্থানত জাতীয় পতাকা উত্তোলন কৰিবলৈ উৎসাহিত কৰা । ইয়াৰ সমান্তৰালকৈ মৰিগাঁও জিলা আৰক্ষী বিভাগৰ উদ্যোগত তিনিদিনীয়া বণাৰ্ঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰে ত্ৰিৰংগা যাত্ৰা শীৰ্ষক কাৰ্যসূচী ।

ইফালে ত্ৰিৰংগাৰে সজাই তোলা হৈছে মৰিগাঁৱৰ আৰক্ষী থানাসমূহৰ চৌহদ, আৰক্ষী ছাউনি আৰু তৰুণৰাম ফুকন পেৰেড গ্ৰাউণ্ড। লগতে দেশজুৰি অনুষ্ঠিত 'হৰ ঘৰ ত্ৰিৰংগা' অভিযানৰ অংশ হিচাপে অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ উদ্যোগত লাহৰীঘাট ব্লকৰ নাগৰিকসকলৰ মাজত দেশপ্ৰেম আৰু জাতীয় গৌৰৱ প্ৰসাৰৰ বাবে বগলীপাৰালৈ ধাৰাবাহিক কাৰ্যসূচীৰ কিছু দৃশ্য উপস্থাপন কৰা হয় । উক্ত অনুষ্ঠানত অঞ্চলটোৰ চক্ৰ বিষয়া, আশাকৰ্মী আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে ।

লগতে পঢ়ক :৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বৰপেটা জিলা আৰক্ষী প্ৰশাসনৰ বাইক ৰেলী - INDEPENDENCE DAY 2024
লগতে পঢ়ক :খোৱাঙৰ এটা পৰিয়ালে আজিও সযতনে ৰাখিছে এখন 50 বছৰ পুৰণি খদ্দৰৰ ৰাষ্ট্ৰীয় পতাকা - 78th Independence day

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.