ETV Bharat / state

যোৰহাট নেইষ্টত চি বি আইৰ অভিযান : বিজ্ঞানীসহ আটক দুজন - CSIR NEIST Jorhat

CBI raid at NEIST Jorhat : দেশৰ আগশাৰীৰ গৱেষণা প্ৰতিষ্ঠানত চৌহদত সোমাল CBI দল । গৱেষণা সামগ্ৰী ক্ৰয়ৰ নামত কোটি টকীয়া কেলেংকাৰীৰ অভিযোগ । যোৰহাটৰ সবৰ্ত্ৰে প্ৰতিক্ৰিয়া ৷

CBI raid at NEIST Jorhat
যোৰহাট নেইষ্টত চি বি আইৰ অভিযান (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jul 27, 2024, 4:32 PM IST

যোৰহাট, ২৭ জুলাই : যোৰহাটৰ উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান চমুকৈ নেইষ্টত চি বি আইৰ এটা দলে অভিযান চলোৱাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । শুকুৰবাৰে দুপৰীয়াৰ পৰা দুপৰ নিশাপৰ্যন্ত চি বি আইৰ প্ৰায় ২০ জনীয়া এটা দলে নেইষ্টৰ প্ৰশাসনিক কাৰ্যালয়ত তালাচী চলোৱাৰ উপৰি বিজ্ঞানী, ক্ৰয় সমিতি বিষয়া, গাণনিকসহ ৭ গৰাকী বিষয়াক জেৰা চলায় ।

তদুপৰি নেইষ্টৰ চৌহদত থকা এজন পাৰ্ছেজ বিষয়াৰ আৱসত তালাচী চলাই নগদ ৭ লাখ টকাৰ লগতে বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ জব্দ কৰাৰ কথা এক বিশেষ সুত্ৰই জানিবলৈ দিছে ৷ উল্লেখ্য যে নেইষ্ট কেৱল অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰে নহয়, দেশৰে এক আগশাৰী গৱেষণা প্ৰতিষ্ঠান । দেশৰ আগশাৰী গৱেষণা প্ৰতিষ্ঠানটোত চি বি আইৰ দৰে কেন্দ্ৰীয় অনুসন্ধানকাৰী দলৰ প্ৰৱেশক এতিয়া সহজভাৱে ল’ব পৰা নাই যোৰহাটবাসীয়ে ।

কিন্তু কিয় প্ৰতিষ্ঠানটোত চি বি আয়ে অভিযান চলাবলগীয়া হ'ল ?

তদানীন্তন সঞ্চালক ড৹ নৰহৰি শাস্ত্ৰীৰ কাৰ্যকালতে নেইষ্টত সংঘটিত হৈছিল প্ৰায় ৭ কোটি টকাৰ এক বৃহৎ বিত্তীয় কেলেংকাৰী । নেইষ্টৰ সূত্ৰই সদৰী কৰা মতে এক গুৰুত্বপূৰ্ণ গৱেষণাত ব্যৱহাৰ কৰিবলৈ ক্ৰয় কৰা এটা অত্যাধুনিক যন্ত্ৰ ক্ৰয় কৰাৰ নামতে সংঘটিত হৈছিল এই কেলেংকাৰী । উল্লেখ্য যে ইয়াৰ পূৰ্বেও সঞ্চালক ড৹ নৰহৰি শাস্ত্ৰীৰ বিৰুদ্ধে বহু গুৰুতৰ অভিযোগ আছিল ।

তেওঁৰ কাৰ্যকালতে প্ৰতিষ্ঠানটোৰ চৌহদৰ বহু মূল্যৱান গছ কাটি পেলোৱা হৈছিল । ইয়াকে লৈ প্ৰতিবাদৰো সৃষ্টি হৈছিল ৷ পৰৱৰ্তী সময়ত বন বিভাগে নেইষ্ট কৰ্তৃপক্ষক জৰিমনাও বিহিছিল । নেইষ্টৰ তদানীন্তন সঞ্চালক নৰহৰি শাস্ত্ৰীৰ বিৰুদ্ধে যোৰহাটৰ সচেতন ৰাইজে উৰ্ধতন কৰ্তৃপক্ষৰ লগতে অসম চৰকাৰৰ ওচৰতো অভিযোগ দাখিল কৰিছিল ।

ৰহস্যজনকভাৱে ড৹ নৰহৰি শাস্ত্ৰীৰ বিৰুদ্ধে উৰ্ধতন কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণৰ আঠ মাহৰ পূৰ্বে তেওঁ স্বেচ্ছাই অৱসৰ লৈ প্ৰতিষ্ঠানটো এৰিছিল । উল্লেখ্য যে প্ৰতিষ্ঠানটোত চি বি আইৰ দলে চলোৱা অভিযান কালত এজন বিজ্ঞানী আৰু এগৰাকী বিষয়াক সোধা-পোছাৰ বাবে আটক কৰিছে বুলি এক খবৰ বিয়পিছে ৷

লগতে পঢ়ক : কংগ্ৰেছৰ দিনত হোৱা অনিয়মৰ তদন্ত চিবিআইলৈ : সিদ্ধান্ত ৰাজ্যিক কেবিনেটত

লগতে পঢ়ক : পলাতক বিজয় মালিয়াৰ বিৰুদ্ধে জামিনবিহীন ৱাৰেণ্ট জাৰি

লগতে পঢ়ক : অসম গ্ৰামীণ বিকাশ বেংকৰ ৮.২৮ কোটি টকীয়া কেলেংকাৰীৰ বিৰুদ্ধে চি বি আইৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.