ETV Bharat / state

অনলাইন ট্ৰেডিং কেলেংকাৰী গোচৰৰ তদন্ত আৰম্ভ চি বি আইৰ

স্তিমিত হৈছে অনলাইন ট্ৰেডিং কেলেংকাৰীৰ চৰ্চা । চৰ্চা নহ'লেও আৰম্ভ হৈছে চি বি আইৰ অভিযান ।

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Investigation into online trading scam case
অনলাইন ট্ৰেডিং কেলেংকাৰী গোচৰৰ তদন্ত (ETV Bharat Assam)

গুৱাহাটী : অনলাইন ট্ৰেডিঙৰ নামত ৰাজ্যত সংঘটিত বিয়াগোম কেলেংকাৰী সন্দৰ্ভত ৰুজু হোৱা গোচৰৰ তদন্ত আৰম্ভ কৰিলে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ চি বি আয়ে । তদন্তৰ বাবে চি বি আইৰ দুটাকৈ দল অসমত উপস্থিত হৈছে । ইয়াৰে এটা দল ডিব্ৰুগড়ত উপস্থিত হয় । আনটো দল মহানগৰীৰ গড়চুকস্থিত চি বি আইৰ কাৰ্যালয়ত উপস্থিত হৈ ট্ৰেডিং কেলেংকাৰীৰ তদন্ত আৰম্ভ কৰে ।

ডিব্ৰগড়ত ইতিমধ্যে চুমী বৰা আৰু বিশাল ফুকনৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হোৱা প্ৰৱঞ্চনামূলক কাম-কাজকে ধৰি ৪১ টা ব্যৱসায়িক কেলেংকাৰীৰ গোচৰৰ তদন্ত আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে । আনহাতে, চি বি আইক হস্তান্তৰ কৰা আন এটা গোচৰ হৈছে ডি বি ষ্টকছৰ দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে ।

দীপাংকৰ বৰ্মন এতিয়াও পলাতক

উল্লেখ্য় যে দীপাংকৰ বৰ্মন এতিয়াও পলাতক হৈ আছে । আৰক্ষীয়ে তেওঁৰ প্ৰেয়সী আৰু পিতৃ-মাতৃক গ্ৰেপ্তাৰ কৰিছে । চি বি আয়ে এই গোচৰটোৰ তদন্ত আৰম্ভ কৰি আজি গড়চুকস্থিত চি বি আইৰ কাৰ্যালয়ত মাতি পঠিয়াই কেইবাজনো ভুক্তভোগীক । সেই অনুসৰি গুৱাহাটীৰ চি বি আইৰ কাৰ্যালয়ত উপস্থিত হয় কেইবাগৰাকীও ভুক্তভোগী ।

চি বি আই কাৰ্যালয়ত উপস্থিত হোৱা ভুক্তভোগীয়ে ডি বি ষ্টকছত টকা বিনিয়োগ কৰি বিপদত পৰা বুলিও উল্লেখ কৰে । উল্লেখ্য যে পলাতক দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে পল্টন বজাৰ থানাত গোচৰ ৰুজু কৰিছিল কেইবাগৰাকীও ভুক্তভোগীয়ে । উল্লেখ্য যে ৮ অক্টোবৰত অনলাইন ট্ৰেডিঙৰ নামত ৰাজ্যত সংঘটিত বিয়াগোম কেলেংকাৰী সন্দৰ্ভত ৰুজু হোৱা গোচৰৰ তদন্ত চি বি আইক হস্তান্তৰ কৰা হ'ব বুলি সামাজিক মাধ্যমযোগে উল্লেখ কৰিছিল মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

৪১টা গোচৰ চি বি আইলৈ হস্তান্তৰৰ বাবে আবেদন

ইয়াৰ পূৰ্বে যোৱা ১৩ ছেপ্টেম্বৰত অসম চৰকাৰৰ কেবিনেটৰ অনুমোদন অনুসৰি ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ লিখি বিভিন্ন থানাত পঞ্জীয়নভুক্ত অনলাইন ব্যৱসায়ৰ সৈতে জড়িত ৪১টা গোচৰ চি বি আইলৈ হস্তান্তৰ কৰাৰ বাবে আবেদন জনাইছিল । কেন্দ্ৰীয় চৰকাৰে এই অনুৰোধ গ্ৰহণ কৰি দিল্লী স্পেচিয়েল পুলিচ এষ্টাব্লিছমেণ্ট এক্ট, ১৯৪৬ৰ ৩ নম্বৰ ধাৰাৰ অধীনত তদন্তৰ বাবে চি বি আইক নিৰ্দেশনা জাৰি কৰিছিল ।

লগতে পঢ়ক:অনলাইন ট্ৰেডিঙৰ বিয়াগোম কেলেংকাৰীৰ ৪১টা গোচৰৰ তদন্তৰ ভাৰ চি বি আইক

সাক্ষাৎকাৰৰ পিছত চুমীৰ বিৰুদ্ধে অভিযোগ, থানালৈ অহা-যোৱা ডিজিটেল ক্ৰীয়েটৰৰ - Online Trading Scam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.