ETV Bharat / state

কেনেদৰে চলিছে ৰাজ্যৰ বিয়াগোম পৰিবহণ আৰু বন বিভাগ; কিয় চৰকাৰে হেৰুৱাইছে বুজন পৰিমাণৰ ৰ‍াজহ

CAG report reveals irregularities: 'কেগ'ৰ প্ৰতিবেদনত উন্মোচিত পৰিবহণ আৰু বন বিভাগৰ অনিয়ম । একাংশ জিলা পৰিবহণ বিষয়াই যান-বাহন কৰ আদায়ৰ বাবে সময়মতে নলয় পদক্ষেপ ।

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

CAG report reveals irregularities
কেগৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য (ETV Bharat)

গুৱাহাটী, ৯ অক্টোবৰ: প্ৰশাসনীয় সংস্কাৰ সাধনৰ লক্ষ্যৰে অসম চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে যদিও বহু বিভাগ চৰম অব্যৱস্থাৰে চলি থকা অভিযোগ উঠিছে । ৰাজ্য চৰকাৰে কেবিনেটৰ জৰিয়তে ইতিমধ্যে চৰকাৰী বিভাগসমূহৰ সংস্কাৰৰ বাবে বহুকেইটা উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে । কিন্তু তাৰ পাচতো বছৰ বছৰ ধৰি চলি অহা অব্যৱস্থা আৰু অনিয়মৰ পৰা মুক্ত হোৱা চৰকাৰী বহু বিভাগ । এই কথা আমি কোৱা নাই । এই কথা ভাৰতৰ মহানিয়ন্ত্ৰক আৰু মহাহিচাপ পৰীক্ষকৰ (কেগ) প্ৰতিবেদনত কোৱা হৈছে ।

ৰাজ্য চৰকাৰৰ দুটা গুৰুত্বপূৰ্ণ বিভাগ হৈছে পৰিবহণ বিভাগ আৰু পৰিৱেশ-বন বিভাগ । কেগৰ প্ৰতিবেদনৰ যোগেদি এই দুটা বিভাগৰ ওপৰত আলোকপাত কৰা হৈছে । এই বিভাগ দুটাত চলি থকা বিভিন্ন অব্যৱস্থাৰ বিষয়ে উল্লেখ কৰা হৈছে কেগৰ প্ৰতিবেদনত ।

পৰিবহণ বিভাগত অনিয়ম :

ৰাজ্য চৰকাৰৰ ৰাজহ সংগ্ৰহৰ অন্যতম এটা গুৰুত্বপূৰ্ণ বিভাগ হৈছে পৰিবহণ বিভাগ । জৰিমনা বিহাকে ধৰি বিভিন্ন দিশেৰে এই বিভাগটো প্ৰায়ে বিতৰ্কৰ আৱৰ্তত থাকে । বিয়াগোম এই বিভাগটোৰ ভিতৰভাগ ব্যাপক অনিয়ম আৰু অব্যৱস্থাৰে পৰিচালিত হৈ আহিছে । যাৰ বাবে বিভাগটোৱে হেৰুৱাইছে কোটি কোটি টকাৰ ৰাজহ । কেগৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি একাংশ জিলা পৰিবহণ বিষয়াই যান-বাহন কৰ আদায় কৰিবলৈ সময়মতে পদক্ষেপ নলয় । ফলস্বৰূপে কৰ আদায় নিদিয়াকৈয়ে পথত চলাচল কৰি আহিছে বৃহৎ সংখ্যক বাহন ।

CAG report reveals irregularities
যান-বাহন পৰীক্ষণ (ETV Bharat)

কেগৰ অনুসন্ধানৰ অংশৰূপে ৰাজ্যৰ ৩৪ খন জিলাৰ ভিতৰৰ পাঁচজন জিলা পৰিবহণ বিষয়াৰ তথ্য পর্যালোচনা কৰা হয় । ইয়াত দেখা যায় যে বিগত ২০২০-২২ লৈ কামৰূপ, কামৰূপ মহানগৰ, মৰিগাঁও, নগাঁও, নলবাৰীত পঞ্জীয়নকৃত ২৬,২১৪ খন বাণিজ্যিক বাহনৰ গৰাকীয়ে ৮.১৬ কোটি টকা পৰিবহণ কৰ আদায় দিয়াৰ পৰা বিৰত থাকে । অথচ এই ধন তেওঁলোকে ২০১৮ৰ এপ্ৰিলৰ পৰা ২০২০ৰ মাৰ্চৰ ভিতৰত আদায় দিবলগীয়া আছিল ।

প্ৰতিবেদনত স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে কৰ আদায় নিদিয়া এই বৃহৎ সংখ্যক বাণিজ্যিক বাহনৰ গৰাকীৰ পৰা জৰিমনাসহ কৰ আদায়ত কাৰ্যব্যৱস্থা লোৱাত সেই সময়ৰ জিলা পৰিবহণ বিষয়াকেইজনে হেমাহি প্ৰদৰ্শন কৰিছিল । ফলত ৮.৬১ কোটি টকা কৰৰ লগত তাৰ জৰিমনা ২.৮৫ কোটি টকা আদায় নোহোৱাকৈ ৰৈ যায় । চৰকাৰ-বিভাগক এই বিষয়টো কেগৰ পৰা অৱগত কৰা হয় যদিও ২০২৩ ফেব্ৰুৱাৰীলৈকে কোনো উত্তৰ নাপালে ।

আনহাতে কেইবা হেজাৰ বাহনৰ চলাচলৰ সক্ষমতাৰ প্ৰমাণপত্ৰৰ ম্যাদ উকলাৰ পাচতো জিলাবোৰৰ পৰিবহণ বিষয়াই সেই মতে ব্যৱস্থা গ্ৰহণ নকৰিলে । বাহনসমূহৰ চলাচলৰ সক্ষমতাৰ প্ৰমাণপত্ৰৰ ম্যাদ উকলাৰ পাচত বাহনবোৰ চিনাক্ত কৰাতো হেমাহি কৰিছিল । অথচ 'বাহন' ছফ্টৱেৰত উপলব্ধ তথ্যৰ ভিত্তিত জিলা পৰিবহণ বিষয়াসকলে তেনে বাহনবোৰ চিনাক্ত কৰিব পাৰিলেহেঁতেন । কিন্তু সেয়া নকৰাৰ উপৰি দোষী বাহনৰ গৰাকীলৈ নিয়ম অনুসৰি জাননীও জাৰি কৰা নাছিল ।

সক্ষমতাৰ প্ৰমাণপত্ৰৰ ম্যাদ উকলা বাহনসমূহৰ চলাচলে ৰাজহুৱা সুৰক্ষা বিঘ্নিত কৰাৰ লগতে পৰিৱেশো দূষিত কৰাৰ শংকা থাকে । কেগৰ প্ৰতিবেদনত কোৱা হৈছে যে পৰিবহণ বিভাগৰ প্ৰৱৰ্তন শাখাৰ কৰ্মচাৰীসকলেও বাহনসমূহ চিনাক্ত কৰি ৰাস্তাত চলাচল কৰাত ব্যৰ্থ হৈছিল । সক্ষমতাৰ প্ৰমাণপত্ৰ নবীকৰণ নকৰাৰ বাবে শেষত ১২,০৪০ খন বাণিজ্যিক বাহনৰ পৰা ৭৮.১৮ লাখ টকা পৰিদৰ্শন আৰু নবীকৰণ মাচুল আদায় কৰাত বিভাগটো ব্যর্থ হয় । তদুপৰি নবীকৰণৰ সময় পাৰ হোৱাৰ বাবে প্ৰতিদিনে ৫০ টকা পৰিমাণত ১২.৫১ কোটি টাকা অতিৰিক্ত মাচুলো আদায় কৰাত বিভাগটো ব্যর্থ হয় ।

ইপিনে আঠজন জিলা পৰিবহণ বিষয়াই ২,২৩১ খন ব্যক্তিগত চাৰিচকীয়া বাহনৰ মালিকৰ পৰা এককালীন কৰ আদায়তো ব্যর্থ হয় । ইয়াৰ ফলত ৭৭ লাখ টকাৰ জৰিমনাৰ উপৰি ৬.৩৬ কোটি টকা এককালীন কৰ আদায় নহ'ল । কেগে ২০২১ চনৰ নৱেম্বৰৰ পৰা ২০২২ চনৰ ছেপ্টেম্বৰৰ ভিতৰত ‘বাহন' ছফ্টৱেৰৰ সহায়ত নমুনা হিচাপত আঠটা জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ আওতাত পৰা এককালীন কৰ পৰিশোধকাৰীৰ তথ্য বিশ্লেষণ কৰিছিল ।

সেই বিশ্লেষণত এই তথ্য পোহৰলৈ আহে যে ২০১৬ চনৰ মাৰ্চৰ পৰা ২০২২ চনৰ মাৰ্চৰ ভিতৰত ২,২৩১ খন ব্যক্তিগত চাৰিচকীয়া বাহনৰ গৰাকীয়ে পঞ্জীয়নৰ দ্বিতীয় কিস্তিৰ সৈতে জড়িত ৬.৩৬ কোটি টকা এককালীন কৰ পৰিশোধ কৰা নাছিল । সময়মতে কৰ পৰিশোধ নকৰাত বাহনসমূহৰ মুঠ জৰিমনাৰ পৰিমাণ হৈছিল ৭৭ লাখ টকা । সেয়াও আদায় কৰা নহ'ল ।

নমুনা হিচাপত লোৱা এই জিলাকেইখন হৈছে শোণিতপুৰ, তিনিচুকীয়া, ডিব্ৰুগড়, লখিমপুৰ আৰু কামৰূপ মহানগৰ । বিভাগটোৰ ভিতৰচ'ৰাত চলি থকা কামৰ নমুনা উদঙাই কেগৰ প্ৰতিবেদনত লগতে উল্লেখ কৰা হয় যে জিলা পৰিবহণ বিষয়াই বৈধ অনুজ্ঞাপত্ৰ নোহোৱাকৈ চলাচল কৰি থকা ১,৯৮৫ খন পৰিবহণ বাহনৰ পৰাও ৫১.৯২ লাখ টকাৰ অনুজ্ঞাপত্ৰ মাচুল আদায়ত ব্যর্থ হয় । একেদৰে পৰ্যটক অনুমতি পত্ৰৰ অনুমোদন নবীকৰণ নকৰাকৈ পথত চলাচল কৰি থকা ৬৬৯ খন মটৰ কেবৰ পৰাও ২১.৪১ লাখ টকাৰ সংযুক্ত আৰু অনুমোদন মাচুল আদায় নকৰিলে ।

বন বিভাগৰ প্ৰসংগত কেগৰ প্ৰতিবেদন :

ৰাজ্য চৰকাৰৰ আন এটা গুৰুত্বপূৰ্ণ বিভাগ হৈছে পৰিৱেশ আৰু বন বিভাগ । ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত এই বিভাগটোৰ ভূমিকাও গুৰুত্বপূৰ্ণ । খনিজ সম্পদৰ ভিতৰত অন্যতম হ'ল গৌণ খনিজ সামগ্ৰীবোৰ । ইয়াৰ ভিতৰত পৰে নিৰ্মাণ কাৰ্যত ব্যৱহৃত শিল, বালি, সাধাৰণ বোকা-মাটি ইত্যাদি । এইবোৰৰ পৰা বন বিভাগে বৃহৎ পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰে । দেশৰ বিভিন্ন ৰাজ্যই অতি প্ৰণালীবদ্ধভাৱে প্ৰাকৃতিক এই সম্পদ ব্যৱহাৰ কৰি ৰাজহ অৰ্জনক গতি দিছে । কাৰণ ৰাজহ সংগ্ৰহৰ লগতে প্ৰাকৃতিক ভাৰসাম্যও ৰক্ষা হ'ব লাগে ।

CAG report reveals irregularities
বালি খনন (ETV Bharat)

কেগৰ প্ৰতিবেদনত উদাহৰণ হিচাপে অন্ধপ্ৰদেশৰ কথা উল্লেখ কৰা হৈছে । অন্ধপ্ৰদেশৰ জিলা পৰ্যায়ৰ সমিতিয়ে নদী সংৰক্ষক, কাৰ্যবাহী অভিযন্তা, জলসিঞ্চন বিভাগ আৰু ভূ-গর্ভস্থ জল বিভাগৰ সঞ্চালকৰ লগত আলোচনা কৰি বালি থকা অঞ্চল আৰু উপলব্ধ পৰিমাণ চিনাক্ত কৰে । কিন্তু অসমত এনে ব্যৱস্থা সুদূৰ পৰাহতে আছে । আনকি বিক্ৰী কৰা শিল-বালিৰ পৰা অসমত ৰয়েল্টিও ভিন ভিন পৰিমাণত আদায় কৰা হয় । শিল-বালি আহৰণৰ বাবে দিয়া ঠিকাবোৰো কি নীতিৰ ভিত্তিত আৱণ্টন দিয়া হয় সেয়াও স্পষ্ট নোহোৱাটো কেগৰ প্ৰতিবেদনত দাঙি ধৰা হৈছে ।

প্ৰতিবেদনত এই কথা স্পষ্টকৈ উল্লেখ কৰা হৈছে যে বিভাগটোৱে ৰাজহ হেৰুওৱাৰ বাদেও বিজ্ঞানসন্মত আহৰণ ব্যৱস্থাক উপেক্ষা কৰাত পৰিৱেশৰ ক্ষতি কৰিব পৰা দিশবোৰো নিৰীক্ষণ নকৰে । ইয়াৰ উদাহৰণ স্বৰূপে নগাঁও দক্ষিণ সংমণ্ডল আৰু ডিগবৈ সংমণ্ডলৰ দুটা উদাহৰণ উল্লেখ কৰা হৈছে ।

নগাঁৱৰ দক্ষিণ সংমণ্ডল আৰু ডিগবৈ সংমণ্ডলত ১৮,৫০০ ঘন মিটাৰ বালিৰ আৱণ্টনৰ বিপৰীতে ৰয়েল্টি আদায় নিদিয়াকৈ অতিৰিক্ত ৯,৯৪৪ ঘন মিটাৰ বালি আহৰণ কৰা হৈছিল । মহল আৱণ্টনতো নিবিদাৰ চৰ্ত উলংঘাৰ তথ্য প্ৰতিবেদনত উল্লেখ কৰা হৈছে । ইয়াৰ ফলত কোটি কোটি টকাৰ লোকচান বিভাগটোৰ হয় । এনেদৰে কেগৰ প্ৰতিবেদনত চৰকাৰী বিভাগৰ অব্যৱস্থা আৰু অনিয়মৰ কেতবোৰ দিশ উল্লেখ কৰা হৈছে ৷

লগতে পঢ়ক: পৰিস্থিতি ভয়াৱহ ! ৩৩ লক্ষাধিক নিবনুৱাৰ তালিকাত ৭ লক্ষাধিক স্নাতক, লক্ষাধিক স্নাতকোত্তৰ ডিগ্ৰীধাৰীৰ নাম

জলজীৱন সংকট : অসমত ৮ হাজাৰোধিক ঠিকাদাৰৰ দ্বাৰা ১৯,৫৫০ কোটি ব্যয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.