ETV Bharat / state

হাৰ্ভাৰ্ডত অ’নাৰ প্ৰেছিডেণ্ট মেনেজাৰ কাৰ্যসূচীলৈ নিৰ্বাচিত অসমৰ প্ৰতিষ্ঠিত ব্যৱসায়ী - Harvard Business School

author img

By ETV Bharat Assamese Team

Published : Aug 5, 2024, 7:47 AM IST

Harvards OPM program : হাৰ্ভাৰ্ড বিজনেছ স্কুলত এমাহযোৰা অধিৱেশনত অংশগ্ৰহণৰ সুযোগ অসমৰ ব্যৱসায়ীৰ । এনে সন্মান লাভ কৰা তেওঁ হৈছে উত্তৰ-পূবৰ প্ৰথমগৰাকী ব্য়ৱসায়ী ।

Managing Director of SM Developers
এছ এম ডেভেল'পাৰ্ছৰ পৰিচালন সঞ্চালক (ETV Bharat Assam)

গুৱাহাটী, ৫ আগষ্ট : অসমৰ প্ৰতিষ্ঠিত ব্য়ৱসায়ীৰ হাৰ্ভাৰ্ডৰ অ’পিএম কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ সুযোগ । এছ এম ডেভেল'পাৰ্ছৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া বিকাশ আগৰৱালাক বিশ্বৰ শীৰ্ষস্থানীয় ব্যৱসায়িক প্ৰতিষ্ঠান হাৰ্ভাৰ্ড বিজনেছ স্কুলত (এইচ বি এছ) অ’নাৰ প্ৰেছিডেণ্ট মেনেজাৰ (অ’ পি এম) কাৰ্যসূচীৰ বাবে নিৰ্বাচিত কৰা হৈছে ।

এইচ বি এছৰ ব'ষ্টন চৌহদত অহা পহিলা ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'বলগীয়া এমাহযোৰা অধিৱেশনত বিশ্বৰ শীৰ্ষ বিষয়া আৰু উদ্যোগীসকলে অংশগ্ৰহণ কৰিব । এই বিষয়ে সদৰী কৰিছে এছ এম ডেভেল'পাৰ্ছৰ কৰ্তৃপক্ষই ।

উত্তৰ-পূবৰ প্ৰথমগৰাকী ব্য়ৱসায়ী :

এছ এম ডেভেল'পাৰ্ছৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া গৰাকীয়ে এই বিশেষ সুযোগ সম্পৰ্কে কয়, "হাৰ্ভাৰ্ডৰ অ’ পি এম কাৰ্যসূচীয়ে সমাজৰ শীৰ্ষস্তৰৰ ব্যৱসায়ীসকলৰ এখন অত্যাৱশ্যকীয় মঞ্চক প্ৰতিনিধিত্ব কৰে । উত্তৰ-পূবৰ প্ৰথমগৰাকী অংশগ্ৰহণকাৰী হিচাপে মই এছ এম ডেভেল'পাৰ্ছৰ কাৰ্যকলাপ আৰু কৌশলগত দিশবোৰ অধিক বিকশিত কৰি তোলাৰ ক্ষেত্ৰত এই অভিজ্ঞতাসমূহ ব্যৱহাৰ কৰাৰ লক্ষ্য ৰাখিছো । এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিকাশ, উদ্ভাৱনশীলতা আৰু ৰিয়েল ইষ্টেট খণ্ডত নতুন প্ৰযুক্তিয়ে সৃষ্টি কৰা প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰাত নিশ্চিতভাৱে সহায়ক হ'ব ।"

এছ এম ডেভেল'পাৰ্ছৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে লগতে কয়, "এই কাৰ্যসূচীয়ে মোক উন্নত ব্যৱসায়িক ৰণনীতিৰে সজ্জিত কৰি তোলাৰ লগতে উত্তৰ-পূবৰ অৰ্থনৈতিক বিকাশত অধিক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱাৰ বাবেও এছ এম ডেভেল'পাৰ্ছক উপযুক্ত কৰি তুলিব । মই অঞ্চলটোৰ বাৰ্তাবাহক হিচাপে উত্তৰ-পূব ক্ষেত্ৰখনত সম্ভাৱনা বৃদ্ধি কৰিবলৈ আৰু বিনিয়োগ তথা বিকাশমূলক সুযোগসমূহক উদগনি প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ।"

লগতে পঢ়ক:ৰাজ্যৰ জিডিপিত ১২ শতাংশ অৱদান আগবঢ়োৱা ৰিয়েল ইষ্টেটকলৈ 'ৰেৰ‍া'ৰ সন্মিলন - AREIDA

কাজিৰঙাত টাটাৰ পঞ্চতাৰকা হোটেল : প্ৰতিবাদৰ মাজতে দিছপুৰত বুজাবুজিৰ চুক্তি - Five star hotel in Kaziranga

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.