ETV Bharat / state

গোৱালপাৰাত বলিয়া বান : চকুৰ সন্মুখতে উটি গ’ল চাৰিচকীয়া বাহন-দলং - ASSAM FLOOD 2024

author img

By ETV Bharat Assamese Team

Published : Jun 19, 2024, 2:13 PM IST

Flood situation in Assam : গোৱালপাৰাত বানৰ ভয়ংকৰ তাণ্ডৱ । চকুৰ সন্মুখত উটি গ’ল পামেৰবেলা-খলিছাভিটা সংযোগী দলং । অন্য এঠাইত ডুবি গ’ল চাৰিচকীয়া বাহন ৷ অন কেমেৰাত বন্দী দুই ঘটনাৰ সমগ্ৰ দৃশ্য ।

FLOOD SITUATION IN ASSAM
বানৰ ভয়ংকৰ তাণ্ডৱ (ETV Bharat Assam)

গোৱালপাৰা, 19 জুন : ৰাজ্যত অব্যাহত আছে মুষলধাৰ বৰষুণ । নেৰানেপেৰা বৰষুণৰ ফলত বানৰ কবলত পৰিছে বহু অঞ্চল । বিগত এসপ্তাহ ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চল কৃত্ৰিম বানৰ কবলত পৰিছে । ৰাস্তা -ঘাট সকলো পানীৰ তলত ।

বানৰ ভয়ংকৰ তাণ্ডৱ (ETV Bharat Assam)

উল্লেখ্য যে, বানৰ ফলত বুধবাৰে গোৱালপাৰা জিলাৰ জলেশ্বৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত সাতশিয়া খামাৰ পামেৰবেলা হৈ খলিছাভিটা সংযোগী দলংখন মেঘালয়ৰ পৰা নামি অহা ঢল পানীত উটি যায় ।

জানিব পৰা মতে, বিগত কেইবাদিনো ধৰি নেৰানেপেৰা বৰষুণৰ ফলত মেঘালয়ৰ পৰা নামি অহা পানীয়ে পামেৰবেলা, খলিছাভিটা, সাতশিয়া খামাৰ, জুৰুৱাবান্দা আদি বিস্তীৰ্ণ অঞ্চল বুৰাই পেলাইছে । মেঘালয়ৰ পৰা নামি অহা ঢল পানীয়ে উটুৱাই লৈ যায় অঞ্চলটোৰ বহু গুৰুত্বপূৰ্ণ দলংখন । এই দলংখনেই আছিল একমাত্ৰ যাতায়ত আৰু যোগাযোগৰ মাধ্যম ।

গুৰুত্বপূৰ্ণ দলংখন কৃত্ৰিম বানে উটুৱাই নিয়াৰ ফলত প্ৰায় বিচ্ছিন্ন হৈ পৰিছে দুয়োটা অঞ্চলৰ যাতায়ত আৰু যোগাযোগ ব্যৱস্থা । ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । সেয়েহে অতি সোনকালে বিভাগীয় কৰ্তৃপক্ষই পদক্ষেপ গ্ৰহণ কৰি বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ যাতায়ত আৰু যোগাযোগ ব্যৱস্থা সুচল কৰি দিবলৈ আহ্বান জনাই স্থানীয় ৰাইজে ।

আজি চুবুৰীয়া ৰাজ্য মেঘালয়ৰ উত্তৰ গাৰো পাহাৰৰ ডেকাচাঙত সংঘটিত হয় এক শিহৰণকাৰী ঘটনা । ঢলপানীত উটি গ’ল চলন্ত চাৰিচকীয়া বাহন । কথমপি প্ৰাণ ৰক্ষা পৰে চালক হেণ্ডিমেনৰ । জানিব পৰা মতে, মেঘালয়ৰ উত্তৰ গাৰো পাহাৰৰ ডেকাচঙত এখন পকী দলং নিৰ্মাণ কৰি থকাৰ বাবে পথচাৰীক ৰাস্তা যাতায়ত কৰিবলৈ বিকল্প হিচাপে এখন নৱ নিৰ্মিত দলঙৰ কাষেৰে উপপথ নিৰ্মাণ কৰি দিয়া হৈছে ।

বিগত এক সপ্তাহ জুৰি ৰাজ্যত নেৰানেপেৰা বৰষুণৰ ফলত ৰাস্তাটো পানীৰ তলত ডুব গৈছে । ফলত যাতায়তৰ বাবে অসুবিধাৰ সন্মুখীন হৈছে বহু লোক । পানীৰ তলত থকা ৰাস্তাটো চাৰিচকীয়া পিকআপ বাহনখনেৰে পাৰ হ’বলৈ লওঁতেই বাহনখন দ’ খাৱৈত বাগৰি পৰে । লগে লগে বাহনখনত থকা চালক হেণ্ডিমেনে কোনোমতে প্ৰাণ হাতত লৈ বাহনখনৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হয় । কাষতে থকা ওচৰ চুবুৰীয়াই বাহনখন উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে যদিও বাহনখন পানীৰ তলত ডুব যায় ।

লগতে পঢ়ক : বাক্সাত জিলা আয়ুক্তৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন - assam flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.