ETV Bharat / state

ৰূপহীমুখক মংগল কৰক: গৰাখহনীয়া ৰোধৰ বাবে ব্ৰহ্মপুত্ৰক আগবঢ়ালে ভোগ - Brahmaputra River Erosion - BRAHMAPUTRA RIVER EROSION

River bank erosion: ৰূপহীমুখত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই লৈছে কালৰূপ ৷ খহনীয়া ৰোধৰ বাবে ব্ৰহ্মপুত্ৰ নদীক ৰাইজে আগবঢ়ালে ভোগ ৷ গছ পেলাই খহনীয়া ৰোধৰ চেষ্টা গঞাৰ ৷

Brahmaputra River Erosion
গৰাখহনীয়া ৰোধৰ ব্যৱস্থা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 21, 2024, 2:13 PM IST

আমগুৰি, ২১ জুলাই : শিৱসাগৰ জিলা জলসম্পদ বিভাগৰ কামত অসন্তুষ্ট শিৱসাগৰৰ ৰূপহীমুখৰ ৰাইজ ৷ সেয়ে উপায়হীন হৈ গৰাখহনীয়া ৰোধৰ বাবে ৰূপহীমুখৰ গঞাই নেদেখাজনৰ ওচৰত শৰণাপন্ন হৈছে ৷ ব্ৰহ্মপুত্ৰক সন্তুষ্ট কৰিবলৈ ৰাইজে ভোগ আগবঢ়োৱাৰ লগতে নৈৰ পৰাতে নাম-কীৰ্তন কৰা দেখিবলৈ পোৱা গৈছে ৷

গৰাখহনীয়া ! (ETV Bharat Assam)

উল্লেখ্য যে, ক্ৰমাৎ শিৱসাগৰ জিলাৰ দিখৌমুখৰ ৰূপহীমুখত গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । ৰূপহীমুখৰ কুমাৰ গাঁৱৰ সমীপত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ ফলত বিঘাই বিঘাই ভূমি নদীত জাহ গৈছে । বানৰ পাচত এইবাৰ গৰাখহনীয়াই সৰ্বস্বান্ত কৰা জিলাখনৰ ৰূপহীমুখৰ চাৰিখনকৈ গাঁৱক বিপৰ্যস্ত কৰি তুলিছে ।

বানে গৰকা ৰূপহীমুখত খহনীয়াৰ তাণ্ডৱৰ পিচতো জলসম্পদ বিভাগে কোনো স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা নকৰাত চিন্তিত হৈ পৰিছে নৈপৰীয়া লোকসকল । খহনীয়াৰ ফলত ৰূপহীমুখৰ বিস্তীৰ্ণ অঞ্চলৰ লগতে বহুলোকৰ খেতিমাটি বৰনদীৰ বুকুত জাহ যোৱাৰ ফলত এতিয়া সংস্থাপনহীন হৈ পৰিছে বহু পৰিয়াল ।

Brahmaputra River Erosion
গছ পেলাই খহনীয়া ৰোধৰ চেষ্টা (ETV Bharat Assam)

লগতে পঢ়ক : লেকু নদীৰ ধ্বংসলীলা : শংকিত জোনাইবাসী - Leku River Erosion

অৱশ্যে জলসম্পদ বিভাগে গৰাখহনীয়া ৰোধৰ বাবে পাৰ্কুপাইনৰ ব্যৱস্থা কৰিছিল যদিও সেয়া কণা হাঁহক পতান দিয়াৰ দৰেহে হ'ল বুলি স্থানীয় লোকে মন্তব্য কৰিছে । নৈপৰীয়া লোকসকলে উল্লেখ কৰা অনুসৰি, খহনীয়া ৰোধৰ বাবে শিৱসাগৰ জিলা প্ৰশাসন, জলসম্পদ বিভাগক স্থায়ী ব্যৱস্থা কৰিবলৈ বহুবাৰ দাবী জনাই আহিছে ৷ কিন্তু কোনো ব্যৱস্থাহে গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ।

Brahmaputra River Erosion
গৰাখহনীয়া ৰোধৰ বাবে ব্ৰহ্মপুত্ৰক আগবঢ়ালে ভোগ (ETV Bharat Assam)

একমাত্ৰ যাতায়াতৰ বাবেই শিক্ষা, চিকিৎসা, বাণিজ্য সকলো দিশতে পিছপৰি আছে ৰূপহীমুখবাসী ৷ অঞ্চলটোত গৰাখহনীয়া ৰোধৰ স্থায়ী ব্যৱস্থা কৰিবলৈ প্ৰত্যেকখন চৰকাৰকে আহ্বান জনায় আহিছে যদিও কোনো এখন চৰকাৰেই গুৰুত্বসহকাৰে সমস্যা সমাধানৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে ৷ যাৰ বাবে নেদেখাজনেই হৈ পৰিছে গঞা ৰাইজৰ শেষ ভৰষা ৷

লগতে পঢ়ক : বাৰিষাকালত বুঢ়ালুইতৰ ৰুদ্ৰৰূপ; মাংগলিক কাৰ্যসূচীৰে সন্তুষ্ট কৰাৰ চেষ্টা ভকত-আইমাতৃৰ - EROSION IN SAIKHOWA

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.