চিৰাং,১৪ এপ্ৰিল : চিৰাং ব্লক বিপিএফৰ কাৰ্যালয় কাশিকত্ৰাত বিপিএফৰ সংবাদমেল । চন্দন ব্ৰহ্মই ইউপিপিএল দলত যোগদান সন্দৰ্ভত এই সংবাদমেল । চন্দন ব্ৰহ্ম বিপিএফ দলৰ পৰা ইউপিপিএল দলত যোগদান কৰাটো বিপিএফ দলৰ কাৰণে ভাল হৈছে বুলি মন্তব্য কৰে দলৰ নেতাসকলে ।
বিপিএফ এবছুৰ সংঘাত কেৱল মাত্ৰ চন্দন ব্ৰহ্মই কৰিছিল বুলি উল্লেখ কৰি ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰীৰ ঘৰত আক্ৰমণ কৰা মানুহজনো চন্দন ব্ৰহ্ম বুলি অভিযোগ উত্থাপন কৰে । বিপিএফৰ প্ৰতিটো শাখা সমিতিৰ পৰা ৩ কোটিকৈ দিয়াৰ নামত কমিচন লৈ একো দিয়া নাছিল বাবেই পৰৱৰ্তী সময়ত চন্দন ব্ৰহ্ম পৰাজিত হৈছিল বুলি সংবাদমেলত উল্লেখ কৰে ।
বৰ্তমানৰ চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰীৰ বিৰুদ্ধে সদায় বিৰোধিতামূলক কাৰ্যকলাপ কৰি থকা চন্দন ব্ৰহ্ম কেৱল মাত্ৰ নিজৰ ব্যাক্তিগত স্বাৰ্থৰ বাবে আজি তেওঁৰেই শৰনাপন্ন হ'ল কটাক্ষ কৰে চিৰাং ব্লক বিপিএফৰ সভাপতি শুকুৰ সিং মুচাহাৰীয়ে । লগতে তেওঁ কয় যে হাগ্ৰামা মহিলাৰীয়ে ব্ৰহ্মক বিটিচিৰ ইন্টেৰিম চৰকাৰৰ উপ মুখ্য বনোৱাৰ পিচতে তিনিবাৰকৈ মন্ত্ৰী হোৱাত সহায় কৰিছিল হাগ্ৰামা মহিলাৰীয়ে ।
কিন্তু তাৰ কৃতজ্ঞতা প্ৰকাশ নকৰি আজি বিৰোধিতাহে কৰিলে বুলি ক্ষোভ প্ৰকাশ কৰে চিৰাং ব্লক বিপিএফৰ সভাপতিগৰাকীয়ে । চন্দন ব্ৰহ্ম কেৱল মাত্ৰ নিজৰ মিছলীয়া স্বভাৱৰ বাবে পৰাজিত হ’বলগীয়া হৈছে বুলি কৈ তেওঁ কয় যে ব্ৰহ্মক বিপিএফ দলে তেওঁক বহুত দিছে ।
লগতে তেওঁ কয়, ‘‘দলৰ সংকটৰ সময়ত ব্ৰহ্মই আজি দল এৰি গুচি গ'ল । চন্দন ব্ৰহ্ম আচলতে এজন নীচ মনৰ স্বাৰ্থপৰ লোক । তেওঁৰ জাতীয় চেতনা বা উন্নয়ণ আদিৰ কোনো গুৰুত্ব নাই মাথোঁ ব্যাক্তি স্বাৰ্থহে বুজি পায় ।’’
উল্লেখ্য যে প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মই বিপিএফ দল এৰি ইউপিপিএল দলত যোগদানৰ পিচতে চন্দন ব্ৰহ্মৰ দৰে নেতাই বিপিএফ দল এৰি যোৱাৰ আনন্দত বিপিএফ দলৰ কৰ্মকৰ্তাসকলে নিশা ফটকা ফুটাই আনন্দ কৰাৰ লগতে ভোজভাত খোৱা পৰিলক্ষিত হৈছিল ।
লগতে পঢ়ক: এইবাৰ নিৰ্বাচনত মই জয়ী হোৱাটো নিশ্চিত: মনোৰঞ্জন তালুকদাৰ - Lok Sabha Election 2024