ETV Bharat / state

পঞ্চায়ত সচিব হত্যাকাণ্ড: চন্দ্ৰকান্ত দাসৰ পত্নীৰ নিৰ্দেশতে হৈছিল হত্যাকাণ্ড; হত্যাকাৰীক দিছিল 2 লক্ষাধিক টকা - Panchayat secretary murder case

author img

By ETV Bharat Assamese Team

Published : Jun 30, 2024, 8:01 PM IST

Updated : Jun 30, 2024, 11:01 PM IST

Bongaigaon firing case: বঙাইগাঁও জিলাৰ চিপনশিলাৰ পঞ্চায়ত সচিব হত্যাৰ লগত জড়িত থকাৰ অভিযোগত মুঠ 7 জনক গ্ৰেপ্তাৰ বঙাইগাঁও আৰক্ষীৰ । গ্ৰেপ্তাৰ হৈছে মৃত চন্দ্ৰকান্ত দাসৰ পত্নীও ৷

Bongaigaon firing case
PANCHAYAT SECRETARY MURDER CASE (ETV Bharat Assam)

বঙাইগাঁও, 30 জুন: বঙাইগাঁৱৰ চিপনশিলাত পঞ্চায়ত সচিব চন্দ্ৰকান্ত দাসক গুলীয়াই হত্যা কৰা ঘটনা সন্দৰ্ভত আৰক্ষীয়ে দাসৰ পত্নীকে ধৰি মুঠ 7 জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ বঙাইগাঁও আৰক্ষীয়ে বিভিন্ন প্ৰান্তত অভিযান চলাই আটক কৰে এই অভিযুক্তকেইজনক ।

পঞ্চায়ত সচিব হত্যাকাণ্ড (ETV Bharat Assam)

বঙাইগাঁও আৰক্ষীয়ে মেঘালয়ৰ শ্বিলঙৰ পৰা জতিছ দৈমাৰীক, চিৰাং জিলাৰ ৰুণীখাতাৰ পৰা গ্ৰেপ্তাৰ কৰে নুকুল ইছলাৰিক, গুৱাহাটীৰ পৰা স্বৰ্গ নাৰ্জাৰীক, মনোজ কুমাৰ বসুমতাৰীক, জুনেল দৈমাৰীক ৷ লগতে বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ পৰা গ্ৰেপ্তাৰ কৰিছে গুলীচালনাত মৃত্যু হোৱা চন্দ্ৰকান্ত দাসৰ পত্নী নীলিমা কছাৰী আৰু নীলিমাৰ ভগ্নী বিনিমা কছাৰীক ।

লগতে পঢ়ক: পঞ্চায়ত সচিবক শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা - Panchayat secretary killed

পঞ্চায়ত সচিব চন্দ্ৰকান্ত দাসক হত্যা কৰা সন্দৰ্ভত মুঠ 7 জনক গ্ৰপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী । দেওবাৰে নিশা বঙাইগাঁও সদৰ থানাত জিলা আৰক্ষী অধীক্ষক মোহন লাল মীনাই সংবাদমেলত এই কথা সদৰী কৰে । আৰক্ষী অধীক্ষকগৰাকীয়ে জনায় যে বঙাইগাঁও আৰক্ষীয়ে বিভিন্ন প্ৰান্তত অভিযান চলাই আটক কৰে এই অভিযুক্ত কেইজনক । নাগালেণ্ডৰ পৰা হত্যাত ব্যৱহৃত বন্দুকটো ক্ৰয় কৰা হৈছিল ।

আৰক্ষী অধীক্ষকৰ ভাষ্য মতে, চন্দ্ৰকান্ত দাসৰ পত্নী নীলিমা কছাৰী আৰু তেওঁৰ ভগ্নী বিনিমা কছাৰীয়ে মিলি সমগ্ৰ ঘটনাৰ পৰিকল্পনা যোৱা মে’ মাহৰ পৰা কৰিছিল আৰু ধৃত 7 জন যুৱকৰ সৈতে মিলি এই হত্যাকাণ্ড সংঘটিত কৰিছিল । আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়া মতে এই যুৱক কেইজন আছিল প্ৰাক্তন NDFB কেডাৰ । নীলিমা আৰু বিনিমাই মিলি 2 লক্ষাধিক টকা দিছিল এই যুৱক কেইজনক । তাৰ পিচতেই এই ঘটনা সংঘটিত হয় যোৱা 26 জুন তাৰিখে ।

লগতে পঢ়ক: চিপনশিলাৰ পঞ্চায়ত সচিব হত্যাৰ গোচৰত প্ৰাক্তন পঞ্চায়ত সভানেত্ৰীৰ স্বামীক গ্ৰেপ্তাৰ - Panchayat secretary killed

বঙাইগাঁও আৰক্ষীয়ে ইতিমধ্যে এই গুলী চালনাত ব্যৱহাৰ কৰা ৰিভলভাৰৰ লগতে সজীব গুলীও জব্দ কৰে ৷ তাৰোপৰি দুৰ্বৃত্তই এই ঘটনাত ব্যৱহাৰ কৰা পালছাৰ মটৰচাইকেল আৰু চাৰিচকীয়া বাহনো জব্দ কৰিবলৈ সক্ষম হয় বঙাইগাঁও আৰক্ষীয়ে ।

Last Updated : Jun 30, 2024, 11:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.