ETV Bharat / state

ই ডিয়ে গুৱাহাটীলৈ মাতি আনি জেৰা চলালে বলিউড অভিনেত্ৰী তামান্না ভাটিয়াক

বলীউডৰ অভিনেত্ৰী তামান্না ভাটিয়াক গুৱাহাটীত প্ৰায় 8 ঘণ্টাজুৰি ই ডিৰ জেৰা ৷ মহাদেৱ বেটিং এপৰ প্ৰমোচন সন্দৰ্ভত তামান্নাক গুৱাহাটীৰ কাৰ্যালয়লৈ চমন দিয়া হৈছিল ৷

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Updated : 4 minutes ago

ETV Bharat Assam
অভিনেত্ৰী তামান্না ভাটিয়াক ই ডিৰ জেৰা (ETV Bharat Assam)

গুৱাহাটী, ১৭ অক্টোবৰ : বলিউডৰ অভিনেত্ৰী তামান্না ভাটিয়াক ই ডিৰ জেৰা ৷ অসমৰ গুৱাহাটীত ই ডিৰ কাৰ্যালয়ত হাজিৰ হৈছে অভিনেত্ৰীগৰাকী ৷ প্ৰায় ৫ ঘণ্টা ধৰি গুৱাহাটীৰ খ্ৰীষ্টানবস্তিস্থিত ই ডিৰ কাৰ্যালয়ত আছে তামান্না । বৃহস্পতিবাৰে দিনৰ প্ৰায় ১:২৫বজাত গুৱাহাটীৰ ই ডিৰ কাৰ্যালয়ত আহি উপস্থিত হয় অভিনেত্ৰীগৰাকী । তেতিয়াৰে পৰা নিশা 9 বজালৈকে ই ডিয়ে তেওঁক ধাৰাবাহিক জেৰা চলায় ৷ ই ডিৰ কাৰ্যালয়ৰ পৰা ওলোৱাৰ পিছত পিতৃ-মাতৃসহ অভিনেত্ৰীগৰাকী ৰাওনা হয় হোটেল ৰেডিছন ব্লুলৈ ৷

অভিনেত্ৰীগৰাকীৰ লগত আহিছে তেওঁৰ পিতৃ-মাতৃ ৷ তামান্না ভাটিয়াৰ মাতৃক গুৱাহাটীৰ ই ডিৰ কাৰ্যালয়ৰ চৌহদত এখন বাহনত বহি থকা দেখা যায় দীৰ্ঘসময় ধৰি ৷ তামান্নাৰ সৈতে তেওঁৰ পিতৃও ই ডিৰ কাৰ্যালয়ৰ ভিতৰলৈ যায় ।

গুৱাহাটী বিমান বন্দৰৰ পৰা AS12 BC6327 নম্বৰৰ এখন বাণিজ্যিক বাহনত ই ডিৰ কাৰ্যালয়লৈ আহে পিতৃ-মাতৃসহ অভিনেত্ৰীগৰাকী ৷ কন্যাৰ জেৰা চলি থকা সমস্ত সময়ছোৱা এইখন বাহনতেই বহি থকা দেখা যায় তামান্নাৰ মাতৃক ।

ACTRESS TAMANNA BHATIA
ই ডিৰ কাৰ্যালয়ৰ বাহিৰত এইখন গাড়ীৰ ভিতৰতে বহি কন্যা ওলাই অহালৈ অপেক্ষা তামান্নাৰ মাতৃৰ (ETV Bharat Assam)

উল্লেখ্য যে এটা অবৈধ ক্ৰিকেটৰ অনলাইন বিজ্ঞাপনৰ হৈ প্ৰচাৰ চলোৱাৰ অভিযোগত অভিযুক্ত অভিনেত্ৰীগৰাকী ৷ পূৰ্বেও কেইবাবাৰো মহাৰাষ্ট্ৰ ই ডিয়ে চমন দিছিল তামান্নাক । কিন্তু ই ডিয়ে গুৱাহাটীলে তেওঁক কিয় মাতিলে সেয়া ই ডিৰ তৰফৰ পৰা স্পষ্ট নকৰিলেও সন্দেহ কৰা হৈছে যে মহাৰাষ্ট্ৰৰ গোচৰৰ সংক্ৰান্ততে তেওঁক গুৱাহাটীত সোধা-পোছা কৰিছে ই ডিয়ে ৷

ACTRESS TAMANNA BHATIA
গুৱাহাটীস্থ ই ডিৰ কাৰ্যালয় (ETV Bharat Assam)

ই ডিৰ গুৱাহাটীৰ কাৰ্যালয়লৈ অনলাইন গেমিং সন্দৰ্ভতে চমন লাভ কৰি তামান্না আহি উপস্থিত হৈছে ৷ মহাদেৱ বেটিং এপৰ প্ৰমোচন সন্দৰ্ভত তামান্নাক গুৱাহাটীৰ কাৰ্যালয়লৈ চমন দিয়া হৈছে বুলি সন্দেহ কৰা হৈছে যদিও ই ডিয়ে এই পৰ্যন্ত একো কথাই সদৰী কৰা নাই ৷

উল্লেখ্য যে নিষিদ্ধ বেটিং এপটোৰ প্ৰমোচনৰ নামত তামান্নাই বৃহৎ পৰিমানৰ ধন লৈছিল বুলি অভিযোগ উঠিছিল ৷ ইতিমধ্যে মহাদেৱ বেটিং এপ গোচৰত মহাৰাষ্ট্ৰ আৰক্ষীৰ চমন লাভ কৰা তামান্নাৰ গুৱাহাটী লিংক কি সেয়া ৰহস্যৰ আৱৰ্ত ।

লগতে পঢ়ক: Mahadev Betting App Case: ৰণবীৰ কাপুৰৰ পিচত এইবাৰ ইডিৰ চমন হুমা কুৰেশ্বী, কপিল শৰ্মাকে ধৰি বহু তাৰকালৈ

Last Updated : 4 minutes ago
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.